আলফাৰ সেনাধক্ষ পৰেশ অসমলৈ মুকলি চিঠি। সকলোৱে share কৰিব বুলি আশা কৰিলোঁ। 

  মাননীয় পৰেশ অসম মহোদয়।সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব। যি সময়ত আপুনি স্বাধীন অসমৰ স্বপ্নত হাবিয়ে- বননীয়ে ঘুৰি ফুৰিছিল, নিজৰ যৌৱন ত্যাগ কৰিছিল তাৰ বহু বছৰ পাছত মোৰ জন্ম। জনা হোৱাৰ পৰা আপোনাৰ বিষয়ে, সংগঠনৰ বিষয়ে শুনিছোঁ। 

  মহাশয় এই যে আমাৰ মাটিত থকা বৃহৎ বৃহৎ সেউজীয়া চাহ গছৰ বাগিচা বোৰ আমাৰ হৈয়ো আমাৰ নহয় মই জানোঁ। আমাৰ তেল আমাৰ নহয়  জানোঁ। ভূমিৰ অধিকাৰ যে হেৰুৱাইছো মই জানো। ৰাজনৈতিক ভাৱে সদায়েই যে আমাক হত্যা কৰি আহিছে ভাৰত চৰকাৰে মই বুজোঁ। আৰু ইয়াণ্ডাবু সন্ধিৰ বিষয়েও জানোঁ। কিদৰে অসম প্ৰদেশ ভাৰতৰ অন্তৰ্গত হৈছিল। সেয়ে হয়তো আপোনাৰ দৰেই আমাৰো বিদ্ৰোহ কৰিব মন যায়। আমাৰ অধিকাৰ বোৰ আমাৰ হাতত লাগে বুলি চিঞঁৰি চিঞঁৰি ক'ব খোজোঁ। কোনোবাটো সময়ত স্বাধীন অসমৰ সপোন ময়ো দেখোঁ। 
 মহাশয় কেইটামান বছৰ আগলৈ ঘুৰি ব'লক চোন। সমগ্ৰ অসমৰ জনগণে আপোনালোকৰ ওপৰত আস্থা ৰাখি, আপোনালোকে দেখুওৱা স্বাধীনতাৰ সপোন নিজৰ সপোন কৰিলোৱা নাছিল নে? আপোনালোকক কিমান বিশ্বাস কৰিছিল? আপোনালোকৰ প্ৰতিটো কথাই মানিছিল‌। কিন্তু ইমান সমৰ্থন থকাৰ পাছতো, সকলোৰে গ্ৰহণযোগ্য হোৱাৰ পাছতো আজি আপোনালোকক সকলোৱে ঘৃণাৰ দৃষ্টিৰে চাইছে কিয়? কিয় সকলোৱে আপোনালোকক কেৱল অভিশাপ দিছে? ভুলটো ক'ত হ'ল মহাশয়?  

 মহাশয় তেতিয়া যে আপুনি দেখিছিল বৃহৎ বৃহৎ অট্টালিকা বোৰ, দেখি কৈছিল এদিন এই অট্টালিকা বোৰ আমাৰ অসমীয়া এজনৰ হ'ব উত্তৰ ভাৰতীয়, দক্ষিণ ভাৰতীয় সকলৰ ব্যৱসায় বোৰ অসমীয়াই কৰিব , আমাৰ কোনোবা এজন অসমীয়া সেই চাহ বাগানৰ মালীক হ'ব সকলো সপোন হৈয়ে থাকিল। অৱশ্যে তাৰ মাজতে তেতিয়া আপোনাৰ সতীৰ্থ কিছুমানে আপোনাক এৰি আহি এইবোৰ নিজৰ কৰিলে। অলপ পাছত কৈ আছোঁ সকলো। 

 মহাশয় আমাৰ জনগণৰ কথা বাদ দিলোঁ। আপোনালোকৰ কথায়েই ক‌ও। স্বাধীনতাৰ সপোন দেখি ওলাই যোৱা ৮০০০ হাজাৰতকৈ অধিক তেজাল অসমীয়া ডেকা মৃত্যু হ'ল। ১২০০০ হাজাৰতকৈ অধিক আঘাত প্ৰাপ্ত হ'ল। পংগু হ'ল। 
 ম‌ই শুনিছোঁ ১৯৯৪ চনৰ ২৪ জুনৰ সেই ভয়ানক ঘটনাটো। নগাঁৱৰ হয়বৰগাঁও শ্মশানত পুতুল মেধী,হেমেন্দ্ৰ নাথ,হিৰণ্য বৰুৱা, বিশ্বজিৎ বৰা, পোৱালি বসু হতক কেৰাচিন ধালি জ্বলাই দিয়াৰ সেই ভয়ংকৰ ঘটনাটো মোৰ জন্মৰ এটা বছৰ আগৰ। মই জানোঁ সিহঁত আমাৰেই বঙহৰ আছিল। 
 অপাৰেচন অলক্লিয়াৰৰ সময়ত আপোনাৰ সতীৰ্থ দিপালী ফুকনক মানাহত ভাৰতীয় সেনাই দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ কথা জানোঁ। প্ৰতিবছৰে বিপ্লৱৰ নামত ওলাই যোৱা,স্বাধীনতাৰ পাছত দৌৰা অসমীয়া ডেকা বোৰৰ মৃত্যুৰ খৱৰ পাওঁ। প্ৰতিদিনে চকুলো ওলাই। যদিও তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই। 

মহাশয় এই যুজঁ খনৰ শেষ কেতিয়াবা হ'ব নে? এই যুজঁ খনৰ পৰিসমাপ্তি হোৱালৈকে অসমীয়া কোনোবা জীয়াই থাকিব নে? কিমান হেৰুৱালো আৰু কিমান হেৰুৱাম? বিপ্লৱৰ নামত এতিয়াকি হৈ আছে? আপুনি বাৰু অসমীয়াৰ সমৰ্থন আৰু কেতিয়াবা পাব নে? আপুনি কোন খন অসমক স্বাধীন কৰিব য'ত অসমীয়া বুলি কোনো নাথাকিব? আপোনাৰ নেতৃত্ব সবল নে? 

 আলোচনাৰ নামত কি হৈছে দেখিছোঁ। প্ৰাক্তন আলফাৰ ভোগ বিলাস দেখিছোঁ। বিপ্লৱ কৰিও যে কোনোবা কোটি পতি হব পাৰে সেয়াও দেখিছোঁ। ব্ৰহ্মদদেশৰ ঘণ হাবিৰ মাজত সোমাই থাকি, চীন,বাংলাদেশৰ আশ্ৰয় গ্ৰহণ কৰি যে বিপ্লৱী বোৰ ইমান ধনী হৈ পৰিব পাৰে সেয়া দেখিবলৈ হে পাইছোঁ। ব্যক্তিগত স্বাৰ্থৰ বাবে কিয় আপোনাৰ সতীৰ্থ সকলে তেজাল তেজাল শত সতশ্ৰ অসমীয়াক ঢাল হিচাপে ব্যৱহাৰ কৰিলে? কিয়? 
 ক'ত গ'ল সেই সপোন বোৰ য'ত বাগান বোৰ আমাৰ হ'ব অসমীয়া সকলো ধনী হ'ব, তেল বোৰ ঘৰতেই থাকিব, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশ অসমীয়াৰ হাতত থাকিব। সকলো পিনে জয় জয় ময় ময় হ'ব। 

মহাশয় বহুত হ'ল। নিজৰ মাজতে আৰু কিমান মৰা কটা লাগিম? কিমান আৰু শিশুক পিতৃ হাৰা কৰিব? কিমান পত্নীক বিধবা কৰিব? কিমান মাতৃ-পিতৃক পৰীক্ষা কৰিব?তেওঁলোকৰ পুত্ৰক কাঢ়ি নিব? কিমান আৰু আমি হিয়া উজাৰি কান্দিম? 

 কি মান আৰু ভুল কৰিব আপোনালোকে? ধেমাজিৰ কথা কম নে? কি পাপ আছিল সিহঁতৰ?

মহাশয় এতিয়া আপুনি আপোনাৰ সাহসৰ পৰিচয় দিয়ক। গুলি, বাৰুদৰ শব্দৰে স্বাধীনতা আৰু নালাগে। সহোদৰৰ তেজৰ ৰঙৰে স্বাধীনতা নালাগে। আপুনি মুকলি আকাশৰ তললৈ আহক। আহক আপুনি অসমলৈ আপোনাৰ জন্মভূমিললৈ। আপোনাৰ ভুল বোৰ পাহৰি নতুনকৈ এখন অসমৰ সপোন দেখিবলৈ চেষ্টা কৰিম। আমি সকলোৱে একেলগে। 

 আমি সৰুকৈ এখন বাগান পাতিম। নামটো আপুনিয়েই দিব। তেল উৎপাদন স্থলীত আমি আমাৰ মানুহ ৰাখিম। সিহঁতক উপযুক্ত ভাৱে গঢ়ি তুলিম। যদি ব্ৰহ্মদেশৰ ঘণ হাবিত অনাহাৰে অনিদ্ৰাৰে স্বাধীন অসমৰ সপোন বুকুত বান্ধি মৰিবলৈও ভয় নকৰি যাবলৈ পাৰে তেনে উপযুক্ত শিক্ষা গ্ৰহণেৰে অয়লৰ সকলো পদতে অসমীয়া যুৱকেই কাম কৰিব পাৰিব। সিহঁতে নিজৰ ধুনীয়া ঘৰ বনাব পাৰিব। আৰু ইয়াৰ পাছত সকলোৱে মিলি এখন নতুন অসম গঢ়িম যি খন অসম দেখি ভাৰতীয় দখল দাৰি বাহিনীয়ে(আপোনাৰ ভাষাত) চেল্যুট মাৰি ক'ব পৰেশ অসম মহোদয়  আপোনাৰ স্বাধীনতা আপোনাৰ হাতৰ মুঠিত। সাৰ্বভৌমত্ব কাক ক‌ই আপুনি বুজাই দিলে। 

  ইতি
 তুষাৰ প্ৰতিম নাথ (মুন্না)
 পতিয়াপুখুৰী, ঘটুৱা, শোণিতপুৰ, অসম।
পিন ৭৮৪১৪৯
ফোন ৭৮৯৬২২২৯০৮

 বিদ্ৰ: সকলোৱে share কৰক। হত্যা হিংসা বোৰ বন্ধ হ‌ওক। তিনিচুকীয়াৰ বৰডুমছায়েই শেষ হ‌ওক। আকৌ যাতে কোনো অসমীয়া নিজৰ মাজত লাগি মৃত্যু নহ‌ওক।।