Majuli মাজুলী 

Join Our Facebook Group

Join Our Telegram Group


মাজুলী জিলাঃ মাজুলী হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ। আগতে এই মাজুলী জিলাখন যোৰহাট জিলাৰ এটা মহকুমা আছিল।  মহাপূৰুষ দুজনাৰ মিলন এই জিলাৰ বেলগুৰি সত্ৰত হৈছিল বুলি কোৱা হয় আৰু তেওঁলোকৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়।। এই জিলাতে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সত্ৰসমূহ অন্তৰ্গত।


মাজুলী জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ মাজুলী নদীদ্বীপৰ আকাৰ লোৱাৰ পূৰ্বতে দিহিং নৈ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ কিছু অংশক মজালি লৈছিল। অতুল চন্দ্ৰ হাজৰিকা দেৱৰ পৰা জানিব পৰা যায় যে এসময়তল শস্যৰ উভয়নদী হোৱাৰ বাবে মাজুলীক মা লক্ষ্মীৰ ভঁৰাল বুলি কোৱা হৈছিল বুলি জনা যায়। ইয়াৰ পৰাই মাজুলী নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়।


মাজুলী জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে লক্ষিমপুৰ জিলা, দক্ষিণে গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলা অন্তৰ্গত, পূৱে শিৱসাগৰ আৰু ধেমাজি জিলা অৱস্থিত আৰু পশ্চিমে বিশ্বনাথ জিলা অন্তৰ্গত।


মাজুলী জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই গড়মুৰ।


মাজুলী জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৮৮০ ব্ৰগ কিল'মিটাৰ।


মাজুলী জিলাৰ জনসংখ্য়াঃ এই জিলাৰ জনসংখ্য়া হৈছে ১,৬৭,৩০৮ কিল'মিটাৰ।


মাজুলী জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা হৈছে মাজুলী।


মাজুলী জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰ নদীয়ে হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।


মাজুলী জিলাৰ প্ৰধান উপনৈঃ মাজুলী জিলাৰ দুখন প্ৰধান উপনৈ টুনী আৰু সোৱণশিৰি।


মাজুলী জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত জলপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


মাজুলী জিলাৰ সত্ৰঃ এই জিলাতে চামগুৰি, কমলাবাৰী, গড়মূৰ, দক্ষিণপাট, আউনিআটি সত্ৰ অৱস্থিত।


মাজুলী জিলাৰ প্ৰধান শিল্প উদ্য়োগঃ এই জিলাতে বৃহৎ পৰিমাণৰ ৰবি শস্য়ৰ খেতি উৎপন্ন কৰা হয়। এই জিলাৰ সত্ৰীয়া নৃত্যৰ আকৰ্ষণে দেশ-বিদেশৰ মানুহ ইয়ালৈ আহে। এই সংস্কৃতিৰ প্ৰচাৰ সমগ্ৰ বিশ্ববিখ্যাত।


মাজুলী জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়েঃ  মাজুলীত প্ৰচাৰিত অনুষ্ঠান প্ৰতিষ্ঠান বুলি কওঁতে মাজুলিত থকা সত্ৰসমূহৰ কথাই প্ৰথমতে ক'ব লাগিব। পঞ্চদশ শতিকাত মহাপূৰুষ শ্ৰী মন্ত শংকৰদেৱে ধুঁৱাহাট-বেলগুৰি সত্ৰ স্থাপন কৰি অসমীয়া সংস্কৃতি আগুৱাই লৈ গৈছিল। ইয়াৰোপৰি মাজুলীত ৰাস, ভাওঁনা, নাম-কীৰ্তন আদিৰ নিচিনা বিভিন্ন অনুষ্ঠান পালন কৰা হয়।


মাজুলী জিলাৰ সত্ৰসমূহৰ বিষয়ে সবিশেষঃ 


মাজুলী জিলাৰ আউনীআটি সত্ৰঃ অপ্সৰা আৰু পালনামৰ বাবে প্ৰখ্যাত এই সত্ৰখনক নিৰঞ্জক পাঠকদেৱে নিৰ্মাণ কৰিছিল বুলি জনা যায়। অসমৰ শিল্পকলা, বাচন-বৰ্তন, গহনা আৰু হস্তশিল্পৰ ভৰপুৰ এই সত্ৰখনি। এইখন সত্ৰক দৰ্শন কৰিবলৈ বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে।


মাজুলী জিলাৰ  বেঙেনাআটি সত্ৰঃ মাজুলী জিলাৰ মধ্য়প্ৰান্তত এই সত্ৰখনি অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ওচৰত এইখন সত্ৰ আছে। এই সত্ৰখনিত ফল্গুৎসৱ চাৰিদিনীয়াকৈ ৰং-ধেমালী আনন্দৰে উদযাপন কৰা হয়। বেঙেনা আটি সত্ৰত আহোম ৰজাসকলে অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বুলি জনা যায়।


মাজুলী জিলাৰ  চামগুৰি সত্ৰঃ এই সত্ৰখনৰ নাম চামগুৰি হোৱাৰ কাৰণ হ'ল এই সত্ৰখন এজোপা চাম গছৰ তলত প্ৰতিষ্ঠা কৰিছিল বাবে। মুখা শিল্পৰ বাবে সত্ৰখন প্ৰখ্যাত।



মাজুলী জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ 

মাজুল