মৰিগাঁও জিলা
Morigaon District

What's App Channel



মৰিগাওঁ জিলাঃ মৰিগাওঁ হৈছে অসমৰ এখন উল্লেখযোগ্য় জিলা। আগতে এই মৰিগাওঁ জিলাখন নগাওঁ জিলাত অৱস্থিত আছিল। অসম চৰকাৰে ১৯৮৯ চনত ইয়াক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি প্ৰদান কৰি দিয়ে। 

মৰিগাওঁ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ বহু বছৰ আগতে এই অঞ্চলত হাজাৰ-হাজাৰ লোকতকৈও অধিক লোক কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্য়ুৰ মুখত পৰিছিল। গোটেই অ়ঞ্চলটো যেন মৰিশালিৰ দৰে হৈ পৰিছিল। কলেৰা ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্য়ু হোৱা বাবে এই জিলাৰ নাম মৰিগাওঁ হয়।

চাৰিসীমাঃ  এই জিলাৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা অৱস্থিত।

মৰিগাওঁ জিলাৰ সদৰ ঠাইঃ মৰিগাওঁৱেই হৈছে এই জিলাৰ সদৰ স্থান ।

মৰিগাওঁ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা হৈছে মৰিগাওঁ।


 মৰিগাওঁ জিলাৰ  মাটিকালিঃ মৰিগাওঁ জিলাৰ মাটিকালি হৈছে ১,৫৮৭.৬৫ বৰ্গ কিল'মিটাৰ। 


মৰিগাওঁ জিলাৰ জনসংখ্যা: মৰিগাওঁ জিলাৰ মুঠ জনসংখ্য়া হৈছে  ১,৫৭,৮৫৩ জন ।

মৰিগাওঁ জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।

মৰিগাওঁ জিলাৰ প্ৰধান উপনৈঃ কিলিং, পকৰীয়া, কপিলী, কলং, সোণাইয়েই হৈছে মৰিগাওঁ জিলাৰ প্ৰধান উপনৈ।

মৰিগাওঁ জিলাৰ প্ৰধান বিলঃ বৰচলা, সৰুচলা ইত্যাদিয়ে এই জিলাৰ প্ৰধান বিল।

মৰিগাওঁ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত জলপথ, স্থলপথ আৰু ৰে'লপথৰ সু-ব্য়ৱস্থা আছে।

মৰিগাওঁ জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

মৰিগাওঁ জিলাৰ ৰে'ল ষ্টেছনঃ জাগীৰোড, ধৰমতুল, আহঁতগুৰিয়েই হৈছে ই জিলাৰ ৰে'ল ষ্টেছন।

মৰিগাওঁ জিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, চাহ ইত্যাদিয়ে এই জিলাৰ প্ৰধান শস্য়।

মৰিগাওঁ জিলাৰ প্ৰধান ঠাইঃ 

(ক) জাগীৰোডঃ এই ঠাইত কাগজ কলৰ উদ্যোগ কেন্দ্ৰ প্ৰতিষ্ঠান আছে। দেশৰ বৃহত্তম শুকান মাছৰ ব্য়ৱসায় কেন্দ্ৰ এই ঠাইতেই অন্তৰ্ভুক্ত।

(খ) মৈৰাবাৰীঃ এই ঠাইত প্ৰচুৰভাৱে মৰাপাট খেতি উৎপন্ন কৰা হয়।

(গ) মায়ংঃ এই ঠাইৰ কাছশিলা নামৰ পাহাৰত অসমৰ আটাইতকৈ বৃহৎ শিলালীপিখন আচে। এই ঠাইক তন্ত্ৰ-মন্ত্ৰৰ বাবে প্ৰখ্যাত বুলি কোৱা হয়।

(ঘ) পবিতৰাঃ ৰাষ্ট্ৰীয় অভয়াৰণ্য়। হাতী, পহু, বনৰীয়া ম'হ, এখড়্গীয়া গড়ঁ আদি বিভিন্ন জীৱ-জন্তুৰ বাবে এই ঠাই প্ৰখ্যাত।

মৰিগাওঁ জিলাৰ অন্যান্য় উল্লেখযোগ্য় ঠাইসমূহঃ বনহুৰিয়া, লাহৰিঘাট, মনহা, বৰঙাবাৰী, ৰজা মায়ং, ধৰমতুল, জাগীভকত গাওঁ, ঔজাৰি, বৰচা আদিয়ে এই জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় স্থান।

মৰিগাওঁ জিলাৰ পবিতৰা অভয়াৰণ্যঃ এই পবিতৰা অভয়াৰণ্য খন অসমৰ মৰিগাওঁ জিলাত অৱস্থিত এখন মনোমোহা অভয়াৰণ্য। ই হৈছে অসমৰ মানুহবোৰৰ পৰ্যতন স্থান। এই অভয়াৰণ্য খন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই অভয়াৰণ্যখন বিখ্যাত আৰু মানুহৰ আকৰ্ষণনৰ কাৰণ হ'ল ইয়াত এশিঙীয়া গঁড় থকাৰ বাবে। এইখন অভয়াৰণ্যতে গঁড়ৰ সংখ্যা পৃথিৱীতকৈও অধিক সংখ্যক। পূৰণি দিনত মায়ং ৰাজ্য় নামেৰে জনাজাত এখন ৰাজ্য় আছিল। এই ৰাজ্য়খনৰ প্ৰথমজন ৰজা আছিল শূইনত সিংহ। ৰজাজনৰ এগৰাকী কন্যা আছিল। কন্যাগৰাকীৰ নাম আছিল পবিত্ৰা। ৰাজকুমাৰী পবিত্ৰা পিতৃ শূইনত ৰজাৰ অতিকৈ মৰমৰ আছিল। এদিন হঠাৎ পবিত্ৰাৰ  মৃত্য়ু হয় আৰু ৰজা শূইনত শোকত ভাঙি পৰে। ৰজাই তেওঁৰ জীয়ৰী পবিত্ৰাৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলখনৰ নাম ৰাখিলে পবিতৰা। অন্য় এক প্ৰবাদ মতে এই অঞ্চলত পাতিদৈয়া আৰু তৰা নামৰ দুবিধ উদ্ভিদৰে অঞ্চলটো আবৃত হৈ আছিল। পাতিদৈয়া আৰু তৰাৰে ভৰুৰ হৈ থকাৰ বাবে এই অৰণ্যখনৰ নাম "পবিতৰা" হয়। হাগুদ নামৰ এখন বিল উত্তৰ হাগুদপাৰৰ গাৱঁৰ মানুহে মাটি উলিয়াবৰ বাবে হাবি কাটি পৰিষ্কাৰ কৰি লৈছিল। গাঁৱৰ মানুহবোৰে হাল বাব যাবৰ বাবে বহুদূৰ বাট যাবগলীয়া হৈছিল। সেইকাৰণে গাৱঁৰ ৰাইজে পুৱতি তৰা ওলোৱাৰ সময়ত একগোট হৈ পথাৰলৈ যাবলৈ ওলাইছিল। পুৱতি তৰা ওলোৱাৰ সময়তে সকলোবোৰ একলগে পথাৰলৈ খোজ লোৱাৰ বাবে পথাৰৰ নাম "পুৱতি তৰা" ৰখা হৈছিল আৰু পুৱতি তৰাৰ পৰাই পিছলৈ পবিতাৰ নামৰ উৎপত্তি হয় বুলি জনা যায়। ইয়াৰ বাহিৰে পবিতৰা নামৰ উৎপত্তিৰ আন কোনো সঠিক প্ৰমাণ পোৱা যোৱা নাই।

                                          পবিতৰা অভয়াৰণ্যত এখিঙীয়া গড়
                             
মৰিগাওঁ জিলাৰ জুনবিল মেলাঃ অসমবাসীৰ বাবে এটা আনন্দ আৰু আকৰ্ষণীয় উৎসৱ হৈছে জুনবিল মেলা। মৰিগাওঁ জিলাৰ জাগীৰোড অঞ্চলৰ পৰা তিনি কিল'মিটাৰ নিলগত জোনবিল নামৰ এখন বিলৰ পাৰত এই মেলা উদযাপন কৰা হয়। মাঘ বিহুৰ দ্বিতীয়টো সপ্তাহত এই মেলা পালন কৰা হয়। এই মেলাত বিনিময় প্ৰথাৰ যোগেদি বয়-বস্তু আদান-প্ৰদান কৰা হয়। বিশেষকৈ পাহাৰীয়া জনজাতিৰ তিৱা লোকসকলে এই মেলাত ভৈয়াম অঞ্চলত বসবাস কৰা  তিৱা লোকসকলৰ লগত  বস্তু আদান-প্ৰদান কৰে। ইয়াত কোনো জনগোষ্ঠীকে নিচ বুলি নাভাৱি আনন্দ আৰু মিলাপ্ৰীতিৰে এই মেলা উদযাপন কৰা হয়। পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মিলনভূমি হৈছে এই জুনবিল মেলা।

   মৰিগাওঁ জিলাৰ জোনবিল মেলা।


মৰিগাঁও জিলাৰ উন্নয়ন-খণ্ড আৰু গাঁও সমূহৰ  নাম

মৰিগাওঁ জিলা
ভূৰাগাওঁ উণ্ণয়নখণ্ড
লাহৰীঘাত উণ্ণয়ন খণ্ড
মায়ং উণ্ণয়ন খণ্ড
মিকিৰভেটা উণ্ণয়ন খণ্ড





Post Id: DABP001313