Class 4 Environment

আমি আৰু আমাৰ পৰিৱেশ

চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপ খনৰ প্ৰশ্ন আৰু উত্তৰ



অধ্য়ায়–৪

শাক-পাচলিৰ বাগিচা

    👉Text Book PDF 
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী –


১। চমু উত্তৰ দিয়া –


(ক) দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা ।
উত্তৰঃ 
দুবিধ কেঁচাই খোৱা পাচলিৰনাম হ'ল- অমিতা,গাজৰ। 

 

(খ) দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা ।

উত্তৰঃ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ'ল- পানীলাউ, ভুল। 


(গ) দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা ।

উত্তৰঃ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ'ল- ফুলকবি, বন্ধাকবি। 

 

(ঘ) মাহজাতীয় শস্য দুবিধ নাম লিখা ।

উত্তৰঃমাহজাতীয় শস্য় দুবিধৰ নাম হ'ল- ৰহৰ, মচুৰ।

 

(ঙ) তেলজাতীয় শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ তেলজাতীয় শস্য় দুবিধৰ নাম হ'ল- সৰিয়হ ফুল, বেলি ফুল। 

   

(চ) ধান জাতীয় শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ ধান জাতীয়  শস্য় দুবিধৰ নাম হ'ল- আহু, শালি।

 

(ছ) মছলাজাতীয়  শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ মছলাজাতীয় শস্য় দুবিধৰ নাম হ'ল- আদা, নহৰু।


(জ) দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা

উত্তৰঃ দুবিধ খেতিৰ সঁজুলিৰ নাম হ'ল- নাঙল, যুঁৱলি।  



২। শুদ্ধ নে অশুদ্ধ লিখা –

(ক) খেতি কৰিবলৈ প্ৰথমতে মাটিডৰদা ভালকৈ চাহব লাগে ।

উত্তৰঃ শুদ্ধ।


(খ) ঘেঁহু অসমৰ প্ৰধান শস্য ।

উত্তৰঃ অশুদ্ধ। 


(গ) সৰিয়হ এবিধ মাহজাতীয় শস্য ।

উত্তৰঃ অশুদ্ধ। 


(ঘ) আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ শুদ্ধ।


(ঙ) খেতি-বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে ।

উত্তৰঃ শুদ্ধ।



৩। ধান খেতি কৰিবলৈ হলে কি কি কৰিব লাগে 

উত্তৰঃ ধান খেতি কৰিবলৈ প্ৰথমে মাটিডৰা চহাব লাগিব. তাৰ পাছত মাটিডৰাত বীজ সিচিব লাগিব। উপযুক্ত পৰিমাণৰ সাৰ দিব লাগিব। আৰু উপযুক্ত পৰিমাণৰ পানী দিব লাগিব। 

 

৪।  কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয ?

উত্তৰঃ বিদ্য়ুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলীনাদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়। 


৫।শীতল ভঁৰাল কি ? শীতল ভঁৰালত কি কি খাদ্য বস্তু ৰখা হয় ?

উত্তৰঃ সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয় এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছেশীতল ভঁৰাল। শীতল ভঁৰালত কৃষিজাত শস্য়, যেনে- ধান, মাহ, চাহপাত আদি খাদ্য় বস্তু ৰখা হয়। 


 

Question Type By: Dikshita konwar 

Author By: Bikash Bora 

 

Edit By Dikha Rani Bora

Post ID: DABP002053