পাঠ নং  ১৫
মহো-হো গীত




১) পাঠত দিয়া মহো - হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।

উত্তৰ - হৌ - লউ  মহমহওঁতে - ঘহাওঁতে  পৰিল - মৰিল  মালা - ভালা  নুণ - দুণ  যাওঁতে - পাওঁতে  পাটে - ঘাটে  চাকা - টাকা ।

২) উত্তৰ লিখা ।

ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে - হাতে কি লৈছে ?

উত্তৰ - মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে - হাতে টাঙোন লৈছে ।

খ) হিদাল গছত গা ঘহাওঁতে কি হ ' ল ?

উত্তৰ - হিদেলি পৰিল আৰু সকলোবোৰ মহ মৰিল ।

গ) মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে ?

উত্তৰ - মহ খেদিবলৈ যোৱা লৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে ।

ঘ) টাকা আৰু সিকি মানে কি   ?

  উত্তৰ - টাকা আৰু সিকি মানে হ ' ল - টাকা মানে টকা আৰু সিকি মানে হ'ল পঁচিশ পইচাৰ মুদ্ৰা ।

ঙ) মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি ?

উত্তৰ - মহো - হো গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়াৰ ।

৩) তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা ।

উত্তৰ -
পদ                                                           বিভক্তি      

মাকোক                                                     ক্ৰিয়া বিভক্তি

টেপৰত                                                     নাম বিভক্তি

ৰূপাৰ                                                         ক্ৰিয়া বিভক্তি

সিৰালে                                                      ক্ৰিয়া বিভক্তি

সোণাৰ                                                        ক্ৰিয়া বিভক্তি

বুঢ়াদিয়াৰ                                                      ক্ৰিয়া বিভক্তি

ঘাটে                                                            নাম বিভক্তি আৰু 
                                                                     ক্ৰিয়া বিভক্তি

৪) মহো - হো গীতটোত থকা ৫ টা বিশেষ্য পদ লিখা ।

উত্তৰ - ঘৰত   হিদাল গাছত   সোণাৰ  ৰূপাৰ   মহ ।

৫) বাক্য ৰচনা কৰা ।

উত্তৰ -


চকচকীয়া - সদায় আমি চকচকীয়া হৈ থাকিব লাগে।  
    
চিকমিকীয়া - বিয়াৰ দিনা সকলোৱে চিকমিকিয়া কাপোৰ পিন্ধি বিয়া খাবলৈ গ ' ল ।

সিকি - ৰামৰ হাতত চাৰিটা সিকি আছে ।

সীৰলু - নাঙলৰ সীৰলুৰ দৰে নাওঁখনে পানী কাটি - কাটি আগুৱাই যায়।

টাঙোন - পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে - হাতে টাঙোন লৈছে ।

৬) পাঠত দিয়া মহো - হো গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰৰ ৰূপবোৰ লিখা ।

উত্তৰ - টকান - টাঙোন


            গাছত - গছত

             দিলাক - দিলে

             মাকোক - মাকক

              মাইৰবা - মাৰিবলৈ 

              নুণ - নিমখ
                      

              দেইখবা - দেখিবলৈ

                কইৰলু - কৰালোঁ ।

৭) ওজনি অসমত ভেকুলীৰ বিয়াত গোৱা দুফাকিমান বিয়ানাম লিখা ।

উত্তৰ -

চোৱা পানী খহুলী ভেকুলীৰ

চোৱা পানী বিয়াখন পাতিছে

চোৱা পানী ৰাইজে বেৰি বেৰি চায় ৰাম ৰাম ।।

চোৱা পানী বায়ু দেৱক

চোৱা পানী মেঘে নমুৱালে

চোৱা পানী সাতদিন বৰষুণ দি ৰাম ৰাম ।।

চোৱা পানী খহুলী ভেকুলী

চোৱা পানী চকুৰে সুন্দৰী

চোৱা পানী কিবাহেই পালে ৰাম ৰাম  ।।

৮) জানো আহা ।

উত্তৰ - লোকগীগসমূহ অনাখৰী (নিৰক্ষৰ) গ্ৰাম্য লোকৰ সৃষ্টি ।

 মৌলিক ৰূপত সৃষ্টি হোৱা লোকগীতবোৰ যুগে যুগে ইজনৰ মুখৰ পৰা সিজনৰ মুখলৈ বাগৰি আহি আছে 
এনেদৰে মুখ - বাগৰি যাওঁতে  স্থান কাল প্ৰাত্ৰভেদে গাতবোৰৰ অলপ তাৰতম্য ঘটে ।

 আখৰ চিনি নোপোৱা এই  সুন্দৰ  সৃষ্টিবোৰৰ মাজত লোকজীৱনৰ সুখ - দুখ , হাঁহি - কান্দোন , আৱেক - অনুভূতি নিহিত হৈ থাকে । 

অনাখৰী লোকসমাজত সৃষ্টি হোৱা আইনাম ,  ধাইনাম  ,  বিয়ানাম  ,  বিহুগীত  আদি প্ৰায়বোৰ গীতকে লোকগীত বুলিব পাৰি ।

 যুগ - যুগান্তৰে চলি অহা এই গীতবোৰ সাম্প্ৰতিক কালত লিপিবদ্ধ কৰি পুঠি আকাৰে ছপা কৰা হৈছে ।

 বৰ্তমানো নিৰক্ষৰ লোকসমাজত অলিখিত ৰূপত লোকগীত ৰচিত হৈ আছে ।



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------





Post Id: DABP001021