অধ্য়ায়ঃ১
গছ-গছনিৰ কথা
👉Text Book PDF
👉MCQ Online Exam
👉Click Here YouTube Video
👉MCQ Answer
অনুশীলনীঃ
১। উত্তৰ লিখা 一
(ক) উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা।
উত্তৰঃ- উদ্ভিদ এজোপাৰ অংশসূহ নাম হ'ল- গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল।
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ- শিপাক পাচলিৰ হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল- গাজৰ, মূলা, বীট।
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া
হোৱাৰ কাৰণ কি?
উত্তৰঃ- উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল- পাতত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে।
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা
দুবিধ ফুলৰনাম লিখা।
উত্তৰঃ- বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম হ'ল- গোলাপ, নয়নতৰা, জবা।
(ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা।
উত্তৰঃ- গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল- লিচু, জামু, আম।
(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম
লিখা।
উত্তৰঃ- চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল- কঁঠাল, লেটেকু, ডালিম, কমলা।
২। খালী ঠাই পূৰ কৰা –
(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ
__________ গেছ ব্যৱহাৰ কৰে।
উত্তৰঃ- অক্সিজেন।
(খ) লিচু, জলফাই আদিৰ ________ গুটি থাকে।
উত্তৰঃ- এটা।
(গ) উদ্ভিদে বায়ুমণ্ডলত _____ গেছ আৰু কাৰ্বন-ডাই-অস্কাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰঃ- অক্সিজেন।
(ঘ) ফুলৰ পৰাই ________উৎপন্ন
হয়।
উত্তৰঃ- ফল।
(ঙ) ফুলৰ ৰং আৰু ________ কীট-পতংগক আকৰ্ষণ কৰে।
উত্তৰঃ- গোন্ধে।
৩। শুদ্ধ উত্তৰটোত ‘ চিন দিয়া 一
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে
বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড/অক্সিজেন গেছ আহৰণ কৰে ।
উত্তৰঃ- উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছ আহৰণ কৰে।
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ ৰাতি ফুলে।
উত্তৰঃ- শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে।
(গ) কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু/
শীত ঋতুত হোৱা ফল।
উত্তৰঃ- কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল।
(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ
সৰু/ডাঙৰ।
উত্তৰঃ- মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ।
৪। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি
আঁকি ৰং কৰা।
উত্তৰঃ-
Question Type By- Dikshita Konwar
Author By- Bikash Bora
Edit By ― Mampi Kakati
Post ID: DABP002048