Lesson 12

অসৰ স্থানীয় প্ৰশাসন

 ১।একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) কোন চনৰপৰা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে?

উত্তৰঃ ১৯৫৫ চনত।

(খ) জিলা পৰিষধ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰঃ ২৪ গৰাকী।

(গ) জিলা পৰিষদৰ প্ৰশাসনৰ মূখ্য ব্যক্তিজনক কি বোলে?

উত্তৰঃ মুখ্য কাৰ্যবাহী বিষয়া বোলে।

(ঘ) বিটিএএডিক সম্পূৰ্ণ ৰূপত কি বুলি জনা যায়?

উত্তৰঃ 'বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াৰ ডিষ্ট্ৰিক্ট' বুলি জনা যায়।

(ঙ)  জিলা পৰিষধৰ প্ৰধান নীতি-নিয়মবোৰ কোনে নিৰ্ধাৰণ কৰে?

উত্তৰঃ মূখ্য কাৰ্ববাহী বিষয়াই নিৰ্ধাৰণ কৰে।

২।খালী ঠাই পূৰ কৰা।

(ক) জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল  বছৰ।

(খ) সচিবালয়ৰ মুৰব্বী গৰাকীক      সচিব       বোলা হয়।

(গ) ৰাজ্যপাল এ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য গৰাকীক নিষু্কি দিয়ে।

৩।পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম কি কি?

উত্তৰঃ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা।

(খ) চাৰিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখাঁ।

উত্তৰঃ বড়ো,ৰাভা,তিৱা আৰু মিচিং।

(গ) বিটিএডি পৰিষদৰ অন্তৰ্গত জিলাকেইখনৰ নাম লিখাঁ।

উত্তৰঃ কোকৰাঝাৰ, চিৰাং, বাগ্সা আৰু ওদালগুৰি।

(ঘ) জিলা পৰিষদৰ গঠন প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা ২৪ গৰাকী।স্বায়ত্তশাসিত জিলা পৰিষদৰ তিনি-চতুৰ্থাংশ  সদস্যক জিলাখনৰ ভোটাৰ সকলে নিৰ্বাচনৰদ্বাৰা নিৰ্বাচিত কৰে।বাকী সদস্য সকলক ৰাজ্যৰ ৰাজ্যপালে মনোনীত কৰে।স্বায়ত্তশাসিত জিলা পৰিষদলৈ নিৰ্বাচিত হোৱা লোকসকলক স্বায়ত্তশাসিত পৰিষধৰ সদস্য বোলা হয়।এই সদস্যসকল বিভিন্ন ৰাজনৈতিক দ'লৰ পৰা নিৰ্বাচিত হয়।স্বায়ত্তশাসিত জিলা পৰিষধৰ সদস্যসকলৰ কাৰ্যকাল ৫ বছৰ।স্বায়ত্তশাসিত জিলা পৰিষধৰ কাৰ্যবাহী সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজনক সভাপতি হিচাপে নিৰ্বাচিত কৰে।সভাপতি গৰাকীয়ে স্বায়ত্তশাসিত জিলা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে।স্বায়ত্তশাসিত জিলা পৰিষদে পাহাৰীয়া জিলাৰ আইন সভা হিচাপেও কাৰ্যনিৰ্বাহ কৰে। 

(ঙ) প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালৰপৰা অসমৰ জিলাবোৰক কেইভাগত ভগাব পাৰি। ভাগকেইটা কি কি?

উত্তৰঃ প্ৰাকৃতিক অৱস্থান আৰু অৱস্থিতিৰ ফালপৰা অসমৰ জিলাবোৰক ৩ টা ভাগত ভাগ কৰিব পাৰি-

ক) ব্ৰহ্মপুত্ৰ উপত্য়কাৰ জিলাসমূহ,

খ) বৰাক উপত্য়কাৰ জিলাসমূহ আৰু 

গ) পাৰ্বত্য় জিলাসমূহ।

(চ) মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰঃ স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনৰ মুখ্য় ব্য়ক্তিজনেই হ'ল কাৰ্যবাহী সদস্য়। মুখ্য় কাৰ্যবাহী সদস্য়ৰ নেতৃত্বতে কাৰ্যবাহী পৰিষদে কাৰ্যনিৰ্বাহ কৰে। মুখ্য় কাৰ্যবাহী সদস্য়গৰাকী স্বায়ত্তশাসিত জিলা পৰিষদৰ ওচৰত দায়বদ্ধ। প্ৰয়োজন অনুযায়ী স্বায়ত্তশাসিত জিলা পৰিষদৰ যিকোনো বিষয়ত মুখ্য় কাৰ্যবাহী সদস্য়ই হস্তক্ষেপ কৰিব পাৰে। তেওঁ স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰধান নীতি-নিয়মবোৰ নিৰ্ধাৰণ কৰে। মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীৰ ওপৰতে স্বায়ত্তশাসিত জিলা পৰিষদৰ সফলতা নিৰ্ভৰ কৰে। সেয়েহে মুখ্য় কাৰ্যবাহী সদস্য়গৰাকী ৰাজনৈতিকভাৱে বিচক্ষণ হোৱাৰ লগতে আন আন দিশৰপৰা দক্ষ হোৱাটো খুবেই দৰকাৰী।

(ছ) জিলা পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী চমুকৈ লিখাঁ।

উত্তৰঃ  সাংবিধানিকভাৱে স্বায়ত্তশাসিত জিলা পৰিষদসমূহক যথেষ্ট ক্ষমতা প্ৰদান কৰা হৈছে। ক্ষমতাৰ ফালৰপৰা স্বায়ত্তশাসিত জিলা পৰিষদক পাহাৰীয়া জিলাৰ চৰকাৰ বুলিব পাৰি। দুই এটা বিষয়ৰ বাহিৰে চৰকাৰে স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যাৱলীত হস্তক্ষেপ কৰিব নোৱাৰে।

স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যাৱলী আৰু ক্ষমতা এনে ধৰণৰ-

(১) স্বায়ত্তশাসিত জিলা পৰিষদে আইন প্ৰণয়ন কৰিব পাৰে।

(২) প্ৰশাসনিক ক্ষেত্ৰত ইয়াৰ ক্ষমতা আছে।

(৩) স্বায়ত্তশাসিত জিলা পৰিষদৰ তত্ত্বাৱধানত বিচাৰ কাৰ্য পৰিচালনা কৰা হয়।

(৪)  স্বায়ত্তশাসিত জিলা পৰিষদৰ বিত্তীয় ক্ষমতা আছে।

(৫) শিক্ষা সম্প্ৰসাৰণৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদৰ ক্ষমতা প্ৰচুৰ।

পূৰ্বৰ তুলনাত স্বায়ত্তশাসিত জিলা পৰিষদৰ ক্ষমতা যথেষ্ট পৰিমাণে বাঢ়িছে। স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যাৱলীৰ ওপৰতে সেই জিলাবোৰৰ প্ৰগতি নিৰ্ভৰ কৰে। জনজাতিসমূহৰ সমস্য়াসমূহ দূৰ কৰি তেওঁলোকৰ স্বাৰ্থক সুৰক্ষিত কৰাটো স্বায়ত্তশাসিত জিলা পৰিষদৰ লক্ষ্য় আৰু উদ্দশ্য়।

   স্বায়ত্তশাসিত জিলা পৰিষদক যদিও বিভিন্ন ধৰণৰ ক্ষমতা আৰু দায়িত্ব অৰ্পণ কৰা হৈছে; তথাপি স্বায়ত্তশাসিত জিলা পৰিষদ সম্পূৰ্ণ স্বাধীন নহয়। স্বায়ত্তশাসিত জিলা পৰিষদৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ থাকে। অসম চৰকাৰে আয়োগ গঠন কৰি আয়োগৰদ্বাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ কাম-কাজসমূহ তদাৰক কৰায়। কেতিয়াবা কেতিয়াবা পাহাৰীয়া জিলাৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীৰ যোগেদিও জিলা পৰিষদক নিয়ন্ত্ৰণ কৰা হয়। স্বায়ত্তশাসিত জিলা পৰিষদৰ বিৰুদ্ধে গুৰুতৰ উত্থাপন হ'লে ৰাজ্য়পালে স্বায়ত্তশাসিত জিলা পৰিষদক কাৰ্যকালৰ আগতে ভংগ কৰিব পাৰে।

Type- Chinmay Kakati



Post ID : DABP006246