Class 4 Assamese AJB| Assam Jatiya Bidyalay class 4 Question Answer | Download Free Question  Answer Class 4 AJB|অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ প্ৰশ্ন উত্তৰ ।


পাঠ ৭

মোহন আৰু কলীয়া


*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

তন্দ্ৰা = চিলমিলীয়া টোপনি

ক্ষোভ = মনৰ অশান্তি

লেঙেৰিয়াই লেঙেৰিয়াই = খোৰাই খোৰাই

নিষ্ঠুৰ = নিৰ্দয়

অত্যাচাৰ = অন্যায় আচৰণ; উৎপীড়ন

পহৰা দি = চোকা দৃষ্টিৰে চাই থাক

ঢাপ  = বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়


*পঢ়া আৰু বুজা:

সই  কই  স্ক

সই  থই  স্থ

তই  ৱই  ত্ব

বই  ভই  ব্ধ

*পঢ়া আৰু লিখা:

স্কুল  ৰাস্তা  তন্দ্ৰা  উপলব্ধি

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) নৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল?

খ) ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনলৈ আহিছিল?

গ) নৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল?

ঘ) মোহনে নৱাৰুণক স্কুলত থ’বলৈ যাওঁতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল?

ঙ) নৱাৰুণে ভাস্কৰৰ স’তে কিয় নেখেলে বুলি কৈছিল?

চ) কলীয়াই ভাস্কৰহঁতৰ ঘৰৰ কি কি উপকাৰ কৰিছিল?

ছ) নৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে?

[২] তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তুক লৈ কাহিনী লিখিবলৈ যত্ন কৰা।

[৩] কোনে কৈছিল, কাক কৈছিল:

ক) “নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই”।

খ) “তুমি যে কি ল’ৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা। সি-তো আৰু মানুহ নহয়”!

গ) “হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ”।

[৪] বাক্য ৰচনা কৰা:

খুৱাই-বুৱাই; লেঙেৰিয়াই-লেঙেৰিয়াই।

[৫] বুজা আৰু লিখা:

ক) শাক আৰু পাচলি = শাক-পাচলি

খ) গৰু আৰু ছাগলী = গৰু-ছাগলী

গ) কুকুৰ আৰু মেকুৰী = কুকুৰ-মেকুৰী

ঘ) দিন আৰু ৰাতি = দিন-ৰাতি

ঙ) ৰাম আৰু লক্ষ্মণ = ৰাম-লক্ষ্মণ

[৬] বাকচত থকা শব্দৰে খালী ঠাই পূৰোৱা:

ক) কুকুৰে ভুকে

খ) গৰুৱে হেম্বেলিয়ায়

গ) সিংহই গোঁজৰে

ঘ) শিয়ালে হোৱা দিয়ে

ঙ) ছাগলীয়ে বেবায়

চ) মেকুৰীয়ে মেও মেও কৰে

ছ) সাপে ফোঁচ-ফোঁচায়

জ) মহে কুনকুনায়

ঝ) বান্দৰে খেকখেকায়

[৭] শুনা আৰু লিখা:

ভাস্কৰৰ কথা নৱাৰুণে উত্তৰ দিলে, “তুমি মোৰ একো অন্যায় কৰা নাই। কিন্তু ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা, কিয় বাৰু? তোমাৰ অলপো বেয়া নালাগিলনে? সি এতিয়াও লেঙেৰিয়াই লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ তুমি! সেই কাৰণেই মই তোমাক বেয়া পাইছোঁ”।


Type himanku bora




 Class 4 Assamese AJB| Assam Jatiya Bidyalay class 4 Question …



Post ID : DABP002282