অধ্যায়ঃ ২
ভিন ভিন প্ৰাণী
👉Text Book PDF
👉MCQ Online Exam
👉Click Here YouTube Video
👉MCQ Answer
অনুশীলনী-
উত্তৰ
লিখা –
(ক) মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে ?
উত্তৰঃ মানুহক সৰ্বভোজী প্ৰাণী বোলা কাৰণ- মানুহে খাদ্য়ৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে।
(খ)
মাংসভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যি বোৰ প্ৰাণীয়ে মাংস খায় জীয়াই থাকে তেনে প্ৰাণীবোৰকে মাংসভোজী প্ৰাণী বোলে। যেনে- বাঘ, সিংহ আদি।
(গ)
তৃণভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খায় জীয়াই থাকে, তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে। যেনে- গৰু, ছাগলী আদি।
(ঘ) প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন ?
উত্তৰঃ ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন।
(ঙ)
ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায় ?
উত্তৰঃ ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক-পৰুৱা ধৰি খায় কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থকা।
(চ)
প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন?
উত্তৰঃ প্ৰাণীৰ দেহ গঠন হ'বলৈ আহাৰৰ প্ৰয়োজন লগতে প্ৰাণী জীয়াই থাকিবলৈ আৰু শক্তি পাবলৈ আহাৰৰ প্ৰয়োজন।
(ছ)
টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে ?
উত্তৰঃ টোকোৰা চৰায়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছৰ আদিৰ পাতৰ আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো গুঠি লয়।
(জ)মাছে
কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ?
উত্তৰঃ কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। শিঙি, মাগুৰ, কুচিয়া, চেঙেলি আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলঘৰীয়া মাছে শিলৰ ফাঁকত আশ্ৰয় লয়।
(ঝ)
পৰিভ্ৰমী চৰাই বোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে ?
উত্তৰঃ পৰিভ্ৰমী চৰাই বোৰ দেশ-বিদেশ ঘূৰি ফুৰে কাৰণ- ইহঁতে খাদ্য়ৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোজ সহ্য় নোৱাৰি দেশ-বিদেশে ঘূৰি ফুৰে।
২। শুদ্ধ
উত্তৰটো বাটি উলিওৱা
(ক) টুনী
/কুলি / বুলবুলিচৰায়ে বাহ নাসাজেখ।
উত্তৰঃ কুলি চৰায়ে বা নাসাজে।
(খ) ধৃতৰাজ / বুলবুলি / ময়ূৰ এবিধ
পৰিভ্ৰমী চৰাই ।
উত্তৰঃ ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই।
৩। খালী
ঠাই পূৰ কৰা –
(ক)
দেশ-বিদেশৰপৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক _____ বোলে ।
উত্তৰঃ পৰ্যটক।
(খ) হাঁহৰ ঠোঁট _____ আৰু _________।
উত্তৰঃ বহল,চেপেটা।
(গ) বাহ
সজাত পাৰ্গত বাবে টোকাৰা চৰাইক _______ বুলিও কয় ।
উত্তৰঃ শিপিনী চৰাই।
৪। ‘ক, অংশৰ লগত ‘খ, অংশ মিলোৱা –
কণামুচৰিয়ে
শামুক খায় ।
চিলনীয়ে ফলমূল খায় ।
হাঁহে মাছ খায় ।
ভাটৌৱে মাংস খায়।
উত্তৰঃ
'ক' 'খ'
কণামুচৰিয়ে মাছ খায়।
চিলনীয়ে মাংস খায়।
হাঁহে শামুক খায়।
ভাটৌৱে ফলমূল খায়।