ভাৰতবৰ্ষৰ পৰিচয়

ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত এখন উল্লেখযোগ্য দেশ । এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত । ই পৃথিৱীৰ  এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট । এই দেশ বৈচিত্ৰ্য পৰিলক্ষিত হয় । দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ুৰ অনুভূত হয় তেনেকৈ ৰাজস্থানৰ শুকান বালিময় মৰু অঞ্চলত অতিপাত গৰম জলবায়ুৰ পোৱা যায় । অতিবৃষ্টিৰ বাবে পানীৰ নাটনি হয় । বহল পাতৰ ডাঙৰ ডাঙৰ গছ- গছনিৰে ভৰা অৰণ্য অঞ্চলৰ বিপৰীতে পাত নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলো দেশখনত দেখা যায় । সু-উচ্চ পৰ্বতৰ শিখৰৰ পৰা আৰম্ভ কৰি নিম্ন সমভূমিৰ অঞ্চললৈকে জলবায়ুৰ মাটি আৰু উদ্ভিদৰ প্ৰভেদ মন কৰিবলগীয়া । পৰ্বত  পাহাৰ মালভূমি সমভূমি প্লাৱনভূমি আদি বিভিন্ন ভূ- প্ৰকৃতিৰে ভাৰতৰ ভূখগু বৈচিত্ৰ্যপূৰ্ণ । এনে প্ৰাকৃতিক বৈচিত্ৰ্যই দেশখনত সামাজিক আৰু অৰ্থনৈতিক ভিন্নতাৰো সৃষ্টি কৰিছে । দেশৰ বিভিন্ন ঠাইত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা কিছুমান সমাজৰ বিপৰীতে আন কিছুমান ঠাইত আধুনিক নগৰীয়া সমাজ গঢ় লৈ উঠিছে । সমগ্ৰ ভাৰতবৰ্ষত আজি বিভিন্ন ভাষা সাজ- পোছাক খাদ্য অভ্যাস আৰু সামাজিক  ৰীতি- নীতিৰে বিভিন্ন গোষ্ঠী - জনগোষ্ঠীৰ সমাজ দেখা যায় । এনে বৈচিত্ৰ্যই হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ প্ৰধান বৈশিষ্ট  । কিন্তু মন কৰিবলগীয়া কথা যে এনে ভিন্নতা থকা সত্ত্বও আমাৰ দেশ ভাৰতবৰ্ষ এখন অখগু ৰাষ্ট্ৰ । ঐক্য আৰু সংহতি এই দেশৰ ঐতিহ্য । প্ৰাচীন কালৰে পৰা চলি অহা সবল সাংস্কতিক ভিত্তি মৌচুমী জলবায়ুৱে গঢ় দিয়া একে ধৰণৰ প্ৰাকৃতিক অৱস্থা আৰু আধুনিক কালত ঘটা বিনিময় আৰু যোগাযোগ ব্যৱস্থাৰ লগতে একক ৰাষ্ট্ৰনীতিয়ে বিভিন্নতাৰ মাজতো ভাৰতীয়সকলৰ মাজত একতাৰ মনোভাৱ গঢ়ি তুলিছে ।  

Type Sumit Patar 

Class 9 Social Science Geography