দ্ৰাঘিমাংশ আৰু দ্ৰাঘিমাৰেখা | Class 7 Social Science| 

দ্ৰাঘিমাংশ আৰু দ্ৰঘিমাৰেখা 

বিষুৱৰেখাক অক্ষাংশ নিৰ্ণয়ৰ আধাৰ হিচাপে ধৰি লোৱা হয়। একেদৰে দ্ৰাঘিমাংশ নিৰ্ণয়ৰ ক্ষেত্ৰত গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমাৰেখাডালক আধাৰ হিচাপে ধৰি লোৱা হৈছে। সেয়েহে এই ৰেখাডালক প্ৰাথমিক বা মুখ্য দ্ৰাঘিমাৰেখা ° বোলে। প্ৰাথমিক দ্ৰাঘিমাৰেখাই বিষুৱৰেখাৰ সৈতে এক নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে। এই বিন্দুৰ পৰা পৃথিৱীৰ কেন্দলৈ কল্পনা কৰা ৰেখাৰ সৈতে বিষুৱৰেখাৰ আন এক নিৰ্দিষ্ট স্থানৰ পৰা কেন্দ্ৰ সংযোগী ৰেখাডালে কেন্দ্ৰত এটি কোণৰ সৃষ্টি কৰে। এই কোণৰ মানেই হ'ল উক্ত নিৰ্দিষ্ট স্থানৰ দ্ৰাঘিমাংশ।

চিত্ৰ ১.৩ত প্ৰাথমিক দ্ৰাঘিমাংশৰ 

ওপৰত এটা বিন্দু A ৰ পৰা কেন্দ্ৰ B লৈ                     

কল্পনা কৰা AB এডাল ৰেখা। এই ৰেখাই 

বিষুৱৰ C স্থানৰ পৰা কেন্দ্ৰ B সংযোগী

ৰেখাৰ সৈতে কেন্দ্ৰত সৃষ্টি কৰা কোণৰ

মানেই হ'ল C স্থানৰ দ্ৰাঘিমাংশ। প্ৰাথমিক

দ্ৰাঘিমাৰ পৰা পূব আৰু পশ্চিমে বিষুৱৰ ওপৰত 

থকা কোনো স্থানৰ কৌণিক দূৰত্বই হ'ল 

ঠাইখনৰ দ্ৰাঘিমাংশ। প্ৰাথমিক দ্ৰাঘিমাৰ 

পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি

কল্পনা কৰা ৰেখাবোৰেই হ'ল দ্ৰাঘিমাৰেখা। 

গোলকৰ পৰিধিত ৩৬০০ কৌণিক দূৰত্ব                          

থকাৰ বাবে প্ৰতি ০  দূৰত্বত এডাল দ্ৰাঘিমাৰেখা 

ধৰি মুঠ ৩৬০ ডাল দ্ৰঘিমাৰেখা পৃথিৱীৰ উপৰিভাগত কল্পনা 

কৰা হৈছে। দ্ৰাঘিমাৰেখাসমূহক ০ ৰ পৰা ৩৬০০ লৈকে 

ধাৰাবাহিকভাৱে গণনা কৰা নহয়। মানৱ সমাজৰ ব্যৱহাৰ

সুবিধাৰ বাবে ৩৬০ ডাল দ্ৰাঘিমাৰেখাক সমনে দুভাগ কৰি 

প্ৰাথমিক দ্ৰঘিমাৰেখাৰপৰা ১৮০০ পূবলৈ পূব দ্ৰঘিমাংশ

হিচাপে গণনা কৰা হয়। আনফালে প্ৰাথমিক দ্ৰাঘিমাৰ পৰা 

১৮০০ পশ্চিমলৈ পশ্চিম দ্ৰাঘিমাংশ হিচাপে গণনা কৰা হয়। 

পূব আৰু পশ্চিম উভয় দিশেৰে গণনা কৰেলিও ১৮০০ দ্ৰঘিমাৰেখা প্ৰকৃততে একেডাল ৰেখাই। সেইবাবে ১৮০০  দ্ৰঘিমাৰেখা ডালক পূব অথবা পশ্চিম দ্ৰাঘিমাৰেখা হিচাপে নামকৰণ কৰা নহয়।


Type: Nayan Moni Deka





Post ID : DABP005325