উদ্ভিদ হ'ল  প্ৰকৃতিক পৰিৱেশৰ মুখ্য উপাদান । পাকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে । উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য শিপা, গা-গছ, ফল, কাণ্ড আদিত জমা কৰি ৰাখে । মানুহৰ দৰে সকলোবোৰ জীৱ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নৰ্ভৰশীল । তোমালোকে সচৰাচ দেখি থকা বৃক্ষ , গুল্ম , লতা আৰু তৃণজাতীয় উদ্ভিদৰ বাহিৰেও আমাৰ চৌপাশে আৰু কিছুমান উদ্ভিদ আছে  । সেইবোৰ হ'ল - শেলাই , ভেঁকুৰ , মচ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ । পুখুৰী , নিজৰা আদিত হোৱা জেলিৰ নিচিনা আহাৰ সেউজীয়া আৱৰণ এটা ওপঙি থকা দেখা যায় । এইবোৰ হ'ল শেলাই । সেউজীয়া হোৱা বাবে ইহঁতে নিজৰ আহাৰ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে । পচা কাঠ , গোবৰ আদিত বেংছতাৰ দৰে ভেঁকুৰ জাতীয় উদ্ভিদ গজা দেখা যায় । ইহঁতে পাতল হালধীয়া , বগা বা মুগা বৰণৰ । পত্ৰহৰিৎ নথকা বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। ইহঁতে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে । শেলাই আৰু ভেঁকুৰ শিপা , কাণ্ড আৰু পাত নাথাকে । শিল , ডাঙৰ গছ , সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ দেখিছানে ?  এইবোৰ হ'ল মচ । ইহঁতৰ পাত আছে আৰু গা-গছ চেপেটা ।  মাটিত খামুচি ধৰিবলৈ ইহঁতৰ  কিছুমান চুলিৰ নিচিনা অংশ থাকে । সেনেকা ঠাইত গজা আন একপ্ৰকাৰৰ উদ্ভিদ হ' ল ঢেঁকীয়া । ইহঁতৰ মূল , কাণ্ড আৰু পাত থাকে । সকলো পৰিৱেশত একেধৰণৰ উদ্ভিদ পোৱা নাযায় । ভিন ভিন পৰিৱেশৰ উদ্ভিদ ভিন ভিন হয়। তোমালোকৰ অঞ্চলত পোৱা বিভিন্ন ধৰণৰ উদ্ভিদৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা ।