অধ্য়ায়-১১

অসমৰ প্ৰাকৃতিক সম্পদ 

    👉Text Book PDF
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী

১। উত্তৰ লিখা

(ক) প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু, পানী, খনিজ পদাৰ্থ, অৰণ্য় আৰু বন্য়প্ৰাণীৰে ভৰা। এইবোৰৰ প্ৰত্য়েকেই একো একোটা সম্পদ। এইবোৰ আমাৰ বিভিন্ন কামত প্ৰয়োজন হয়। প্ৰকৃতিৰপৰা পোৱা বাবে এইবোৰক প্ৰাকৃতিক সম্পদ বোলে। 


(খ) খনিজ সম্পদ কাক বোলে?

উত্তৰঃ ভূ-গৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূ-গৰ্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ। 

                                                                     

(গ) অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি ?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল- খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। 


(ঘ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’বুলি কোৱা হয়?

উত্তৰঃ খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য়। সেয়েহে অসমক 'পনীয়া সোণৰ ৰাজ্য়' বুলি কোৱা হয়। 


(ঙ) জলজ সম্পদ কি?

উত্তৰঃ নদ-নদী, খাল-বিল, পুখুৰী, আদিৰ পানী আমি বিভিন্ন কামত ব্য়ৱহাৰ কৰোঁ। পানীত বিভিন্ন প্ৰাণী, যেনে- মাছ, কাছ, ঘঁৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ। 


(চ) অসমৰ তিনিবিধ কৃষিজাত সম্পদ নাম লিখা।

উত্তৰঃ অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ'ল- ধান, মাহ আৰু সৰিয়হ। 

 

(ছ) তিনিবিধ বনজ সম্পদ নাম লিখা।

উত্তৰঃ তিনিবিধ বনজ সম্পদৰ নাম হ'ল- গছ-গছনি, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি। 

 

২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে ?

উত্তৰঃ সকলো প্ৰাকৃতিক সম্পদসমূহ অতি মূল্যৱান। সেয়ে আমি এই মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ সদব্যৱহাৰ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়। 


৩। শুদ্ধ উত্তৰটোত‘✔’চিন দিয়া

(ক) আল্‌কতৰা কয়লাখনিত পোৱা যায়।

উত্তৰঃ ✔।


(খ) চূণশিল এবিধ বনজ সম্পদ।

উত্তৰঃ 🗙।


(গ) প্রাকৃতিক সম্পদ আমি সদ্ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ ✔। 


(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়।

উত্তৰঃ 🗙।


(ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ 🗙। 

 

৪। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা

কয়লা

খাৰুৱা তেল

গঁড়, হাতী

পানীত থকা প্ৰাণীসমূহ

 

বনজ সম্পদ

জলজ সম্পদ

খনিজ সম্পদ

পনীয়া সোণ

উত্তৰঃ 

কয়লা

খাৰুৱা তেল

গঁড়, হাতী

পানীত থকা প্ৰাণীসমূহ

 

খনিজ সম্পদ

পনীয়া সোণ

বনজ সম্পদ

জলজ সম্পদ  



 


Question Type By- Bikash Bora 

Author By- Bikash Bora 

Edit By Dikha Rani Bora

Post ID:DABP002148