চুফিবাদ আন্দোলনঃ 

হিন্দু ধৰ্মৰ ভক্তিবাদ আন্দোলনৰ দৰে ঈছলাম ধৰ্মৰ চুফিবাদ আন্দোলনেও মধ্যযুগৰ ভাৰতত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজত সমাদৰ লাভ কৰিছিল। খ্ৰীষ্টীয় একাদশ শতিকাত মধ্য এছিয়াৰ ধৰ্ম প্ৰচাৰসকলৰ ভাৰতলৈ আগমন ঘটিছিল। 

চিত্ৰ ৯.৯ নিজামুদ্দিন আউলিয়াৰ সমাধি  

এই ধৰ্ম প্ৰচাৰসকলৰ মাজত মাজত কেইজনমান চুফি সাধকো আহিছিল। তেওঁলোকে  ভাৰতৰ বিভিন্ন ঠাইত চুফিবাদৰ মতাদৰ্শ প্ৰচাৰ কৰিছিল। চুফিবাদৰ মূল মন্ত্ৰ হ'ল এক ভগৱানকে উপাসনা কৰা।চুফিসকলৰমতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। চুফিবাদ উদাৰ হোৱাৰ বাবে তেওঁলোকে অন্য ধৰ্মকো সন্মানৰ চকুৰে চাইছিল। তেওঁলোকৰ মূল উদ্দেশ্য হ'ল, ভগৱৎ প্ৰেম আৰু মানৱ প্ৰেমৰ মাজেদি জীৱন অতিবাহিত কৰা। বিস্তত প্ৰৰ্থনা, উপাবাস, আচাৰ-অনুষ্ঠান আদি তেওঁলোকৰ মতে নিৰৰ্থক। এনে উদাৰ মনোভাৱৰ বাবে হিন্দু ধৰ্মৰ লোৱাসকলেও এই চুফি সাধকসকলক শ্ৰদ্ধা আৰু ভক্তি কৰিছিল। মধ্য যুগৰ এক চুফি সাধকসকলৰ ভিতৰত নিজামুদ্দিন আউলিয়া, মইনুদ্দিন চিস্তি, আব্দুল কাদিৰ জিলানী আদি উল্লেখযোগ্য। আজমীৰৰ মইনুদ্দিন চিস্তিৰ দৰগাহ  সেয়েহে আজিও হিন্দু -মছুলমান উভয়ৰে মিলন ক্ষেত্ৰ আৰু পবিত্ৰ তীৰ্থ স্থান।

নব্য ধৰ্মীয় আন্দোলনৰ প্ৰভাৱঃ 

মধ্যযুগৰ এই ভক্তিবাদ আন্দোলনে কেৱল যে আধ্যাত্মিক দিশতহে আৰিহণা যোগাইছিল এনে নহয়। এই আন্দোলনে সামাজিক দিশতো ব্যাপক প্ৰভাৱ পেনাইছিল। এই আন্দোললনৰ ফলস্বৰূপে জাতিভেদ, উচ্চ-নীচ, সৰু-বৰ ভাব আৰু আচাৰ-অনুষ্ঠানৰ বাহুল্য়তা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগত ধৰ্ম ৰ্চ্চা আৰু প্ৰচাৰৰ সুবিধা লাভ কৰে। হিন্দু-মছলমানৰ মাজত  ঐক্য-সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভমিকা লৈছিল। আঞ্চলিক ভাষাৰ উহুান এই আন্দোলনৰ অন্য এক যোগাত্মক দিশত আছিল। সংস্কাৰসকলে তেওঁলোকৰ মতবাদসমুহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল। যাৰ ফলত হিন্দী, বঙলা, মাৰাঠী, মৈথেলী, তামিল, অসমীয়া, ব্ৰজৱলী আদি ভাষাসমূহ চহকী হৈছিল। শিখ ধৰ্মৰ উহুান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল। সেয়েহে কোনো কোনো পণ্ৰিতৰ মতে ভক্তি  আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণৰ আশা-আকাংখা প্ৰকাশ পাইছিল। আন এচামৰ মতে ভক্তিবাদ হৈছে ধৰ্মীয় দৃষ্টিভংগী প্ৰকাশ এক মাধ্যম। মুঠৰ ওপৰত ভক্তিবাদ  হ'ল ভাৰতীয় সমাজ, সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰা বিশ্লেষণৰ এটা প্ৰক্ৰিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় ঐক্য, সংহতি স্থাপন কৰাৰ ক্ষেত্ৰত ভক্তিবাদ আন্দোলনে এক বিশেষ ভূনিকা গ্ৰহন আহিছে।

Class 8 Social Sciene

type: Dimi Bora





Post ID : DABP005462