Dhubri ধুবুৰী 
Join Our Facebook Group 



ধুবুৰী জিলাঃ ধুবুৰী হৈছে অসমৰ এখন জিলা। ধুবুৰী  জিলাখন ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ নামনি প্ৰান্তত অৱস্থিত। ধুবুৰী হৈছে ব্ৰহ্মপুত্ৰ আৰু গংগাধৰ নদীৰ পাৰত অৱস্থিত এখন ইতিহাসৰ প্ৰখ্যাত নগৰ।


ধুবুৰী জিলাৰ উৎপত্তিঃ মানুহৰ মুখে মুকে প্ৰচলিত কথাৰ পৰা জানিব পৰা যায় যে ধুবুৰীৰ নেতাই ধুবুনীৰ ঘাত আছিল বুলি জনা যায়।এই নেতাই ধুবুনীৰ নামৰ পৰাই ধুবুৰি নামটোৰ উৎপত্তি হৈছে বুলি জানিব পৰা যায়।


ধুবুৰী জিলাৰ চাৰিসীমাঃ ধুবুৰী জিলাৰ উত্তৰে কোকৰাঝাৰ জিলা, পূবে গোৱালপাৰা আৰু বঙাইগাওঁ জিলা, দক্ষিণে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা আৰু পশ্চিমে বাংলাদেশ ৰাষ্ট্ৰ আৰু পশ্চিমবংগ ৰাজ্য।


ধুবুৰী জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ স্থান ধুবুৰী।


ধুবুৰী জিলাৰ মহকুমাঃ ধুবুৰী , বিলাসীপাৰা ।


ধুবুৰী জিলাৰ মাটিকালিঃ ১৬৬৪.১ বৰ্গ কিঃমিঃ।


ধুবুৰী জিলাৰ জনসংখ্যাঃ ১৯,৪৮,৬৩২ জন। (অবিভক্ত ধুবুৰী জিলা)।


ধুবুৰী জিলাৰ শিক্ষাঃ ধুবুৰী জিলাত বৰ্তমান উচ্চ শিক্ষাৰ বাবে ১৫ খন মহাবিদ্য়ালয় অৱস্থিত। এই জিলাৰ আটাইতকৈ পূৰণি প্ৰখ্যাত শিক্ষানুষ্ঠান হৈছে ১৯৪৬ চনত প্ৰতিষ্ঠা কৰা ভোলানাথ মহাবিদ্য়ালয়। ধুবুৰীত এখন আই টি আই কলেজ অৱস্থিত। এই জিলাত ১০০খনৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্য়ালয় অন্তৰ্গত। আহি থকা ২টা বছৰৰ ভিতৰত ধুবুৰী জিলাত এখন উচ্চ মানৰ চিকিৎসা মহাবিদ্য়ালয় শিক্ষানুষ্ঠান স্থাপন কৰা হ'ব।


ধুবুৰী জিলাৰ নৈ - উপনৈঃ ব্ৰক্ষ্মপুত্ৰ , সোনকোষ , গৌৰাংগ , গদাধৰ, টিপকাই গংগাধৰ আদি ।


ধুবুৰী জিলাৰ প্ৰধান বিলঃ ধীৰ, দিপুল, ডাকৰা, চাতলা আদি।


ধুবুৰী জিলাৰ প্ৰধান পাহাৰঃ চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা আদি।


ধুবুৰী জিলাৰ যাতায়ত ব্যৱস্থাঃ এই জিলাত বিমানপথ, ৰে'লপথ, স্থলপথ আৰু জলপথৰ ব্যৱস্থাও  আছে।


ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে  বহলপুৰ, চাপৰ, শালকোচা, বিলাসীপাৰা, বগৰীবাৰী, গৌৰীপুৰ, আগমনি, বিদ্যাপাৰা, হালাকুৰা, বক্সিৰহাট আদি বিভিন্ন ঠাইক সংযোগ কৰিছে।


ধুবুৰী জিলাৰ ৰে'ল ষ্টেচনঃ ধুবুৰী, গৌৰীপুৰ, বালাজান, গোলকগঞ্জ (জংচন), মটেৰঝাৰ, আগমনি, হালাকুৰা বক্সিৰহাট আদি।


ধুবুৰী জিলাৰ জাহাজঘাটঃ ধুবুৰী, গোলোকগঞ্জ।


ধুবুৰী জিলাৰ বিমান ঘাটিঃ ৰূপসী, (বৰ্তমান বন্ধ হৈ আছে)


ধুবুৰী জিলাৰ প্ৰধান শস্যঃ  ধান, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ আদি এই জিলাৰ প্ৰধান শস্য।


ধুবুৰী জিলাৰ প্ৰধান ঠাইঃ (ক) ধুবুৰী ঃ এই জিলাৰ সদৰ ঠাই। ধুবুৰী জিলাৰ উচ্চ শিক্ষা আৰু বেহা-বেপাৰৰ কেন্দ্ৰ অৱস্থিত।


ধুবুৰী জিলাৰ উল্লেখযোগ্য় স্থানসমূহঃ


পাণবাৰী মছজিদঃ এই মছজিদটো বহুত প্ৰখ্যাত আছিল। ই ধুবুৰীৰ পৰা ২৫ কিল'মিটাৰ আঁতৰত অৱস্থিত । ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ পাণবাৰী আৰু ৰঙামাটিৰ অঞ্চলত প্ৰতিষ্ঠা কৰা হৈছিল।  এই মছজিদটোক বংগদেশৰ শাসক হুচেইন চাহে ১৮৯৩ ৰ পৰা ১৫১৯ খ্ৰীষ্ঠাব্দ মানত স্থাপন কৰিছিল। অসমৰ আটাইতকৈ পূৰণি মছজুিদটো হ'ল এই পাণবাৰী মছজিদটো। 

                                              পানবাৰী মছজিদ


ধুবুৰী জিলাৰ পাঁচ পীৰ দৰগাহঃ পাঁচ গৰাকী চুফি সন্তৰ মাজাৰ চৰিফ বাবেই ইয়াৰ নাম পাঁচ পীৰ দৰগাহ হ'ল। আহোম ৰাজ্য়ক আক্ৰমণ কৰিবলৈ ৰামসিংহৰ সৈতে এই পাঁচগৰাকী সন্ত আহিছিল।


                               
                                পাঁচপীৰ দৰগাহ


ধুবুৰী জিলাৰ মহামায়া ধামঃ ধুবুৰী জিলাৰ এখন বগৰীবাৰীৰ চাপৰ পাহাৰ এখনত এই থানখন অন্তৰ্গত। জংঘলেৰে আবৃত হৈ থকা এই থান খন দেখিবলৈ অতি মনোমোহা। মহামায়া ধাম নামনি প্ৰান্তত অৱস্থিত এখন অৱস্থিত।


                                         মহামায়া ধাম


ধুবুৰী জিলাৰ ৰামৰায়কুটী সত্ৰঃ মহাপূৰুষ শ্ৰী মন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এই ৰামৰায়কুটী নামৰ সত্ৰখন ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু অসম-পশ্চিম আন্তঃৰাজ্য়িক সীমাৰ ওচৰত ছপাশাল নামৰ এখন ঠাইত অৱস্থিত। এই ঠাইথ মহাপূৰুষ শ্ৰী মন্ত শংকৰদৱেৰ সম্পৰ্কীয় ভাতৃত ৰামৰায়ৰ জীৱৰী আৰু কোঁচ সেনাপতি চিলাৰায় বিবাহ পাশত আৱদ্ধ হৈছিল। এই ঠাইত এখন ৰথ সংৰক্ষণ হৈ আছে যাক পিতলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। 

                                             ধুবুৰী জিলাৰ ৰামৰায়কুটী সত্ৰ


ধুবুৰী জিলাৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাঃ ভাৰতৰ অসম ৰাজ্য়ৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অন্তৰ্গত এখন শিখসকলৰ গুৰুদ্বাৰ। শিখ ধৰ্মৰ প্ৰথমগৰাকী গুৰু, 'গুৰু নানক' দেৱ ১৫০৫ খ্ৰীঃত অসমলৈ ভ্ৰমণ কৰিবলৈ আহোতে এই ঠাইতে তেওঁ বৈষ্ণৱ ধৰ্মৰ ধৰ্মালম্বী মহাপূৰুষ শ্ৰী মন্ত শংকৰদেৱক লগ পায়।  শিখসকলৰ নৱম গৰাকী গুৰু, গুৰু টেগ বাহাদুৰ এটা গুৰুদ্বাৰা  ১৭ শতিকাত প্ৰতিষ্ঠা কৰে। গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱস হিচাপে প্ৰত্যকটো বছৰে ডিচেমব্পৰ মাহত এই ঐতিহাসিকপূৰ্ণ ঠাইলৈ ৫০,০০০ শিখ ধৰ্মৰ লোকৰ লগতে হিন্দু, মচুছলিম আৰু অন্যান্য ধৰ্মৰ লোকো আহে। ৩ ডিচেম্বৰ তাৰিখে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। শ্বহীদী গুৰু পৰ্ব বুলি শিখ ধৰ্মৰ লোকসকলে এই উৎসৱক কয়।
                       শ্ৰী গুৰু টেগ বাহাদূৰ চাহিব গুৰুদ্বাৰ

চক্ৰশিলা অভয়াৰণ্যঃ চক্ৰশিলীা অভয়াৰণ্য় হৈছে ধুবুৰী জিলাৰ লগতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত এখন মনোমোহা ঁঅভয়াৰণ্য। এই চক্ৰশিলা অভয়াৰণ্য়খন সোণালী বান্দৰৰ বাবে বিখ্যাত। ই হৈছে সোণালী বান্দৰৰ বাবে  দ্বিতীয়খন সংৰক্ষণ হৈ থকা  বাসস্থান। উত্তৰা-দক্ষিণাকৈ এটা পাহাৰীয়া অঞ্চলত অন্তৰ্গত এই অভয়াৰণ্যখন। এই অভয়াৰণ্যখনৰ দুয়োফালে বিস্তৃত হৈ থকা ধীৰ বিল আৰু দিপলাই বিলে অভয়াৰণ্যখন শুৱনি কৰি তুলিছে। লগতে প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা ভৰপুৰ এই অভয়াৰণ্যখন শাল গছ আৰু পৰ্ণপাটী উদ্ভিদেৰে আবৃত হৈ আছে।

                                                       চক্ৰশিলা অভয়াৰণ্য
    

ধুবুৰী জিলাৰ শিল্প সংস্কৃতিঃ 

আশাৰীকান্দি গাঁৱৰ মৃৎশিল্পঃ ধুবুৰী জিলাৰ মৃৎশিল্পৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰিছে। মৃৎশিল্প ধুবুৰী জিলাৰ গৌৰীপুৰ নামৰ ঠাই এখনৰ ওচৰৰ আশাৰীবান্দী নামৰ ঠাইত উৎপত্তি হৈছিল।




ধুবুৰী জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নামঃ 

আগামণি

বগৰীবাৰী 

বিলাসীপাৰা 

চাপৰ

ধুবুৰী 

গোলোকগঞ্জ 

গোসাইগাওঁ 

মানকাচাৰ 

দক্ষিণ শালমাৰা