Chapter 8

ঋতু 

ঋতু আহে ঋতু যায়


ক) শীতকালত তুমি কি কি কাপোৰ পিন্ধা?
উত্তৰ: মাফলা, মোজা, টুপী, জেকেট, হাত মোজা, কম্বল, চাদৰ আদিকে পিন্ধো।

খ) জাৰ লাগিলে তুমি কি কৰা?
উত্তৰ: জাৰ লাগিলে গৰম কাপোৰ পিন্ধো আৰু জুই পুৰাও।

গ) শীতকালত তুমি কি কৰা?
উত্তৰ: শীতকালত বেছি ঠাণ্ডা হয়, সেয়ে গৰম কাপোৰ পিন্ধো, জুই পুৰাও আৰু কম্বল জাপি থাকো।

ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখোঁ আহা:
উত্তৰ:
মোজা
কম্বল
জেকেট
মাফলাৰ
হাত-মোজা
টুপী

ছবিৰ সৈতে লগ থকা ঋতুৰ নাম লিখোঁ আহা:
প্ৰথম ছবি — শীতকাল
দ্বিতীয় ছবি — গ্ৰীষ্মকাল
তৃতীয় ছবি — গ্ৰীষ্মকাল
চতুৰ্থ ছবি — শীতকাল

পাঠঃ ১ – ঋতু আহে ঋতু যায়
বাৰ মাহৰ নামবোৰ ঠিক মতে শাৰী বদ্ধকৈ লিখা:
১. ব’হাগ
২. জেঠ
৩. আহাৰ
৪. শাওন
৫. ভাদ
৬. আহিন
৭. কাতি
৮. আঘোন
৯. পুহ
১০. মাঘ
১১. ফাগুন
১২. চ’ত

‘চ্ছ’ যুক্ত শব্দৰ তলত আঁচ টানো আহা:
তুচ্ছ
ইচ্ছা
উচ্ছেদ
বিচ্ছেদ
আঁচ টানিবলৈ শব্দ:
তুচ্ছ, সদিচ্ছা, নিৰৱচ্ছিন্ন, আচ্ছাদন, অবিচ্ছেদ্য, পৰিচ্ছন্ন

শুভেচ্ছাপত্ৰ:
মৰমৰ অনিল,
আশা কৰোঁ, ভালে আছা।
তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ।
মৰমেৰে,
ইতি – তোমাৰ বন্ধু

ওলট-পালটকৈ থকা আখৰবোৰ মিলাই অর্থপূর্ণ শব্দ:
চ্ছাই – ইচ্ছা
দচ্ছেবি – বিচ্ছেদ
দিচ্ছাস – সদিচ্ছা
ভেশুচ্ছা – শুভেচ্ছা
চ্ছেউদ – উচ্ছেদ

কণল'ৰা আৰু হাতী

  ক) কণল'ৰা কিয় হাবিলৈ গৈছিল?

উত্তৰ: কণল'ৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল।

খ) হাতীটো আহি থকা দেখি কণল'ৰাই কি কৰিছিল?
উত্তৰ: হাতীটো আহি থকা দেখি কণল'ৰাই ভয়তে খৰিমুঠা পেলাই দৌৰি পালালে।

গ) কণল'ৰাই হাতীটোৰ ভৰিৰ পৰা কি উলিয়াই আনিছিল?
উত্তৰ: কণল'ৰাই হাতীটোৰ ভৰিৰ পৰা কেঁটেলা পহুৰ কাঁইটডাল উলিয়াই আনিছিল।

ঘ) কণল'ৰাৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন?
উত্তৰ: কণল'ৰাৰ ঠাইত মই হোৱা হ’লে সাহসেৰে হাতীটোৰ সহায় কৰিলোঁহেঁতেন আৰু তাৰ ভৰিৰ কাঁইট উলিয়াই দিম।

লিখোঁ আহা—
ক) খৰিমুঠা পেলাই কণল'ৰা কিয় দৌৰিছিল?
উত্তৰ: হাতীটো দেখি ভয়তে কণল'ৰাই খৰিমুঠা পেলাই দৌৰিছিল।

খ) ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে কি কৰিলে?
উত্তৰ: ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে আনন্দতে কণল'ৰাক পিঠিত তুলি ল’লে।

নিজৰ ধৰণে কোৱা আৰু লিখা—

কৰৱীহঁতৰ বিদ্যালয়ত আজিৰ পৰা ছমাহীয়া পৰীক্ষা আৰম্ভ হৈছে। মাণিক বৰুৱা ছাৰে শ্ৰেণীকোঠাত প্রশ্নকাকত বিতৰণ কৰিলে। কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিলে। এতিয়া বাৰু তাই কি কৰিব?

উত্তৰ:কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিছিল। তাই অলপ ভয় পালে কিন্তু তাৰ পাছতে সহপাঠীৰ ওচৰ গৈ তেখেতৰ পৰা এটা পেঞ্চিল ধাৰ ল’লে। সহপাঠীজনে সহায় কৰিলে। তাৰ পিছত কৰৱীয়ে মনোযোগেৰে উত্তৰ লিখিলে আৰু পৰীক্ষাত অংশ গ্ৰহণ কৰিলে।          


 বৰষুণৰ বতৰ

উত্তৰ লিখোঁ আহা—

ক) পাতলেঙে কিহেবে পেঁপা সাজিছিল?
উত্তৰ: পাতলেঙে গছৰ পাতেৰে পেঁপা সাজিছিল।

খ) পেঁপাৰ মাত শুনি কোনে কোনে কঁকাল ভাঙি নাচিছিল?
উত্তৰ: পেঁপাৰ মাত শুনি কারৈ, পুঠি, খলিহনা মাছবোৰে কঁকাল ভাঙি নাচিছিল।

গ) মাছবোৰৰ আনন্দ দেখি কোন সিহঁতৰ ওচৰ চাপি আহিছিল?
উত্তৰ: মাছবোৰৰ আনন্দ দেখি জিঞাবোৰ সিহঁতৰ ওচৰ চাপি আহিছিল।

ঘ) ভেকুলীয়ে কিয় আনন্দত টোৰ্টোৰাইছিল?
উত্তৰ: ভেকুলীয়ে ন-পানী পাই আনন্দত টোৰ্টোৰাইছিল।

ঙ) জিঞাবোৰে কিয় দুখ প্ৰকাশ কৰিছিল?
উত্তৰ: জিঞাবোৰে পানীত সাঁতুৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰিছিল।

জানো আহা (অর্থ):

আলসুৱা: সহজে ভগা
উলাহ: আনন্দ
লাহী: ধীৰে ধীৰে
আনন্দ: খুশি
সখী: বন্ধু/বান্ধবী
ঠুনুকা: সহজে ভগা

লাগে ভাগে গাওঁ আহা—

আমাৰ চাৰি-দিশ
পুৱাতেই শুই উঠি বেলিটিলৈ চাই।
দুই হাত মেলি দিলে চাৰিদিশ পায়।।
বেলি উঠে পূব দিশে পিঠিলৈ পশ্চিম।
বাঁওহাতে উত্তৰ দিশ সোঁহাতে দক্ষিণ।।

ওলট-পালটকৈ থকা আখৰবোৰৰ শুদ্ধ শব্দ:
মশ্চিপ → পশ্চিম
ত্যশ্চাপা → পাছতকৈ
শুনিয় → শুনি
র্যশ্চআ → আশ্চৰ্য
তশ্চিনি → নিশ্চিত

শেৱালি ফুলৰ মালা – উত্তৰ লিখোঁ আহা—

১) পাহিয়ে কিহৰ সুবাস পাইছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ সুবাস পাইছিল।

২) পাহিয়ে কিয় শেৱালি ফুল ছিঙিব বিচাৰিছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ মালা গাঁথিবলৈ ফুল ছিঙিব বিচাৰিছিল।

৩) পেহীয়েকে পাহিক ফুলবোৰ ছিঙিবলৈ কিয় মানা কৰিছিল?
উত্তৰ: পেহীয়েকে পাহিক ক'লে যে পুৱা ফুলবোৰ নিজেই পৰি পৰে, সেয়ে ছিঙিব নালাগে বুলি।

গীতটো:
‘নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব...’

নতুন বাক্য—

১) আমাৰ ঘৰৰ পদূলিত এজোপা বকুল ফুলৰ গছ আছে।
নতুন বাক্য: মোৰ মাকজনে বকুল ফুলেৰে মালা গাঁথে।

২) তোমালোকৰ বিদ্যালয়ত কি কি গছ আছে লিখা।
উত্তৰ: আমাৰ বিদ্যালয়ত আম, লিচু, নিম আৰু শাল গছ আছে।

শিয়াল আৰু ছাঁ – উত্তৰ লিখোঁ আহা—

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা—

ক) ৰাধিকাহঁতৰ বাৰীখনত শীতকালত কোনবিধ ফল লমালমে লাগে?
কমলা – √

খ) ৰাজুৱে পকা কঁঠাল খাবলৈ কাক মাতিছিল?
দীপুক – √


Old 
----------------------------------------------------------------


পাঠ- ৮

বোন্দাৰ বিলৈ

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

১) কওঁ আহা

一 নিশা কান্ধত জোলোঙা লৈ কোন ওলাল? 

উত্তৰঃ নিশা কান্ধত জোলোঙা লৈ নিগনি ওলাল।

一 নিগনিয়ে কি পোৱাৰ আশাত ওলাইছিল?

উত্তৰঃ নিগনিয়ে ভঁৰালৰ পৰা কিজানি এমুঠি খুদ-কণ গোটাব পাৰি বুলি আশাত ওলাইছিল।

一 ডুলিৰ আৰত কোন লুকাই আছিল?

উত্তৰঃ ডুলিৰ আৰত বোন্দা লুকাই আছিল।

一 বোন্দাই থাপ মাৰোঁতে নিগনিয়ে কেনেকৈ দৌৰিছিল?

উত্তৰঃবোন্দাই থাপ মাৰোঁতে নিগনিয়ে তৰা-নৰা ছিঙি লৰ মাৰিছিল।

一 নিগনিটো ধৰিবলৈ গৈ বোন্দা ক'ত পৰিল?

উত্তৰঃ নিগনিটো ধৰিবলৈ গৈ বোন্দা চূণৰ চৰ্ত পৰিল।

২) ভাৱা আৰু কোৱা

一 নিগনিটোৱে কান্ধত লৈ ফুৰা জোলোঙত কি কি ভৰাব পাৰি?

উত্তৰঃ নিগনিটোৱে লৈ ফুৰা জোলোঙাত নিগনিয়ে খাদ্য় আৰু অনেক বস্তু ভৰাব।

一 নিগনিয়ে কি কি কুটে?

উত্তৰঃ নিগনিয়ে কাপোৰ কুটে , কাগজ  কুটে আৰু অনেক বস্তু কুটে

৩) যুক্তাক্ষৰ ভাঙি পঢোঁ আৰু লিখোঁ আহা

কান্ধ    ন্ধ  ন + ধ  নই ধই     ন্ধ

ন্ধ    ন + ধ নই ধই     ন্ধ 一 বান্ধ, ৰান্ধনি

৪) যুক্তাক্ষৰ গঠন কৰো আহা

    ন + ধ  নই    ধই     ন্ধ

৫) সমাৰ্থক শব্দ জানো আহা

জোলোঙা 一 মোনা

বোন্দা  一     ডাঙৰ মতা মেকুৰী

সন্মুখ 一      আগফাল

নিশা 一         ৰাতি

আৰি লোৱা 一 ওলোমাই লোৱা

পিলিঙা 一     পাতল মনৰ

গোটাব 一     জমা কৰিব

৬) সাথঁৰ ভাঙো আহা

আগত বা  পিছত  ৰ  

মাজত থাকে নই দই  ন্দ 

কোৱাচোন কোৱা জোঁটাই

মোৰ নাম কি ভাই

উত্তৰঃ বান্দৰ ।

৭) ছবিবোৰ চাই নাম কোৱা আৰু লিখা।

উত্তৰঃ ১) মন্দিৰ    ২) বান্দৰ    ৩) মহাত্মা গান্ধী    ৪) ফুল    ৫) মোনা    ৬) জাহাজ    ৭) ভেণ্ডি    ৮) বিস্কুট।

৮) যুক্তাক্ষৰটো ভাঙা আৰু শব্দ লিখা.

ন্ধ 一 ন + ধ    নই ধই    ন্ধ 一 কান্ধ, গান্ধী

ন্দ 一 ন + দ     নই  দই   ন্দ 一  আনন্দ, বান্দৰ

৯) পঢ়া, কোৱা আৰু লিখা।

) বাঘ, ছাগলি, হৰিণ, হাঁহ, 

ইহঁতৰ কোনে নাখায় ঘাহ

উত্তৰঃ বাঘ।

খ) বাহত থাকি বতাহত উৰে

খাদ্য় বিচাৰি পানীত ফুৰে।

উত্তৰঃ বগলী।

গ) বেঙে কৰে কালৈ ভয় 

চোবাই নাকায় গিলিহে থয়।

উত্তৰঃ সাপ।

১০) কিহে কেনেকৈ আমাক সহায় কৰে দলত আলোচনা কৰি কোৱা আৰু লিখা

  হাতী 一 হাতী মানুহক পিঠিত লৈ যায়। তাৰে পৰি পিঠিত গধুৰ মাল বস্তু নিয়ে ।হাতীৰ দাঁতেৰে অলংকাৰ বনোৱা হয়। ইয়াৰ হাড়ৰ দ্বাৰা বিভিন্ন বস্তু  বনোৱা হয়। ইয়াৰ ছালেৰে বেগ, মোনা, বেল্ট, পেটী  আদি তৈয়াৰ কৰা হয়। 

ঘোঁৰা一   ঘোঁৰা বৰ উপকাৰী জন্তু। আগৰ যুগত ঘোঁৰাৰ দ্বাৰা বোজা  কঢ়িওৱা হৈছিল আৰু মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘোঁৰাৰে ভ্ৰমণ কৰিছিল। ঘোঁৰা যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল। ৰাছিয়া আৰু ইংলেণ্ডৰ মানুহে ঘোঁৰাৰে  হাল বায়। 

কুকুৰ一 কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ,  বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত কুকুৰৰ এনে প্ৰভাৱৰ বাবেই, ইহঁতক "প্ৰভুভক্ত" বুলি কোৱা হয়। 

গৰু一 গৰুৱে আমাৰ বৰ উপকাৰ সাধন কৰে। মতা গৰুৱে হাল বায়, গাড়ী টানে। মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। গৰুৰ গাখীৰ পুষ্টিকৰ আৰু কেঁচুৱাৰ কাৰণে আদৰ্শ খাদ্য। গৰু গোবৰ গছৰ পুলি, ফুলৰ পুলি আদি কাৰণে ভাল ইয়াত বহুত পোষক দ্ৰব্য় থাকে।

ছাগলী一 শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰয়োজনীয় কোষ, এণ্টিব'ডী, বিভিন্ন ৰসায়ন, কাৰক আদিৰ উৎপত্তি তথা বৰ্দ্ধনত ছাগলীৰ গাখীৰৰ বিশেষ ভূমিকা আছে। ছাগলীৰ গাখীৰত থকা উচ্চ পৰিমাণৰ ছেলেনিয়ামেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়।

১১ তলত আচ তনা আখৰেৰে যুক্তাক্ষৰ গঠন কৰি শব্দ লিখা।

উদাহৰণ一 অ  ন + ত  一  ন্ত   অন্ত,    শান্ত      দু্দান্ত     অনন্ত

আন  ন + দ  一 ন্দ    আনন্দ    বিন্দু    চন্দ    বন্দৰ

বিপ  ন + ন 一  ন্ন     অন্ন       বিঘিন্ন     উন্নতি     পচপন্ন

জ  ন + ম    一  ন্ম    জন্ম       চিন্ময়       সন্মান     সন্মতি

ব  ন  + ধ     一 ন্ধ     কান্ধ       বন্ধ          বন্ধু           বান্ধৱী

১২) চাই চাই লিখোঁ আহা

উত্তৰঃ এইখিনি হাতৰ আখৰ তোমালোকে নিজৰ কিতাপৰ পৰা চাই লিখিবা।


 

Post ID: DABP001826