শীত কালৰ এটা দেওবাৰ । ৰিমঝিমৰ মনত বৰ আনন্দ । কাৰণ তাই মাক-দেউতাকৰ সৈতে দীপৰ বিল চাবলৈ যাব । ৰিমঝিমহঁত গুৱাহাটীৰ ভৰলুমুখত থাকে । দুপৰীয়া ভাত- পানী খাই ৰিমঝিমহঁতে সিহঁতৰ মাৰুতি গাড়খনত উঠি দীপৰ বিল চাবলৈ গ'ল  । 

     দীপৰ বিলৰ ওচৰতে দেউতাকে গাড়ীখন ৰখালে । ইতিমধ্য়ে দীপৰ বিল চাবলৈ বুলি বহুতো মানুহ আহিছে । ৰিমঝিমহঁতে গাড়ীৰ পৰা নামি বিলৰ ফাললৈ আগবাঢ়িল । তেওঁলোকে  তাত  থকা জলাশয় আৰু গছ-গছনিবোৰত অসংখ্য় চৰাই পৰি থকা দেখা পালে । তাইৰ মনত বৰ আনন্দ চৰাইবোৰৰ কোলাহলে ঠাইখনত এক সোন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে । চৰাইবোৰ দেখী তাই বৰ আচৰিত হ'ল । তাই দেউতাকক সুধিলে- "দেউতা , এই চৰাইবোৰৰ বেছিভাগেই দেখোন মই আগতে দেখা পোৱা নাছিলোঁ । এই চৰাইবোৰ আমি ঘৰৰ ওচৰে পাজৰে নেদেখোঁ কিয় ?"

        দেউতাকে ক'লে - "মাজনী , এই চৰাইবোৰৰ বেছিভাগেই  আচলতে আমাৰ দেশৰ চৰাই নহয় ।ইহঁতে দূৰ-দূৰণিৰ পৰা ইয়ালৈ উৰি আহিছে । ঠাণ্ডাৰ দিন পাৰ হ'লেই ইহঁতে আকৌ নিজৰ দেশলৈ  উৰা মাৰিব ।"

    ৰিমঝিমহঁতে তাত বহু সময় কটাই সন্ধিয়া ঘৰলৈ ঘূৰি আহিল ।

    ৰিমঝিমহঁতে দীপৰ বিলত দেখা সেই চৰাইবোৰ হ'ল পৰিভ্ৰমী চৰাই। একেঠাইতে নাথাকি  দেশে- বিদেশে ঘূৰি ফুৰাৰ বাবে ইহঁতক পৰিভ্ৰমী চৰাই বোলে ।এইবোৰ চাবৰ বাবে দূৰ - দূৰণিৰ পৰা বহুতো মানুহ আহে । পৰিভ্ৰমী চৰাইবোৰ বছৰৰ কোনো কোনো সময়তহে আমাৰ অসমত দেখা যায় । বাকী সময়ত আমাৰ চকুত নপৰে । বেলেগ বেলেগ ঠাই বা অঞ্চলৰ পৰাহে উৰি উৰি আমাৰ অসমলৈ আহে ।