অধ্য়ায় ১০

আমাৰ ৰাজ্য়খন

    👉Text Book PDF 
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী


১। পাঠ্য়পুঠিত সন্নিবিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা

উত্তৰঃ নিজে কৰিবা।


২।মানচিত্ৰ এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ লিখা।

উত্তৰঃ মানচিত্ৰ এখনৰ সহায়ত আমি এখন ঠাইৰ বিভিন্ন তথ্য় পাব পাৰো। সাধাৰণতে কোনো এখন ঠাই, দেশ আৰু ৰাজ্য়ৰ সীমাৰ লগতে সাগৰ-মহাসাগৰ, নৈ-উপনৈ, চহৰ-নগৰ, ৰাস্তা-ঘাট আদি মানচিত্ৰ এখনৰ সহায়ত জানিব পাৰো।


৩। অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ তিনিটা সেই কেইটা হ'ল-

            ক) ব্ৰহ্মপুত্ৰ উপত্য়াকা।

            খ) কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল।

            গ) বৰাক উপত্য়াকা।


৪। পাৰ্থক্য় লিখা

(ক) নৈ আৰু উপনৈ

উত্তৰঃ কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে।

                আনহাতে কোনো পৰ্বত, পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানী ভাগক উপনৈ বোলে।


(খ) পৰ্বত আৰু পাহাৰ

উত্তৰঃ পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলা হয়। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয়গৰীয়া হয়।

            আনহাতে বহু দূৰ জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ।


(গ) মালভূমি আৰু সমভূমি।

উত্তৰঃ বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে।

  আনহাতে পৰ্বত-পাহাৰ নথকা আহল-বহল ভূমি বা অঞ্চলক সমভূমি বোলে।


৫) শুদ্ধ উত্তৰটোত ✔চিন দিয়া।

(ক) অসমক প্ৰধানকৈ দুটা/ তিনিটা/ চাৰিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়।

উত্তৰঃ তিনিটা।


(খ) অসমৰ চাৰিসীমাত দুখন/ তিনিখন/চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে।

উত্তৰঃ চাৰিখন।

(গ) মানাহ/সোৱণশিৰি/ ধলেশ্বৰী হ'ল বৰাক নৈৰ উপনৈ।

উত্তৰঃ ধলেশ্বৰী।

৬। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-










উত্তৰঃ ক' অংশৰ লগত 'খ' অংশ মিলোৱা তোমালোকে নিজে কৰিবা।                                 









 

Edit By Dikha Rani Bora 

Post ID:DABP002152