বতাহৰ কাৰ্য

  ভূপৃষ্ঠৰ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰকবিলাক ভিতৰত বতাহ অন্যতম প্ৰধান কাৰক । গোলকীয় বতাহতন্ত্ৰই  (  Global Wind System ) পৃথিৱীৰ  সকলো ঠাইতে নানা ধৰণে ক্ৰিয়া কৰে ।  সাগৰ - মহাসাগৰকে ধৰি ভূ- পৃষ্ঠৰ সকলো অংশ প্ৰবাহিত বায়ু বা বতাহৰ দ্বাৰা প্ৰভাৱান্বিত হয় ।  ভূপৃষ্ঠৰ কিছুমান অঞ্চল আকৌ নিয়মিয়াকৈ হাৰিকেন  টাইফুন টৰ্নেড আদি দৰে বতাহজনিত দুৰ্যোগৰ দ্বাৰাও আক্ৰান্ত হয় । অৱশ্যে পৃথিৱীৰ মৰুভূমিবোৰতহে পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী । মৰুভূমিৰ ভূঅৱয়ববোৰৰ সৃষ্টি আৰু সেইবোৰৰ আকাৰ- আকৃতি প্ৰধানকৈ বতাহৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে ।


    মৰুভূমিৰ পৰিৱেশত বতাহে খনন পৰিবহণ আৰু অৱক্ষেপৰ  যোগেদি বিভিন্ন অৱয়বৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে । মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি- বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে । এনেদৰে কোনো অংশৰপৰা ধূলি- বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয় ।  অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলিৰ ধুমুহাৰ উদ্ভৱ হয় । লক্ষণীয় কথা যে যিবোৰ অংশৰপৰা বতাহে ধূলি- বালি উৰুৱাই নিয়ে সেইবোৰৰ উপৰিভাগ তুলনামূলকভাৱে দ হৈ পৰে । এনে দ অংশত অস্থায়ী হ্ৰদৰো সৃষ্টি হব পাৰে । 


    অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি - বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লব  পাৰে । এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয় ।  বতাহৰ ধৰ্ম গতি পথ  আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ - আকৃতি বেলেগ বেলেগ হয় । তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ  একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰৰ মাজত পাৰ্থক্য দেখা যায় । 


   সহজে চকুত পৰা অন্য কিছুমান ভূঅৱয়বেও মৰুভূমিৰ পৰিৱেশক সুকীয়া বৈশিষ্ট্য প্রদান কৰে । ইয়াৰে বেছিভাগেই অৱশ্যে অৱক্ষয়ৰ ফলত সৃষ্টি হােৱা অৱয়ব । উল্লেখ্য যে মৰুভূমিৰ তীব্র বেগী বতাহে ধূলি - বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে । বতাহে কঢ়িয়াই নিয়া শিল - বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয়সাধন কৰে । ঘৰ্ষণৰ যােগেদি ঘটা এনে ক্ষয় প্রক্রিয়াক অপঘর্ষণ ( Abrasion ) বােলা হয় । সাধাৰণতে অপঘর্ষণৰ ফলতেই উচ্চভূমি ক্ষয়প্রাপ্ত হৈ ইন্ছেলবার্গ ( Inselberg ) , ইয়াৰদাং ( Yardang ) আদি অৱয়বৰ সৃষ্টি হয় । মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্রাপ্ত চাপৰ পাহাৰবােৰেই ইনছেলবাৰ্গ । জার্মান শব্দ ‘ ইনছেলবার্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পর্বত ( Island Mountain ) । আনহাতে , ইয়াৰদাং হৈছে এক প্ৰকাৰৰ ভূঅৱয়ব যত দীঘলীয়া শিৰা ( Ridge ) আৰু অগভীৰ দীঘলীয়া গাঁতৰ ( Groove ) সমন্বয় ঘটে । এইবােৰ তুলনামূলকভাৱে ঢিলা গেদীয় শিলাত বতাহে কৰা ক্রিয়াৰ ফল । পশ্চিম চীনৰ টাৰিম অৱবাহিকাৰ লপনুৰ ( Lop Nur ) অঞ্চলৰ থলুৱা বাসিন্দাসকলে এই ধৰণৰ ভু প্রকৃতিক বুজাবলৈ ইয়াৰদাং শব্দটি ব্যৱহাৰ কৰিছিল ।                                                 

Type Sumit Patar

  Class 9 Social Science Geography 






Post ID : DABP005730