জনসংখ্যা আৰু বহনক্ষম উন্নয়ন ঃ

       মানুহ প্রাকৃতিক পৰিৱেশৰ এটি গুৰুত্বপূৰ্ণ জৈৱিক উপাদান । প্রাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ যথেষ্ট প্রভাৱ পৰে । অন্যান্য জীৱৰ তুলনাত মানুহ শাৰীৰিক , মানসিক আৰু বুদ্ধিবৃত্তিৰ ফালৰপৰা আটাইতকৈ উন্নত জীৱ । সেয়েহে মানুহে নিজৰ জীৱন - নির্বাহ সুচল কৰি ল'বলৈ প্রাকৃতিক পৰিৱেশক বহু পৰিমাণে সলনি কৰি পেলাইছে । জনসংখ্যা বৃদ্ধি হলে প্রাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ চাপ বাঢ়ি যায় । ভাৰতবৰ্ষৰ দৰে বিশ্বৰ এখন দ্বিতীয় প্রধান জনবহুল দেশত 

    জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিয়ে প্রাকৃতিক পৰিৱেশৰ ওপৰত স্বাভাৱিকতে বিৰূপ প্ৰভাৱ পেলাইছে । জনসংখ্যা বাঢ়ি অহাৰ ফলত বিশেষকৈ খাদ্য আৰু বাসস্থানৰ সমস্যাই দেখা দিছে । ফলস্বৰূপে জনবসতিৰ প্ৰসাৰ , ভূমিৰ ব্যৱহাৰ , কৃষিকাৰ্যৰ সম্প্ৰসাৰণ , খাদ্যশস্য উৎপাদন আদিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলগীয়া হৈছে । তদুপৰি মানুহৰ অর্থনৈতিক কার্যকলাপৰ পৰিসৰ ক্ৰমে বৃদ্ধি পাইছে আৰু প্রাকৃতিক সম্পদৰাজি অত্যধিক মাত্রাত ব্যৱহাৰ কৰা হৈছে । জনসংখ্যা বৃদ্ধিৰ লগে লগে দেশত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্রক্রিয়া ক্ষিপ্ৰ হৈছে আৰু ফলত জলবায়ুৰ পৰিৱৰ্তন ধৰিছে । এনেবােৰ কাৰণতে ভাৰতৰ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে পৰিৱেশ তন্ত্রৰ ওৰত হেঁচা পৰিছে আৰু ইয়াৰ বাবে পৰিৱেশ বিধ্বংসীণ প্রক্রিয়া সক্রিয় হৈ পৰিছে ৷ ইয়ৰ ফলত ভাৰতৰ জনসমাজলৈ ভয়াৱহ ভাবুকি আহিছে । অৱশ্যে মানুহৰ সুখ - সমৃৰ্বিৰ বাবে উন্নয়নমূলক কাম - কাজ চলাই থাকিব লাগিব আৰু ইয়াৰ বাবে পৰিৱেশৰ পৰ সম্পৰাজি আহৰণ কৰিব লাগিব । এই ক্ষেত্ৰত পৰিৱেশৰ বেছি ক্ষতিসাধন নকৰাকৈ নতুন প্রযুক্তিবিদ্যাবে উন্নয়ন প্রক্রিয়া বজাই ৰাখিব লাগিব । কাৰণ মানুহে প্রাকৃতিক পৰিৱেশ ধ্বংস নকৰিলেহে মানৱ জাতি বৰ্তি থাকিব পাৰিব । সেয়েহে বর্তমান সময়ত ভাৰতবৰ্ষৰ জনসংখ্যা বৰ্ধিত  হাৰ নিয়ন্ত্রণ কৰিব লাগিব আৰু ইয়াৰ লগে লগে ইতিমধ্যে যিখিনি প্রাকৃতিক পৰিৱেশ ক্ষতিসাধন হৈছে সেইখিনি উপযুক্ত প্রযুক্তিৰ সহায়ত পুনৰুদ্ধাৰ কৰি দেশখনত বহন উন্নয়নৰ ধাৰা বৰ্তাই ৰাখিব লাগিব ।

Type Sumit Patar

Class  9 Social Science Geography