আনন্দৰাম ঢেকিয়াল ফুকন | Lesson 3 | Class 4 Assamese solution | Question And Answer | অসম জাতীয় বিদ্যালয় চতুৰ্থ শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ । Assam Jatiya Bidyalay


আনন্দৰাম ঢেকিয়াল ফুকন

ক্ৰিয়া কলাপ

অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

 ব্ৰক্ষপুৱা = নিচেই পুৱ

 সংবাদ-পএ = বাতৰি-কাকত

 দৈনন্দিত = দৈনিক; সদাই

 হেৰফেৰ = অলপ লৰচৰ বা কম-বেছি হোৱা অৱস্হা

 নিয়াৰিকৈ = নিমজকৈ; পোনকৈ

 সুযোগ্য = অতিশয় উপযুক্ত

 সাধক = সিদ্ধি কৰোঁতা; সেৱক

 সহযোগ = আনৰ সৈতে কোনো কামত যোগাদান

 মিছনেৰি = (মিছন হল ধৰ্ম প্ৰচাৰৰ প্ৰতিষ্ঠান)মিছনৰ ধৰ্ম  প্ৰচাৰকসকল

 ভাতৃ প্ৰতিম = ভাইৰ নিচিনা

 প্ৰসাৰ = বিস্তাৰ

 নিৰ্মল = নিকা; পৰিষ্কাৰ

 অনুকৰণীয়া = আনে যেনেকৈ কৰে তেনেকৈ কৰিব লগীয়া

বুজা আৰু লিখা:

 খই   ৰই  খ্ৰ

 নই   ধই  ৰই  ন্ধ্ৰ

 তই   ৱই  ত্ব

 সই   তই  ৰই  স্ত্ৰ

পঢ়া আৰু লিখা:

 দৈনন্দিন  খ্ৰীষ্ঠান  প্ৰবন্ধ্ৰ  প্ৰচেষ্ঠা  প্ৰতিষ্ঠা 

 ব্যৱস্হা  পএৰন্ধ্ৰ  কৰ্তৃত্ব  পৈতৃক নিৰস্ত্ৰ

[] প্ৰথম কোৱা, তাৰ পাছত লিখা:

ক) আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিনে পুৱা সোনকালে উঠি অলপ লিখা-পঢ়া কৰিছিল। লিখা-পঢ়া কৰি তেওঁ সদায় ফুৰিবলৈ গৈছিল ।ফুৰি থাকোঁতেও তেখেতে বাতৰিকাকত এখন পঢ়ি-পঢ়ি গৈছিল। কিবা কাৰণত তেওঁ ফুৰিবলৈ যাব নাপালে তেওঁ ঘৰৰ বাৰান্দাতে ইফালে-শিফালে ঘূৰিছিল। তেওঁ পুৱা ফুৰি আহি আকৌ আঠ বজালৈ পঢ়িছিল। লিখা-পঢ়া কৰি গৰম পানীৰে স্নান কৰিছিল এইদৰে তেওঁৰ দৈনন্দিন কৰ্মৰাজি আৰম্ভ হৈছিল।


খ) আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে অসম আৰু অসমীয়া ভাষাটোক বৰ ভাল পাইছিল। সেয়েহে তেওঁ অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। সেই সময়ত অসম ৰাজ্যখন ইংৰাজ সকলে শাসন কৰিছিল। তেতিয়া বহুতে ভাবিছিল যে অসমীয়া ভাষাটো বাংলা ভাষাৰ পৰাহে সৃষ্টি হৈছে। ইংৰাজ শাসকসকলেও তেনে ধাৰণা গ্ৰহণ সঁচা বুলি গ্ৰহণ কৰিছিল। গতিকে, ইংৰাজ শাসকসকলে ১৮৩৬ চনত অসমৰ আদালত, পঢ়াশালি আৰু কাৰ্যালয়ৰপৰা অসমীয়া ভাখা অঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকেই শিকিবলৈ নোপোৱা হৈছিল তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত, পঢ়াশালি, কাৰ্যালয় আদিত অসমিয়া ভাষাটোৰ পুনৰ প্ৰচলনৰ কাৰণে বৰ জোৰ দিছিল।


গ) অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি কি প্ৰচেষ্টা হাতত গৈছিল?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে অৰুনোদই নামৰ সংবাদ-পত্ৰখনত অসমীয়া ভাষাৰ সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল। আনন্দৰামকে ধৰি মিছেনেৰিসকল আৰু আনকেইজনমান অসমীয়া লোকে প্ৰচেষ্টা হাতত লৈছিল।


ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম হ'ল 'আইন ও ব্যৱস্থা', 'অসমীয়া ভাষা বিষয়ক গ্ৰন্থ','সদৰ আদালত নিষ্পতি' আৰু 'অসমীয়া ল'ৰাৰ মিত্ৰ'


ঙ) আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা-জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা?

উত্তৰঃ আনন্দৰাম ঢ়েকিয়া ফুকনে গুৱাহাটীত হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল। আৰু ভাল শিক্ষাৰ কাৰণে তেওঁ কলিকতালৈ গৈছিল। কিন্তু তেওঁ ভাতৃ কেইজনমানৰ কলিকতাতে মৃত্যু হোৱাৰ বাবে শিক্ষা আধৰুৱা কৰি উভতি আহে। পঢ়া শুনাত তেওঁ বৰ আগ্ৰহি আছিল।


চ) আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা-পঢ়া কৰিছিল?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে পুৱাৰ সময়ত লিখা-পঢ় কৰিছিল।


ছ) প্ৰথম অসমীয়া বাতৰি- কাকত বা আলোচনীখনৰ নাম কিএইখন কিমান চনত হৈছিল

উত্তৰঃ প্ৰথম অসমীয়া বাতৰি-কাকত বা আলোচনীখনৰ নাম হ'ল অৰুনোদই। এইখন ১৮৭২ চনত হৈছিল


[] বুজা আৰু লিখা:

 বিদ্যা + আলয় = বিদ্যালয়

 হিম + আলয় = হিমালয়

 কাৰ্য + আলয় = কাৰ্যালয়

 দেৱ + আলয় = দেৱালয়

 চিকিৎসা + আলয় = চিকিৎসালয়

[] বাক্য ৰচনা কৰা:

হেৰফেৰ; প্ৰচলন; সহযোগ; সংবাদ-পত্ৰ; প্ৰসাৰ।

হেৰফেৰ- সৌ মানুহজনে হেৰফেৰ কৰি আছে।

প্ৰচলন- অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল।

সহযোগ- আনন্দৰাম ঢেকিয়াল ফুকনৰ মিছেনেৰিসকলে সহযোগ কৰিছিলস।

সংবাদ-পত্ৰ- প্ৰথম অসমীয়া সংবাদ-পত্ৰখন হ'ল অৰোনোদই।

[] পঢ়া, বুজা আৰু লিখাঃ

 বাটে বাটে : মগনীয়াজন বাটে বাটে ঘূৰি ফুৰিছে।

 হাতে হাতে : আমটো হাতো হাতে দিছে।

 ঘৰে ঘৰে : মানুহ বোৰ ঘৰে ঘৰে গলগৈ।

 বাৰে বাৰে : সৌ মানুহ তোৱে বাৰে বাৰে একেটা কথাকে কৈ আছে।

 মনে মনে ঃ ডাঙৰে কথা কই থাকিলে তুমি মনে মনে থাকিবা।

[] পঢ়া, বুজা আৰু লিখা:

 ৰোৱনীয়ে ভুঁই ৰোৱে।

 ৰান্ধনীয়ে ভাত ৰান্ধে।

 শিপিনিয়ে কাপোৰ বয়।

 মাছুৱৈ মাছ মাৰে।

 ঢুলিয়াই ঢোল বায়।

 হালোৱাই হাল বায়।

 দাৱনিয়ে ধান বায়

 বায়নে খোল বায়।

[] পঢ়া, বুজা আৰু লিখা:

 কাৰ্য্যলয়ৰ লগত জড়িত ব্যক্তি  = কেৰাণী, মহৰী, সঞ্চলক,     বিষয়া, কৰ্মচাৰী আদি

বিদ্যালয়ৰ লগত জড়িত ব্যক্তি = ...................................

আৰক্ষী বিভাগত লগত জড়িত ব্যক্তি = ............................

ৰাজনীতিৰ লগত জড়িত ব্যক্তি = ...................................

আদালতৰ লগত জড়িত ব্যক্তি  = ...................................

গাঁও পঞ্চায়তৰ লগত জড়িত ব্যক্তি = ..............................

কৃষিৰ লগত জড়িত ব্যক্তি = ........................................

কাকত-আলোচনীৰ লগত জড়িত ব্যক্তি = ..........................

মৌজাৰ লগত জড়িত ব্যক্তি = ......................................

পুথিভঁৰালৰ লগত জড়িত ব্যক্তি = ..................................

[] বিপৰীত অৰ্থবোধক শব্দ লিখা:

 পুৱা; তপত; জ্যেষ্ঠ; সঁচা; উপকাৰ; স্ত্ৰী।

পুৱা ㅡ গধুলী

তপত  চেঁচা

জ্যেষ্ঠ  কনিষ্ঠ

সঁচা  মিচা

উপকাৰ  অপকাৰ

স্ত্ৰী  পুৰুষ

[] তলত দিয়া ব্যক্তিকেইজনৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা। তাৰ পাছত লিখা:

ক)আনন্দৰাম বৰুৱা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) বাণীকান্ত কাকতি


[] পঢ়া, বুজা আৰু নিজে লিখা:

কৰ্ম – কৰম    ৰত্ন - ৰতন

ধৰ্ম – ধৰম    স্থিৰ - সথিৰ

স্বৰ্ণ – সোণ    মিত্ৰ - বন্ধু

সম্বল – সমল   কম্পন - কমন

ভক্তি – ভকতি  গৰ্জন - গৰজন

স্বাদ – সোৱাদ  সাম্ফল - সামল

[১০] শিক্ষকক সুধি অৰ্থ বুজি লোৱা।

ক) পঢ়ায়, পঢ়ে, ৰোৱে পাণ।

       এই তিনিতা নিচিন্তে আন।।

খ) অভ্যাসৰ নৰ

       কৰ্ণপথে কৰে শৰ।


শ্ৰী পল্লৱ জ্যোতি বৰা

Sri Pallab jyoti Bora