পানী ঃএক অমূল্য সম্পদ 

অনুশীলনী

১। উক্তিটো যদি সঁচা হয় ( স ) আৰু মিছা হয় ( মি ) ৰে চিহ্নিত কৰা । 

( ক ) পৃথিৱীৰ নদী আৰু হ্রদত থকাতকৈ ভূ - গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি ।

উত্তৰঃ- স ।

( খ ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে । 

উত্তৰঃ- মি।

( গ ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী 

উত্তৰঃ- মি

( ঘ ) বৰষুণ হ’ল পানীৰ প্রধান উৎস ।

উত্তৰঃ- স ।

২। ভূ - গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা ।

উত্তৰঃ- মাটিৰ তলৰ পৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমাই । ঠিক তেনেদৰে  নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পানীৰে পূৰাই।

৩। পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে । ভূ - গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীর্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে ?

উত্তৰঃ- পানীৰ ব্য়ৱহাৰ বেছি হ'লে পানীৰ পৰিমাণ দিনক দিনে কমি হ্ৰাস পাব । পানীৰ অভাৱত মানুহৰ মাজত ব্য়াঘাত জন্মিব। ইয়াৰ ফলত ভূ-গৰ্ভৰ জলপৃষ্ঠৰ পানী বহুত গভীৰতালৈ গৈ অঞ্চলটোৰ পানীৰ অভাৱ দেখা দিব।

 ৪। তোমাক এখন বাগিচা পৰিচালনাৰ কৰিবলৈ কোৱা হ’ল । তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ? 

উত্তৰঃ- ঘৰৰ শাক-পাচলি বা অন্য় বস্তু ধুৱাৰ পিছত পানীখিনি পেলায় দিয়াতকৈ ফুলৰ গুৰিত বা টাৱত থকা ফুলৰ পুলিত দিব পাৰি। তেনেকুৱা কৰিও  পানী ব্য়ৱহাৰ কমাব পাৰি।

৫। ভূ - গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ- জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ'ব পাৰে যেনে- জনসংখ্য়াৰ বৃদ্ধি, ঔদ্য়োগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ'ল ভূ-গৰ্ভ জলপৃষ্ঠত প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ'লেও ভূ-গৰ্ভ জলপৃষ্ঠ অৱক্ষয় হ'ব পাৰে। অন্য় এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূ-গৰ্ভ জলপৃষ্ঠৰ অৱনমন হ'ব পাৰে, সেইটো হ'ল নিৰ্বনানীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ।

৬। উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা : 

(ক)  দমকল আৰু হস্তচালিত দ্বাৰা মানুহে ভূ-গৰ্ভৰ পানী পায়।

(খ) পানীৰ তিনিটা ৰূপ হ’ল গোটা, জুলীয়া  আৰু   গেছীয়।  

( গ ) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল জলপৃক্তা

( ঘ ) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃপৰিস্ৰাৱণ বোলা হয়।

৭। তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?

(ক) উদ্যোগৰ দ্রুত বৃদ্ধি ।

(খ) জনসংখ্যা বৃদ্ধি ।

(গ) প্ৰচুৰ বৰষুণ ।

(ঘ) জল সম্পদৰ সু - ব্যৱস্থাপনাৰ অভাৱ ।

উত্তৰঃ প্ৰচুৰ বৰষুণ।

৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

মুঠ পানীৰ পৰিমাণ একে থাকে -

(ক) পৃথিৱীৰ হ্ৰদ আৰু নদী সমূহত ।

(খ) ভূ - গৰ্ভত । 

(গ) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত । 

(ঘ) গোটেই পৃথিৱীৰ ।

উত্তৰঃ পৃথিৱীৰ হ্ৰদ আৰু নদী সমূহত।


  Type by Arup Koch

  Last Update by Dipawali Bora (02.05.2022) 

Spelling Check By - Rajashri Bora 



-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------