উদ্ভিদৰ পৰিপুষ্টি


১.৫  মাটিত পৰিপোষকবোৰ কেনেকৈ পুনৰ পূৰ হয়ঃ

তােমালােকে বাৰু খেতিয়কে পথাৰত জৈৱিক বা ৰাসায়নিক সাৰ ছটিওৱা দেখিছানে, বা মালীয়ে ঘাঁহনি বা টাবত সাৰ প্ৰয়ােগ কৰা দেখিছানে? তােমাললাকে বাৰু জানানে এই সাৰবােৰ মাটিত কিয় মিহলােৱা হয়?

     তােমালােকে শিকি আহিছা যে উদ্ভিদে মাটিৰপৰা খনিজ পৰিপােষক দ্রব্য শােষণ কৰে। গতিকে মাটিত সিহঁতৰ পৰিমাণ কমি গৈ থাকে। ৰাসায়নিক আৰু জৈৱিক সাৰত উদ্ভিদৰ আৱশ্যকীয় পৰিপােষক লৱণ যেনে— নাইট্রজেন , পটাছিয়াম আৰু ফছফৰাছ আদি থাকে। সময়ে সময়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে এই পৰিপােষকবােৰ মিহলােৱা প্রয়ােজন। আমি উদ্ভিদসমূহ ৰােপণ কৰি সিহঁতৰ স্বাস্থ্য অক্ষুন্ন ৰাখিব পাৰিম যদিহে সেইউদ্ভিদবােৰৰ বাবে আৱশ্যকীয় পৰিপােষকবােৰ আমি পূৰ কৰিব পাৰোঁ।

     সাধাৰণতে প্র’টিন প্রস্তুত কৰিবলৈ শস্যক যথেষ্ট পৰিমাণে নাইট্রজেনৰ আৱশ্যক হয় । শস্য চপােৱাৰ পিছত মাটিত নাইট্রজেনৰ অভাৱ হয়। তােমালােকে জানা যে বায়ুত যথেষ্ট পৰিমাণে নাইট্রজেন গেছ আছে যদিও উদ্ভিদে কার্বন - ডাই - অক্সাইড ব্যৱহাৰ কৰাৰ দৰে নাইট্র’জেনক বায়ুৰপৰা শােষণ কৰিব নােৱাৰে। উদ্ভিদৰ বাবে দ্ৰৱণীয় অৱস্থাত থকা নাইট্রজেনহে আৱশ্যক। ৰাইজ’বিয়াম বেক্টেৰিয়াইবায়ুমণ্ডলীয়নাইট্রজেন শােষণ কৰিব পাৰে আৰুদ্ৰৱণীয় অৱস্থালৈ ৰূপাকৰিব পাৰে । কিন্তু ৰাইজ’বিয়ামে নিজৰ আহাৰ প্ৰস্তুত কৰিব নােৱাৰে । সেয়েহে ই বুটমাহ , মটৰমাহ , মগু , বীন আৰু অন্যান্য মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদবােৰক নাইট্রজেনৰ যােগান ধৰে । প্ৰায়বােৰ মাহ বা দাইল , মাহজাতীয় উদ্ভিদৰপৰা পােৱা যায় । ইয়াৰ পৰিৱর্তে উদ্ভিদজোপাই বেক্টেৰিয়াবােৰক খাদ্য আৰু আশ্রয় দিয়ে । গতিকে সিহঁতৰ এটা সহজীৱী সম্বন্ধ আছে । এই সহযােগিতা খেতিয়কৰ বাবে অতি তাৎপর্যপূর্ণ । তেওঁলােকে য'ত মাহজাতীয় উদ্ভিদ ৰােপণ কৰে তাত নাইট্রজেনযুক্ত সাৰ মাটিত মিহলােৱাৰ প্রয়ােজন নহয় ।

         এই অধ্যায়ত তােমাললাকে শিকিলা যে প্ৰায়বােৰ উদ্ভিদেই স্বপােষী । মাত্র কেইবিধমান উদ্ভিদৰ পৰিপুষ্টি সাধন অন্য়ধৰণে সম্পাদিত হয় যেনে-পৰজীৱী আৰু মৃতজীৱী উদ্ভিদবোৰ। সিহঁতে অন্য় জীৱৰপৰা পুষ্টি আহৰণ কৰে। খাদ্য়ৰ বাবে আন উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰা বাবে সকলোবোৰ প্ৰাণীকে পৰপোষী জীৱৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে । 

        আমি পতংগভোজী উদ্ভিদসমূহক আংশিকভাৱে পৰপোষী জীৱ বুলি ক'ব পাৰোনে?


Type : Ankur Raj Deka

Class 7




Post ID : DABP005447