Lesson 14
পৃথিৱীৰ আকৃতি
👉Text Book PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Question Answer
১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) 'জিয়ইদ' মানে কি?
উত্তৰঃ পৃথিৱীখনৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া নহয়। ইয়াৰ আকৃতি সুমথিৰা টেঙাৰ দৰে।বিজ্ঞানীসকলে পৃথিৱীৰ আকৃতি 'জিয়ইদ' বুলি নামকৰণ কৰিছে যাৰ অৰ্থ পৃথিৱী সদৃশ।
(খ) মেগলান নামৰ নাৱিকজনে কি প্ৰমাণ কৰিছিল?
উত্তৰঃ মেগলান নামৰ নাৱিকজনে পোনপ্ৰথমে পৃথিৱীখন গোল বুলি প্ৰত্যক্ষভাৱে প্ৰমাণ কৰিছিল।
(গ) পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে কোনে জুখি উলিয়াইছিল?
উত্তৰঃ পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে পণ্ডিত পাইথাগোৰাছে জুখি উলিয়ািছিল।
(ঘ) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা?
উত্তৰঃ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।
(ঙ) বিষূৱীয় ব্যাস কাক বোলে?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে এডাল ৰেখা কল্পনা কৰা হৈছে।এই ৰেখাডালক পৃথিৱীৰ বিষূৱীয় ব্যাস বোলে।
(চ) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাসৰ মাজত পাৰ্থক্য পৰিলক্ষিত হোৱাৰ কাৰণ কি?
উত্তৰঃ মেৰু ব্যাসৰ দৈৰ্ঘ্য ১২,৭১৪ কিমি. আৰু বিষূৱীয় ব্যাসৰ দৈৰ্ঘ্য ১২,৭৫৭ কিমি.।দুয়োডাল ব্য়াসৰ পাৰ্থক্য ৪৩ কিমি.।
(ছ) বিষুৱৰেখা কাক বোলে?
উত্তৰঃ পৃথিৱীক সমানে দুটা ভাগত ভাগ কৰিছে।এই ৰেখাডালক বিষুৱৰেখা বোলে।
(জ) দ্ৰাঘিমা ৰেখা কি?
উত্তৰঃ পৃথিৱীৰ দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে।
(ঝ) গুৰুবৃত্ত কাক বোলে?
উত্তৰঃ আন আন দ্ৰাঘিমা ৰেখাসমূহেও ইহঁতৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমাসমূহৰ লগলাগি বৃত্তৰ সৃষ্টি কৰে।এই বৃত্তসমূহক গুৰুবৃত্ত বোলে।
২।খালী ঠাই পূৰ কৰা।
(ক) পৃথিৱীৰ আকৃতি গোলাকাৰ ।
(খ) গোলক পৃথিৱীৰ আৰ্হি ।
(গ) পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক মেৰু ব্যাস বোলে।
(ঘ) পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰুব্যাসডাল দৈৰ্ঘ্যৰ অলপ কম ।
(ঙ) বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাবোৰক অক্ষৰেখা বোলে।
(ঝ) ০॰ দ্ৰাঘিমাৰেখা আৰু ১৪০ দ্ৰাঘিমাৰেখাডাল লগ লাগি এটা গুৰু বৃত্তৰ সৃষ্টি কৰিছে।
অক্ষৰেখা |
দ্ৰাঘিমাৰেখা |
বিষুৱৰেখাৰ
সমান্তৰালকৈ ১ ডিগ্ৰী ব্যৱধানত উত্তৰ আৰু দক্ষিণলৈ ৯০ ডালকৈ বৃত্তাকাৰ ৰেখা
কল্পনা কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা বোলে। |
পৃথিৱীৰ দুই
মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে। |
অক্ষৰেখাবোৰ
বৃত্তাকাৰ। |
দ্ৰাঘিমাৰেখাবোৰ
অৰ্ধবৃত্তাকাৰ। |