অধ্য়ায়-৯

আমাৰ ৰাষ্ট্ৰীয় পতাকা

    👉Text Book PDF 
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী

১) উত্তৰ লিখা-

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়।

(খ) ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্য়ৱহাৰ কৰোঁ?

উত্তৰঃ চৰকাৰী কাগজ-পত্ৰ,ডাক টিকট পোষ্টকাৰ্ড আদিত ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ব্য়ৱহাৰ কৰো।

(গ) ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে?

উত্তৰঃ ভাৰতে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰে।

(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ব্য়ৱহাৰ তিনিটা  নিয়ম লিখা?

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ব্য়ৱহাৰ হ'ল-

১) সূৰ্য উদয় হোৱাৰ পাছত পতাকা খন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে।

২) ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰঙটো সদায় ওপৰত থাকিব লাগে।

৩) ৰাষ্ট্ৰীয় পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে-তেনে ওলোমাই থ'ব নালাগে।

(ঙ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম।

উত্তৰঃ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱস হ'ল- স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।

২। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? 'ক'  অংশৰ লগত 'খ' অংশ লগত মিলোৱা-

সেউজীয়া                        শক্তি আৰু সাহসৰ প্ৰতীক।

বগা                                উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।

গেৰুৱা                            আকাশ আৰু সমুদ্ৰক বুজায়।

গাঢ়নীলা                          সত্য় আৰু শান্তিৰ প্ৰতীক।

উত্তৰঃ 

সেউজীয়া                         উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।

বগা                                 সত্য় আৰু শান্তিৰ প্ৰতীক।

গেৰুৱা                             শক্তি আৰু সাহসৰ প্ৰতীক।

গাঢ়নীলা                       আকাশ আৰু সমুদ্ৰক বুজায়।

৩) খালী ঠাই পূৰ কৰা-

(ক) মহাত্মা গান্ধীৰ জন্মদিনটো                     হিচাপে পালন কৰা হয়। 

উত্তৰঃ গান্ধী জয়ন্তী।

(খ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত                              বুলি পৰিচিত।

উত্তৰঃ নেহৰু খুড়া।

(গ) ২৬ জানুৱাৰীত                         পালন কৰা হয়।

উত্তৰঃ গণতন্ত্ৰ দিৱস।

(ঘ)                                       জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ 

(ঙ) আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল                        ।

উত্তৰঃ অশোক স্তম্ভ।

৪) তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা-


উত্তৰঃ 




 

Edit By Dikha Rani Bora

Post ID:DABP002151