Lesson 13
আকাশৰ কথা
👉Text Book PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Question Answer
১।উত্তৰ লিখা।
(ক) তৰা কাক বোলে?
উত্তৰঃ নিশাৰ আকাশত যিবোৰ তিৰবিৰাই ঢিমিক-ঢামাক কৰি থাকে তাকে তৰা বোলে।
(খ) পৃথিৱীৰ এটা উপগ্ৰহৰ নাম লিখাঁ।
উত্তৰঃ চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ।
(গ) বিশ্বব্ৰহ্মাণ্ড কাক বোলে?
উত্তৰঃ সৌৰজগতত থকা জ্যোতিষ্কবোৰৰ ওপৰিও মাহাকাশত আৰু অনেক জ্যোতিষ্ক আছে।অগণন জ্যোতিষ্ক তথা তৰাৰে ভৰি থকা অন্তহীন মহাবিশ্বখনকে বিশ্বব্ৰহ্মাণ্ড বোলে।
(ঘ) জ্যোতিষ্ক কাক বোলে?
উত্তৰঃ ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল বস্তুবোৰকে জ্যোতিষ্ক বোলে।
(ঙ) হাতীপটি কাক বোলে?
উত্তৰঃ ৰাতি ফৰকাল আকাশত আকাশৰ মাজভাগত কেতিয়াবা উত্তৰৰ পৰা দক্ষিণলৈ এটা অতি পাতল, শুকুলা ডাৱৰৰ বাট দেখা পোৱা যায়।শুকুলা ডাৱৰৰ বাটটো প্ৰকৃততে নক্ষত্ৰপুঞ্জহে।ইয়াকে হাতীপটি বোলে।
(চ) কক্ষপথ বুলিলে কি বুজা?
উত্তৰঃ গ্ৰহবোৰে গতি কৰা এই পথবোৰ আচলতে কাল্পনিক গ্ৰহহে।এই কাল্পনিক পথবোৰক গ্ৰহবোৰৰ কক্ষপথ বোলে।
(ছ) মহাকৰ্ষণ শক্তি কাক বোলে?
উত্তৰঃ ব্শ্বব্ৰহ্মাণ্ডত থকা যিকোনো দুটা বস্তুৱে এটাই আনটোক আক্ষণ কৰি থাকে।ইয়াকে মহাকৰ্ষণ শক্তি বোলে।
গ্ৰহ |
নক্ষত্ৰ |
আকাশত
যিবোৰে স্থিৰ পোহৰ বিলাই থাকে। তাকে গ্ৰহ বোলে। |
নিজৰ
পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়। |
গ্ৰহবোৰৰ
নিজা পোহৰ নাই। |
নক্ষত্ৰবোৰৰ
নিজা পোহৰ আছে। |
আভ্য়ন্তৰীণ
গ্ৰহ |
বাহ্য়িক
গ্ৰহ |
সূৰ্যৰ
ওচৰত থকা গ্ৰহবোৰক আভ্য়ন্তৰীণ গ্ৰহ বোলে। |
সূৰ্যৰ
পৰা দূৰত থকা গ্লহবোৰক বাহ্য়িক গ্ৰহ বোলে। |
আভ্য়ন্তৰীণ
গ্ৰহবোবৰ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল। |
বৃহস্পতি, শনি, ইউৰেনাছ
আৰু নেপচুন। |