লখিমপুৰ জিলাঃ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত লখিমপুৰ আৰু মহকুমা দুটাৰে লখিমপুৰ জিলা স্থাপন কৰা হৈছিল। ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে লখিমপুৰ নামেৰে নামাকৰণ কৰিছিল।


লখিমপুৰ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ  এই ঠাইখন আগতে লখিমীৰে অথবা ধন-সোণে ভৰি থকাৰ বাবে এই ঠাইৰ নাম লখিমপুৰ হয়।


লখিমপুৰ জিলাৰ চাৰিসীমাঃ এই জি লাৰ উত্তৰ দিশে অৰুণাচল প্ৰদেশ অন্তৰ্গত, পূবে ধেমাজী জিলা অৱস্থিত, দক্ষিণ দিশে মাজুলী জিলা আৰু পশ্চিমে অৰুণাচল প্ৰদেশ আৰু বিশ্বনাথ জিলা অন্তৰ্ভুক্ত।


লখিমপুৰ জিলাৰ সদৰ ঠাইঃ লখিমপুৰ জিলাৰ সদৰ ঠাই হৈছে উত্তৰ লখিমপুৰ।


লখিমপুৰ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ২,৩৫০.২৪ বৰ্গ কিল'মিটাৰ।


লখিমপুৰ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে  ১০,৪০,৬৪৪ জন।


লখিমপুৰ জিলাৰ প্ৰধান নদীঃ এই জিলাৰ একমাত্ৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।


লখিমপুৰ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা কেইটাৰ নাম হৈছে উত্তৰ লখিমপুৰ, ঢকুৱাখনা আৰু বিহপুৰীয়া নাৰায়ণপুৰ।


লখিমপুৰ জিলাৰ উপনদীঃ এই জিলাৰ উপনৈ বিলাকৰ নাম হৈছে- ৰঙানদী, বগীনদী, কঢ়া, ডিক্ৰীং, পিছলা, সোৱণশিৰী, চাৰিকড়ীয়া ইত্য়াদিয়ে এই জিলাৰ প্ৰধান নদী।


লখিমপুৰ জিলাৰ বিমানকোঠঃ এই জিলাৰ বিমানকোঠ হৈছে লীলাবাৰী। 


লখিমপুৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে'লপথ, জলপথ, বিমাণ পথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


লখিমপুৰ জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, এৰী, কুঁহিয়াৰ, মূগা ইত্য়াদিৰ উৎপাদন কৰা হয়।


লখিমপুৰ জিলাৰ ৰে'ল ষ্টেছনসমূহঃ এই জিলাত মুঠ ১১ টা ৰে'ল ষ্টেছন আছে আৰু সেইকেইটা হৈছে ক্ৰমে- তাঁতীবাহৰ, টুনীজান, চাউলধোৱা, উত্তৰ কাঠনি, হাৰমতী, কঁঠালপুখুৰী, পথালিপাম, উত্তৰ লখিমপুৰ, চিলনীবাৰী, বগীনদী, টিপলিং।


লখিমপুৰ জিলাৰ প্ৰধান ঠাইঃ (ক) বৰদৈবামঃ এই ঠাইত পক্ষী উদ্য়ান প্ৰতিষ্ঠা কৰা হৈছিল।

(খ) ঢকুৱাখনাঃ মহকুমাৰ সদৰ স্থান। এৰী, মূগা সূতাৰ বাবে এই ঠাই প্ৰখ্যাত। ৰাজ্য়খনৰ উচ্চ শিক্ষাৰ হাৰ থকা লোকৰ অঞ্চলবোৰৰ অন্য়তম। 

(গ) ললেতেকু পুখুৰীঃ এই ঠাই মহাপূৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। সেইকাৰণে এই ঠাই বিখ্য়াত।

(ঘ) বান্দৰদেৱাঃ অৰুণাচল প্ৰদেশলৈ যোৱাৰ মূল পথ। ই এটা প্ৰধান ব্য়ৱসায়ীিক কেন্দ্ৰ।


লখিমপুৰ জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় স্থানঃ বিহপুৰীয়া, ঘিলামাৰা, ঢলপুৰ, লালুক, নাৰায়ণপুৰ, বগীনদী ইত্য়াদিয়ে এই জিলাৰ উল্লেখযোগ্য় স্থান।


 লখিমপুৰ জিলাৰ  উণ্ণয়ন খণ্ডসমূহ ঃ

১) বিহপুৰিয়া

২) ঢকুৱাখনা 

৩) কদম

৪) নাওবাইচা

৫) নাৰায়ণপুৰ

৬) উত্তৰ লখিমপুৰ 

৭) সোৱনশিৰী