অৱস্থিতি আৰু আকাৰঃ

    এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ । এই মহাদেশৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত । ইয়াৰ উত্তৰে - সু- উচ্চ  হিমালয় পৰ্বতমালা আৰু চীন দেশ দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা পূবে বঙ্গোপসাগৰ আৰু ম্যানসুৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তাল । ভাৰতৰ ভূ- খগু উত্তৰা - দক্ষিনাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে  আৰু পূবা - পশ্চিমাকৈ অৰুণাচল প্ৰদেশ পূব প্ৰান্তৰ পৰা সৌৰৰাষ্ট্ৰলৈকে বিস্তৃত  । এই দেশ ৪ মিনিট ২৮ চেকেন্ট উত্তৰৰ পৰা ৩৭১৭মিনিট ৫৩ চেকেন্ট উত্তৰ অক্ষৰেখা আৰু ৬ মিনিট  ৩৩চেকেন্ট পূবৰ পৰা   ২৪ মিনিট ৪৭ চেকেন্ট পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত । মন কৰিবলগীয়া যে, ২৩০ ৩০ মিনিট উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে । এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে । ইয়াৰে দক্ষিণৰ ভাগটো পূবে বঙ্গপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত । উত্তৰা - দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খগু প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা - পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত পূবে বঙ্গপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰ সৈতে ভাৰতীয় ভূ ভাগে  প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে । এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে । সুদীৰ্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ- খগুই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে  স্থল - ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে । পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ - পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

    ভাৰতবৰ্ষ এখন বিশাল দেশ । আকাৰত ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে । এই দেশ ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৯ গুণ ডাঙৰ । ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭, ২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ 

২.৪ শতাংশ জুৰি আছে । দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলিও কোৱা হয় । ই বৰ্তমান ২৯খন ৰাজ্য আৰু ৭টা কন্দ্ৰেীয় শাসিত অঞ্চলেৰে গঠিত এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ।




Type Sumit Patar

Class 9 Social Science Geography