পাঠ-৮ 

আমাৰ উৎসৱ

১। চমু উত্তৰ লিখা-

(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি ?

উত্তৰঃ শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল- গুৰুনানক জয়ন্তী। 


(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে ?

উত্তৰঃ বৰদি্ন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। 

 

(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে ?

উত্তৰঃ অসমৰ ভোগালীৰ বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। 


(ঘ) বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় ? 

উত্তৰঃ ব'হাগ মাহৰ পৱিত্ৰ পূৰ্ণিমাৰ দিনটো বুদ্ধ পূৰ্ণিমা পালন কৰা হয়।  


(ঙ) সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি ?

উত্তৰঃ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটেৰ নাম হ'ল- ফাঁকুৱা বা হোলী। 


২। শুদ্ধ উত্তৰটোত '✔' চিন দিয়া-

(ক) গুৰুনানক বৌদ্ধধৰ্ম / শিখ ধৰ্ম / খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক ।

উত্তৰঃ গুৰুনানক শিখ ধৰ্ম। 


(খ) বিহু / হোলী / দেৱালী এক কৃষিভিত্তিক উৎসৱ।

উত্তৰঃ বিহু এক কৃষিভিত্তিক উৎসৱ। 


(গ) ৰঙালী বিহু / কঙালী বিহু / ভোগালী বিহুত ভেলাঘৰ সজা হয় ।

উত্তৰঃ ভোগালী বিহুত ভেলাঘৰ সজা হয়। 


৩। উৎসৱ বুলিলে কি বুজা লিখা ।

উত্তৰঃ অসমৰ বিভিন্ন জাতি জনগোষ্ঠিয়ে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি-নিয়ম মানি উলহ-মালহৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি-নিয়মৰ মাজেৰে উলহ-মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। 

 

৪। আমি উৎসৱমূহ কিয় পালন কৰিব লাগে ?

উত্তৰঃ আমি উৎসৱ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা-প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত  চলি অহা সংস্কৃতিও ৰক্ষা কৰে।


৫। তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাচটা বাক্য় লিখা ।

উত্তৰঃ    

 বিহু 

১। বিহু হৈছে আমাৰ জাতিয় উৎসৱ। 

২। বিহু তিনিটা ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। 

৩। ব'হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। 

৪। বিহুত সকলোৰে ঘৰত বিভিন্ন লাৰু, পিঠা বনায়। 

৫। বিহুত সৰুয়ে ডাঙৰৰ আৰ্শিবাদ লয়। 


৬। ফাঁকুৱা বা হোলী উৎসৱ কেনদৰে পালন কৰা হয় ?

উত্তৰঃ ফাঁকুৱা বা হোলী উৎসৱটো প্ৰথমতে শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও কালক্ৰমত সকলো ধৰ্মৰ লোকেই এই উৎসৱ পালন কৰিবলৈ লয়। 


৭। মাঘ বিহুত কি কি কৰা হয় । সেই বিষয়ে পাঁচটা বাক্য় লিখা।

উত্তৰঃ মাঘ বিহুত মানুহে শস্য় চপাই ভঁৰাল ঘৰ ভৰায়। পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। সেই ভেলাঘৰতে নিশা ৰাইজে মিলি-জুলি ভোজ ভাত খায়। পাছদিনা ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। 

 মাঘ বিহু 

১। এই বিহুৰ কেইদিনমান আগৰে পৰা সকলোৱে পথাৰৰ নৰা কাটী মেজি বনাই। 

২।  বিহু দিনা ৰাতিপুৱা মেজি জ্বলায় অগ্নি দেৱতাক সেৱা কৰা হয়।

৩। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।

৪। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।

 ৫। এই বিহুত আবেলি সকলোৱে খেল ধেমালি কৰে আৰু বিভিন্ন খেল খেলে। যেনে- পাৰ-পুখুৰী, কাবাদী, হাঁহা কান্দা আদি। 


৮। গৰু বিহুৰ দিনাখন গৰুক গা-ধুওৱাৰ উপৰি আৰু কি কি কৰা হয় ?

উত্তৰঃ গৰু বিহুৰ দিনাখন গৰুক মাহ-হালধি ঘঁহি ধুৱাই-পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে। এনেদৰেই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।  


৯। এজোপা খ্ৰীষ্টমাছ গছ আঁকা ।

উত্তৰঃ 




১০। ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি ক'লাজ তৈয়াৰ কৰা।

উত্তৰঃ 



Question Type By - Bhaskar Jyoti Nath

Author By: Bikash Bora 

Edit By Dikha Rani Bora 



Post ID : DABP002890