Class 4 Environment
আমি আৰু আমাৰ পৰিৱেশ
চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ


অধ্য়ায়ঃ৩

পানী 

অনুশীলনীঃ

১। উত্তৰ দিয়া 一

(ক) আমি কেনেকুৱা পানী খাব লাগে ?

উত্তৰঃ- আমি বিশুদ্ধ পানী খাব লাগে। 

(খ) বীজাণুযুক্ত পানী  খালে কি হয়?

উত্তৰঃ- বীজাণুযুক্ত পানী খালে বিভিন্ন ৰোগ যেনে- জ্বৰ, পেটৰ বিষ আদি। 

(গ) পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি?

উত্তৰঃ- পানী উতলাই বা ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি।   

(ঘ) পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা?

উত্তৰঃ- পানীত পমি যোৱা পাঁচবিধ গোটা বস্তুৰ নাম হ'ল- চেনি, নিমখ, চূণ, ফিট্কিৰি, ছ'ডা আদি। পানীত পমি যোৱা পাঁচবিধ জুলীয়া বস্তু হ'ল- মৌ, নেমুৰ ৰখ,এলক'হল, গাখীৰ, ফলৰ ৰস।

(ঙ) নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৰ্বতন কৰে?

উত্তৰঃ- নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক সূৰ্যৰ দ্বাৰা ভাপলৈ পৰিৰ্ৱতন কৰে।   

২। খালী ঠাই পূৰ কৰা 一

(ক) শীল বৰষুণত _______ থাকে।

উত্তৰঃ- পানী

(খ) সাগৰৰ পানী ________

উত্তৰঃ- লুণীয়া

(গ) পানী উতলালে বেমাৰৰ ___________ মৰে।

উত্তৰঃ- বীজাণু। 

(ঘ) তাপ পালে পানী __________ পৰিৰ্বতন হয়। 

উত্তৰঃ- ভাপলৈ। 

(ঙ) পানীৰ ভাপ চেঁচা কৰিলে ________ সলনি হয়।

উত্তৰঃ- ক্ষুদ্ৰ কণিকাত। 

৩। ঘৰুৱা কামৰ বাহিৰেওআৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়।

উত্তৰঃ- গা-ধোৱা, বাচন ধোৱা, ফুলত পানী দিয়া, কাপোৰ ধোৱা আদি।  

৪।  বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা  হয়।

উত্তৰঃ- বেছি বৰষুণ দিলে আমাৰ বহুত অসুবিধা হয় যেনে- জ্বৰ কাঁহ হ'ব পাৰে, ম'হৰ উপদ্ৰৱ বাহিব, বানপানী হোৱাৰ সম্ভাৱনা হ'ব পাৰে। 

৫। জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা।

উত্তৰঃ-

 

৬। দলত আলোচনা কৰি বিদ্যালয় খোৱাপানীৰ ব্যৱস্থৰ সম্বন্ধে এখন প্ৰতিবেদন যুশুত কৰা।

(শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা)

          বিদ্যালয় খোৱা পানী ক,ৰপৰা লোৱা হয়?

       তোমালোকে পানীকল , দংকল নাই, তেনে,লে খোৱা পানী ক,ৰ পৰা পোৱা?

       কলোবোৰ টেপ বা দমকলত পানী খাকেনে?

         পানী থোৱা পাত্ৰবোৰ ঢাকি থোৱা থাকেনে?

·       পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে ?

        পানীখিনি কি ব্যৱস্হাৰে খোৱাৰ উপযোগী কৰা হয়?

       উত্তৰঃ- শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা। 


Question Type By: Dikshita konwar 

Author By: Bikash Bora 

 

Edit By Dikha Rani Bora




Post ID: DABP002052