Lesson-5
কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
অনুশীলনী
1. তলৰ দিয়া উদাহৰণসমূহৰ ক্ষেত্ৰত কোনবিধ গড় (average) উপযুক্ত হ'ব ?
(i) পূৰ্বপ্ৰস্তুত সাজ-পোছাকৰ (readymade garments) গড় আকাৰ।
(ii) এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী গড় বুদ্ধিমত্তা।
(iii) এটা কাৰখানাৰ প্ৰতিটো পালৰ (shift) গড় উৎপাদন।
(iv) এটা ঔদ্য়োগিক প্ৰতিষ্ঠানৰ গড় মজুৰি।
(v) যেতিয়া গড় বা মাধ্য়ৰ পৰা লোৱা সম্পূৰ্ণ বা পৰম (absolute) বিচলনৰ যোগফল নিম্নতম হয়।
(vi) চলকৰ পৰিমাণবোৰ যেতিয়া অনুপাতত দিয়া থাকে।
(vii) মুক্ত শ্ৰেণীৰ (open-ended) বাৰংবাৰতা বিভাজনৰ ক্ষেত্ৰত।
উত্তৰঃ
2. প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থকা বিভিন্ন বিকল্পৰ মাজৰ পৰা আটাইতকৈ উপযুক্তটো বাচি উলিওৱা।
(i) গুণগত জোখৰ বাবে আটাইতকৈ উপযুক্ত গড় (average) হ'ব
(a) গাণিতিক মাধ্য়
(b) মধ্য়মা
(c) বহুলক
(d) গুণোত্তৰ মাধ্য়
(e) ওপৰৰ এটাও নহয়
উত্তৰঃ
(ii) চৰম মান থাকিলে কোনবিধ গড় আটাইতকৈ বেছি প্ৰভাৱিত হয় ?
(a) মধ্য়মা
(b) বহুলক
(c)গাণিতিক মাধ্য়
(d)গুণোত্তৰ মাধ্য়
(e) হৰাত্মক মাধ্য়
উত্তৰঃ
(iii) গাণিতিক মাধ্য়ৰ পৰা কোনো এটা সংহতিৰ n-সংখ্য়ক মানৰ বিচলনৰ বীজগণিতীয় যোগফল
(a) n
(b) o
(c) 1
(d) ওপৰৰ এটাও নহয়
[ উত্তৰ ঃ (i) b (ii) c (iii) b ]
উত্তৰঃ
3. তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ মন্তব্য় আগ বঢ়োৱা।
(i) মধ্য়মাৰ পৰা লোৱা চলকৰ মানৰ বিচলনৰ যোগফল শূন্য় হয়।
(ii) শ্ৰেণীসমূহৰ তুলনা কৰিবলৈ মাত্ৰ গড় বা মাধ্য় যথেষ্ট নহয়।
(iii) গাণিতিক মাধ্য় এটা স্থানভিত্তিক মান।
(iv) কোনো তথ্য়ৰাশিৰ শীৰ্ষৰ 25% ৰ নিম্নতম মান হৈছে উচ্চ চতুৰ্থাংশ।
(v) চৰম মানৰ দ্বাৰা মধ্য়মা যথেষ্ট প্ৰভাৱিত হয়।
[ উত্তৰঃ (i) অশুদ্ধ, (ii) শুদ্ধ, (iii) অশুদ্ধ, (iv) শুদ্ধ, (v) অশুদ্ধ ]
উত্তৰঃ
4. তলত দিয়া তথ্য়খিনিৰ গাণিতিক মাধ্য় যদি 28 হয়,
(a) বাদ পৰা বাৰংবাৰতা আৰু (b) মধ্য়মা নিৰ্ণয় কৰা ;
প্ৰতিখন খুচুৰা 0-10 10-20 20-30 30-40 40-50 50-60
দোকানৰ লাভ
(টকাৰ হিচাপত)
খুচুৰা দোকানৰ সংখ্য়া 12 18 27 - 17 6
(উত্তৰঃ বাদ পৰা বাৰংবাৰতাৰ মান 20 আৰু মধ্য়মা 27.41 টকা)
উত্তৰঃ
5. তলত দিয়া তালিকাত কোনো এটা কাৰখানাৰ 10 জন শ্ৰমিকৰ দৈনিক মজুৰকি দিয়া হৈছে। গাণিতিক মাধ্য় নিৰূপণ কৰা।
শ্ৰমিক A B C D E F G H I J
দৈনিক মজুৰি 120 150 180 200 250 300 220 350 370 260
(টকাৰ হিচাপত)
(উত্তৰঃ 240 টকা)
উত্তৰঃ
6. তলত 150 টা পৰিয়ালৰ দৈনিক আয়ৰ তথ্য় দিয়া হৈছে। গাণিতিক মাধ্য় নিৰ্ণয় কৰা।
আয় (টকাৰ হিচাপত) পৰিয়ালৰ সংখ্য়া
75 তকৈ বেছি 150
85 ,, ,, 140
95 ,, ,, 115
105 ,, ,, 95
115 ,, ,, 70
125 ,, ,, 60
135 ,, ,, 40
145 ,, ,, 25
(উত্তৰঃ 116.3 টকা)
উত্তৰঃ
7. তলত এখন গাঁৱৰ 380 টা পৰিয়ালৰ ভূ-সম্পত্তিৰ আকাৰ দিয়া হৈছে। ভূ-সম্পত্তিৰ আকাৰৰ মধ্য়মা নিৰূপণ কৰা।
ভূমি সম্পত্তিৰ আকাৰ ঃ 100 তকৈ কম 100-200 200-300 300-400 400 তকৈ বেছি
(একৰত)
পৰিয়ালৰ সংখ্য়া 40 89 148 64 39
(উত্তৰঃ 241.22 একৰ)
উত্তৰঃ
8. এখন প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ দৈনিক আয় তলৰ শ্ৰেণীত দিয়া হৈছে।
(a) নিম্নতম 50% কৰ্মচাৰীৰ উচ্চতম আয় (b) শীৰ্ষৰ 25% কৰ্মচাৰীয়ে উপাৰ্জন কৰা নিম্নতম আয় (c) নিম্নতম 25% কৰ্মচাৰীয়ে উপাৰ্জন কৰা উচ্চতম আয় গণনা কৰি উলিওৱা।
দৈনিক আয় 10-14 15-19 20-24 25-29 30-34 35-39
(টকাৰ হিচাপত) 5 10 15 20 10 5
(পৰামৰ্শ ঃ মধ্য়মা, নিম্ন চতুৰ্থাংশ আৰু উচ্চ চতুৰ্থাংশ নিৰ্ণয় কৰা)
(উত্তৰ ঃ (a) 25.11 টকা (b) 19.92 টকা (c) 29.19 টকা)
উত্তৰঃ
9. এখন গাঁৰ 150 খন কৃষিপামৰ প্ৰতি হেক্টৰত ঘেঁহুৰ উৎপাদন কিলোগ্ৰামত তলৰ তালিকাত দিয়া হৈছে। উৎপাদনৰ গাণিতিক মাধ্য়, মধ্য়মা আৰু বহুলক নিৰ্ণয় কৰা।
উৎপাদন (kg. প্ৰতি হেক্টৰত)
50-53 53-56 56-59 59-62 62-65 65-68 68-71 71-74 74-77
কৃষিপামৰ সংখ্য়া 3 8 14 30 36 28 16 10 5
(উত্তৰঃ মাধ্য় = 63.82 kg. প্ৰতি হেক্টৰত, মধ্য়মা = 63.67 kg প্ৰতি হেক্টৰত, বহুলক = 63.29 kg প্ৰতি হেক্টৰত)
উত্তৰঃ
Type- Rajashri Bora
Post ID: DABP001705