Page no 10 

১.৫.২ মৰ্চা চৰকাৰৰ গুণ   ঃ

         উপৰােক্ত দোষবিলাক থকা সত্ত্বেও মৰ্চা চৰকাৰৰ গুণ নথকা নহয়। ইয়াৰ গুণসমুহ এনেধৰণৰ 

        ১। পৰিস্থিতি আৰু সময় সাপেক্ষ   ঃ মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ । পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়ােজন । 

        ২। অশ্বেচ্চাচাৰী চৰকাৰ   ঃ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি এক দলীয় চৰকাৰ 

Page no 11

গঠন হলে চৰকাৰখন স্বেচ্চাচাৰী হােৱাৰ আশংকা অধিক। বহু ক্ষেত্ৰত এনে চৰকাৰে বিধান মণ্ডলত সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ জনস্বার্থবিৰােধী কাম কৰিবলৈও সংকোচবােধ নকৰে। কিন্তু মৰ্চা চৰকাৰত এনে শংকা কম। কিয়নাে যিকোনাে সিদ্ধান্তই মৰ্চাৰ অংশীদাৰ দলবিলাকৰ মাজত হােৱা যথােচিত আলােচনাৰ পিছতহে লােৱা সম্ভৱ। ফলত ক্ষমতাৰ অপব্যৱহাৰ আৰু স্বেচ্চাচাৰী হােৱাৰ আশংকা মৰ্চা চৰকাৰৰ ক্ষেত্ৰত কম।

        ৩। আঞ্চলিক প্রতিনিধিত্ব   ঃ একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি - গােষ্ঠীয়ে প্রতিনিধিত্ব কৰাৰ অধিক সুযােগ লাভ কৰে। মৰ্চাত অংশগ্রহণকাৰী বিভিন্ন আঞ্চলিক পর্যায়ৰ দলবিলাকে তেওঁলােকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায়।

       ৪। জাতীয় ঐক্য সংহতি ৰক্ষা   ঃ মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি - আদর্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য - সংহতি বৃদ্ধি হয়। 

        ৫। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্রাস   ঃ এটা নির্বাচন অনুষ্ঠিত হৈ যােৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নির্বাচনৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত কম দিনৰ ব্যৱধানত আন এটা নির্বাচনৰ সন্মুখীন হােৱাৰ পৰা মৰ্চা চৰকাৰ গঠনে দেশক ৰক্ষা কৰে। এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্রক্রিয়াই ৰাজহুৱা ধনৰ অপব্যয় ৰােধ কৰে।














Bidyut Thakuria





Post ID : DABP004467