জলবায়ুঃ 

ভাৰতবর্ষ এখন বিশাল দেশ । ইয়াৰ ভূ - প্রকৃতিও ভিন ভিন । দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্রধান উপাদান , যেনে— উত্তাপ , বায়ুৰ চাপ , বতাহ আৰু আদ্ৰতাৰ তাৰতম্য ঘটে । সেইবাবে এই দেশত নানা প্রকাৰৰ জলবায়ু অনুভূত হয় । প্রধানকৈ দেশখনৰ বিশালতা , বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে । আমি আগতে পাই আহিছোঁ যে , ভাৰতৰ অক্ষাংশৰ বিস্তৃতি হৈছে ৮°৪ ২৮মিনিট  উত্তৰ অক্ষৰেখাৰ পৰা ৩৭ ° ১৭ ৫৩ মিনিট উত্তৰ অক্ষৰেখালৈ । অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয় । ভাৰতৰ প্ৰায় সোঁমাজেদি যােৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে । সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি । ভাৰতৰ ভূখণ্ড পর্বত - পাহাৰ , মালভূমি , মৰুভূমি , সমভূমি আদি ভূ - প্রকৃতিৰে গঠিত । এনে ভূ - প্রকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পার্থক্য আনি দিছে । একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ , বায়ুৰ চাপ , বৰষুণ আৰু আদ্রর্তাৰ পৰিমাণ কম - বেছি হয় । ফলত জলবায়ুও বেলেগ বেলেগ হয় । উদাহৰণস্বৰূপে , একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবেই আগ্রা আৰু দার্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্রভেদ দেখা যায় । আনহাতে , হিমালয় পর্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ'ব লাগিছিল সিমান শীতল নহয় । আকৌ দক্ষিণ ভাৰত যদিও গ্রীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ ভূ - প্রকৃতি মালভূমিয়ে নির্ধাৰণ কৰাৰ কাৰণে জলবায়ু কিছু পৰিমাণে মৃদু । সাগৰৰ সান্নিধ্যৰ বাবেও কোনাে এখন ঠাইৰ জলবায়ু সমভাবাপন্ন হ'ব পাৰে । এনে ঠাইত জাৰজহৰ তাৰতম্য বেছি । নহয় । মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হােৱাৰ বাবেই ইয়াৰ জলবায়ু সমভাৱাপন্ন । 

Type Sumit Patar.

Social Science Geography 9