Kamrup Gramya কামৰূপ গ্ৰাম্য

Join Our Facebook Group

Join Our  Telegram Group

কামৰূপ গ্ৰাম্য জিলাঃ কামৰূপ অসমৰ এখন প্ৰশাসনকেন্দ্ৰিক জিলা। অসম চৰকাৰে এই জিলাক ২০০৩ চনত দুটা ভাগত ভাগ কৰি দিছিল। গুৱাহাটীৰ অধিক অঞ্চল আগুৰাকলৈ সেই জিলাৰ নাম কামৰূপ মহানগৰ হয়। আগৰ কামৰূপখনৰ নাম কামৰূপ গ্ৰাম্য় নাম ৰখা হয়।


কামৰূপ গ্ৰাম্য় জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পূৰণি আখ্যান মতে দক্ষ ৰজাৰ জীৱৰী পাৰ্বতীয়ে পিতৃৰ অমান্তিত মহাদেৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দক্ষ ৰজাই মহাদেৱক দুখীয়া বুলি চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষ ৰজাই এটা ডাঙৰ যজ্ঞৰ আয়োজন কৰিলে আৰু এই যজ্ঞত বিভিন্ন ৰজা, ঋষি-মুনি, তেওঁৰ আত্মীয়-সম্পৰ্কৰ লোকসকল আদিক নিমন্ত্ৰণ দিছিল। তালৈ তেওঁ পাৰ্বতীক নিমন্ত্ৰণ নিদিলে। দেউতাকৰ যজ্ঞস্থলীত নমতাকৈ পাৰ্বতী গ'ল। পাৰ্বতীক দেখি খঙত জ্বলি-পুৰি উঠিল দক্ষ ৰজা।  তেওঁ যজ্ঞস্থলীতে মহাদেৱক দুখীয়া বুলি হাঁহিছিল আৰু তেওঁক বহুত বেয়াকৈ কৈছিল । পিতৃৰ মুখত স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। পত্নীৰ মৃত্যুত মহাদেৱ শোকত পাগলৰ দৰে হ'ল। তাৰ পাছত পত্নীৰ মৃতদেহ কান্ধত লৈ গোটেই বিশ্বব্ৰহ্মাণ্ডতে  ঘূৰি ফুৰিছিল আৰু তাণ্ডৱ নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। শিৱই যদি তাণ্ডৱ নৃত্য কৰে তেন্তে গোটেই পৃথিৱী ধ্বংস হৈ পৰিব। সেই দেখি বিষ্ণুৱে কোনো প্ৰকাৰে মহাদেৱক শান্ত কৰিলে আৰু পাৰ্বতীৰ মৃতদেহ কাটিবলৈ শিৱক অনুৰোধ জনালে আৰু তাৰ বাবে বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰ পঠিয়ায়। সুদৰ্শন চক্ৰই সতীৰ দেহ কাটিলে আৰু শৰীৰৰ প্ৰত্যোকবিধ অংগ ঠায়ে ঠায়ে পৰিল। যি ঠাইতেই এই অংশবোৰ পৰিছিল তাতেই একোখন তীৰ্থস্থান গঢ় লৈ উঠিছিল। কামাখ্যা মন্দিৰ গঢ় লৈ উটাৰ কাৰণ হ'ল এই ঠাইতে সতীৰ যোনীভাগ পৰিছিল। এক এনেকুৱা সময় আহিল সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহ কটাৰ পিছত তেওঁৰ মৃতদেহটো শেষ হ'ল। তাৰ পাছত মহাদেৱ কঠোৰ তপস্যাত মগ্ন হ'ল। দেৱকুলত হুৱা-দুৱাৰ সৃষ্টি হ'ল কাৰণ মহাদেৱ নহ'লে পৃথিৱীত কাৰোৱে মৃত্যু নহ'ব। কিন্তু সৃষ্টি হ'বলৈ ধ্বংসৰ প্ৰয়োজন। সেইদেখি দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক মহাদেৱৰ তপত্যা ভংগ কৰিবলৈ পঠিয়াই দিলে। কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰিলে আৰু খঙত শিৱই তৃনয়নৰ দৃষ্টিৰে কামদেৱক ভষ্ম কৰি পেলালে। এই কাণ্ড দেখি কামদেৱৰ পত্নী ৰতীদেৱীয়ে শিৱৰ ওচৰত কাকুটি-মিনতি কৰিলে ৰতীদেৱীৰ প্ৰাৰ্থনাত শিৱ সন্তুষ্ট হ'ল আৰু কামদেৱক পুনৰ জীৱন ঘূৰাই দিলে। যি ঠাইত কামদেৱে পুনৰ জীৱন ঘূৰাই পাইছিল সেই ঠাই পিছলৈকে কামৰূপ নামৰে জনাজাত হ'ল আৰু গ্ৰাম্য় অঞ্চলত পৰাৰ বাবে এই জিলাৰ নাম কামৰূপ গ্ৰাম্য় হ'ল।


কামৰূপ গ্ৰাম্য জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে বাক্সা জিলা আৰু নলবাৰী জিলা অৱস্থিত, পূবে দৰং আৰু কামৰূপ মহানগৰ জিলা অন্তৰ্গত, দক্ষিণে মেঘালয় আৰু পশ্চিমে গোৱালপাৰা জিলা অন্তৰ্ভুক্ত।


কামৰূপ গ্ৰাম্য় জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৩০৮৬,৮৪ বৰ্গ কিল'মিটাৰ।


কামৰূপ গ্ৰাম্য় জিলাৰ জনসংখ্য়াঃ কামৰূপ গ্ৰাম্য় জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৫,১৭,২০২ জন।


কামৰূপ গ্ৰাম্য় জিলাৰ সদৰ ঠাইঃ আমিন গাওঁৱেই হৈছে এই জিলাৰ সদৰ স্থান।


কামৰূপ গ্ৰাম্য় জিলাৰ মহকুমাঃ ৰঙিয়া, গুৱাহীটেই কামৰূপ গ্ৰাম্য় জিলাৰ মহকুমা।


কামৰূপ গ্ৰাম্য় জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰ নদী।


কামৰূপ গ্ৰাম্য় জিলাৰ উপনৈঃ পুঠিমাৰী, বকো, শিংৰা, বৰনদী, বৰলীয়া, কুলসী ইত্যাদিয়ে এই জিলাৰ উপনৈ।


কামৰূপ গ্ৰাম্য় জিলাৰ প্ৰধান বিলঃ চান্দডুবি, চলচলা, কুকুৰমাৰা, খামৰঙা, সাতদলা।


কামৰূপ গ্ৰাম্য় জিলাৰ উল্লেখযোগ্য় স্থানসমূহঃ 


চান্দ সদাগৰৰ মেৰঘৰঃ এই চান্দ সদাগৰ মেৰঘৰটো বহুত প্ৰখ্যাত। ইয়াৰ শেষ স্মৃতি সমূহ এতিয়াওঁ দেখিবলৈ পোৱা য়ায়। ইয়াৰ সৈতে ইতিহাস জিলাকাই উটা কাহিনী বাউলা-লক্ষীণ্ডাৰৰ কাহিনী খাপ খাই আছে বুলি জনা যায়।


মদন কামদেৱ দেৱালয়ঃ এই মদন কামদেৱ দেৱালয়টো বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ ৩ কিল'মিটাৰ নিলগত অন্তৰ্গত। অসংখ্য় ভগ্নাৱশেষে এই অ়্চলটোত সিঁচৰিত হৈ থকা জনা যায়। পালবংশীয় শাসকসকলে এই মদন কামদেৱ দেৱালয়টো স্থাপন কৰিছিল। ভ্ৰমণকাৰীসকলৰ  বাবে এই ঠাই অতি মনোমোহা।

                                    মদন কামদেৱ দেৱালয়


কামৰূপ গ্ৰাম্য় জিলাৰ  সিদ্ধেশ্বৰ দেৱালয়ঃ ই হৈছে এটা শিৱ মন্দিৰ। আহোম ৰজা শিৱসিংহৰ দিনত প্ৰতিষ্ঠা কৰা ই টা প্ৰখ্যাত শিৱ মন্দিৰ।


                                            শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়


কামৰূপ গ্ৰাম্য় জিলাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰঃ এই ঐতিহাসিক মন্দিৰটো অতিকৈ মনোমোহা। ই চন্দ্ৰভাৰতী পাহাৰত অন্তৰ্ভুক্ত।

                                                 শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ

কামৰূপ গ্ৰাম্য জিলাৰ গোপেশ্বৰ দেৱালয়ঃ গোপেশ্বৰ দেৱালয় বাইহাটা চাৰিআলিৰ পৰা ২ কিল'মিটাৰ দূৰত্বত দক্ষিণ প্ৰান্তত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে দেউদুৱাৰ নামৰ এখনি গাৱঁত অন্তৰ্ভুক্ত। গোপেশ্বৰ দেৱালয় এঠা পাৰ্কৃতিক গুহাত প্ৰতিষ্ঠা কৰা হৈছিল। 

                   

                                       গোপেশ্বৰ দেৱালয়


কামৰূপ গ্ৰাম্য় জিলাৰ দীৰ্ঘেশ্বৰী মন্দিৰঃ দীৰ্ঘেশ্বৰী মন্দিৰ হৈছে এখন প্ৰখ্যাত তীৰ্থস্থান। এই তীৰ্থস্থানখন উত্তৰ গুৱাহাটী অঞ্চলত অন্তৰ্গত। 

দীৰ্ঘেশ্বৰী মন্দিৰ

                                     

                                    


কামৰূপ গ্ৰাম্য় জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 


গোৰেশ্বৰ 

 কয়া 

 নগৰবেৰা 

 ৰঙিয়া (পিটি)

চমাৰীয়া

উত্তৰ গুৱাহাটী

গৰৈমাৰী

পলাশবাৰী

কমলপুৰ

Type: Sri Chinmay kakati.