বংগদেশত ইংৰাজৰ আধিপত্য়  বিস্তাৰ
দাক্ষিণাত্যত খোপনি পুতি আগবাঢ়িব ধৰা পৰাচী শক্তিক পৰাভূত কৰি ইংৰাজে ভাৰতত তেওঁলোকেৰ সাম্ৰাজ্য প্ৰিতিষ্ঠাৰ পথ মসৃণ কৰি তুলিছিল। চতুৰ ইংৰাজ কোম্পানীয়ে ভৌগোলিক দিশৰ পৰা শুচল বংগদেশত আৰম্ভণিৰ পৰাই বিশেষ মনোযোগ দিছিল। তেওঁলোকে ভালকৈ বুজাব পাৰিছিল যে বংগৰ উৎপাদন পৰ্যাপ্ত। বংগদেশৰ পৰা সাগৰীয় পথেৰে বিশ্বৰ অন্যান্য ঠাইলৈ ব্যৱসায়-বাণিজ্যৰ বাবে যথেষ্ট চহকী। ব্য়ৱসায়-বাণিজ্যতো বংগদেশ অগবঢ়া। সেয়েহে বংগদেশত ব্যৱসায়িক আৰু ৰাজনৈতিক আধিপত্য স্থাপনত ইষ্ট ইণুিয়া কোম্পানীয়ে বিশেষ গুৰুত্ব দিছিল। দাক্ষিণাত্যত কৰ্ণাটক যুদ্ধ চলি থকাৰ সময়ত বংগদেশৰ ৰাজনৈতিক পৰিস্থিতি দুৰ্বল হৈ পৰিছিল। এই দুৰ্বলতাৰ সম্পূৰ্ণ  সুযোগ ইংৰাজ কোম্পানীয়ে ল'ব বিচাৰিলে। ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্য হয়। নৱাবৰ মৃত্যৰ পাছত তেওঁৰ কোনো  পুত্ৰ সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয়। নৱাব আলিবৰ্দি খাঁৰ  মৃত্যৰ আগতে তেওঁৰ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদৌল্লাক বংগৰ নৱাব হিচাপে উত্তৰৰাধিকাৰী পাতি থৈ গৈছিল। সেই মতে আলিবৰ্দি খাঁৰ মৃত্যৰ পিছত ছিৰাজউদ্দৌলা বংগৰ নৱাব হয়। কিন্তু ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু জীয়েকৰ পুত্ৰ ছৌকৎজঙো বংগৰ সিংহসনৰ দাবীদৰ আছিল। সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকৰ্তা আছিল।বংগৰ দেৱান ৰাজবল্লভ ঘচিতি বেগমৰ সমৰ্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয়। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু ক্ষুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হয়। চিৰাজউদ্দৌল্লাই দুয়োপক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিলে। ফৰাচীসকলে নৱাবৰ আদেশ পালন কৰিলে কিন্তু ইংৰাজে চিৰজউদ্দৌল্লাৰ আদেশত কানসাৰ নিদিলে। আনহাতে ইংৰাজসকলক বংগদেশত বেহা-বেপাৰৰ যি সুবিধা দিয়া হৈছিলতাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল। ইংৰাজবণিকে কোম্পানীৰ নামত গাইগুটীয়াকে ব্যৱহাৰ আৰম্ভ কৰাৰ ফলত নৱাব প্ৰণ্য ৰাজহৰ পৰা বঞ্চিত হয়। তদুপৰি নৱাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নৱাব ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। এি বোৰ কাৰণত কলিতাৰ গৱৰ্ণৰ ড্ৰেকৰ প্ৰতি অসম্ভষ্ট হৈ চিৰাজউদ্দৌল্লাই ইষ্ট ইণুিয়া কোম্পানীৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে। এই অভিযানত ইংৰাজসকল নৱাবৰ হাতত পৰাস্ত হয়। বংগদেশত হোৱা এই পৰাজয়ৰ বাতৰি পাই ইষ্ট ইণুিয়া কোম্পানীৰ মদ্ৰাজ  দুৰ্গৰ কৰ্ণেল ৰবাৰ্ট ক্লাইৱ আৰু নৌ সেনাপতি ওৱাটছনে সলৈনো আহি কলিকতাতৰ ফোৰ্ট উইলিয়াম দুৰ্গ উদ্ধাৰ কৰে। কিন্তু অতি সোনকালে দুই পক্ষৰ মাজত আলিনগৰত সন্ধি হয়। সন্ধিৰ চৰ্ত মতে ছিৰজউদ্দৌল্লাই বংগদেশত ইংৰাজসকলৰক পূৰ্বৰ সুযোগ-সুবিধাবোৰ দিবলে মান্তি হয়। ১৭৫৭ খ্ৰীষ্টাব্দত কৰ্ণেল ৰবাৰ্ট ক্লাইৱে ফৰাচী অধিকৃত চন্দন নগৰ দখল কৰি ফৰাচী শক্তিক এশিকনি দিবলৈ ওলোৱাত ফৰাচীসকলে নৱাবৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে। ইয়াতে ক্ষুণ্ণ হৈ ইংৰাজ নৱাব আৰু ফৰাচীসকলৰ সৈতে মিত্ৰতা ভংগকৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হয়। ইংৰাজসকলে নৱাব চিৰাজউদ্দৌল্লাক গাদীচ্যুত কৰাৰ বাবে এক ষড়যন্ত্ৰত লিপ্ত হয়। এই ষড়যন্ত্ৰত নৱাবৰ সেনাপতি মিৰজাফৰ, ৰায়দুৰ্ল্লভ, দেৱান ৰাজবল্লভ, উমিচাঁদ আৰু ব্যৱসায়ী জগত শেঠ আদি জড়িত আছিল। বৰাৰ্ট ক্লাইৱে এইসকলৰ লগত একগোপনে চুক্তি কৰে। সেই চুক্তি মতে ইংৰাজসকলে চিৰাজউদ্দৌল্লাক আঁতৰাই মিৰজাফৰক বংগৰ নৱাব পদত অধিষ্ঠিত কৰা হ'ব বুলি প্ৰতিশ্ৰতি দিয়ে। ষড়যন্ত্ৰৰ সকলো আয়োজন সম্পূৰ্ণ হোৱাত ৰবাৰ্ট ক্লাইৱে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে সন্ধি ভঈৰ মিছা অভিযোগ আনি যুদ্ধ ঘোষণা কৰে। ১৭৫৭ খ্ৰীষ্টাব্দত মূৰ্ছিদাবদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নৱাব সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ হয়। নৱাবৰ দুই সেনাপতি মীৰমদন আৰু মোহনলালে তাকৰীয়া সৈন্যেৰেই অসীম পৰাক্ৰমেৰে যুঁজি অৱশেষত প্ৰধান সেনাপতি মিৰজাফৰৰ বিশ্বাসঘাটকতাৰ  বাবে পৰাজয় বৰণ  কৰিব লগা হয়। যুদ্ধত পৰাজিত চিৰাজউদ্দৌলাক মিৰজাফৰৰ পুতেক মিৰাণে হত্যা কৰে । পলাশী যুদ্ধৰ পিছত ইংৰাজে পূর্ব প্রতিশ্রুতি মতে মিৰজাফৰ বংগৰ নৱাব পাতে । যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মির্জাফৰে ক্লাইৱ আৰু ইংৰাজ কৰ্মচাৰীসকলক অজস্র ধন - সম্পত্তি দি পুৰস্কৃত কৰিছিল আৰু চৌবিছ পৰগণাৰ জমিদাৰী ইংৰাজ কোম্পানীক দান দিছিল । সামৰিক দৃষ্টিকোণৰ পৰা পলাশী যুদ্ধ যুদ্ধ বুলি ক'ব নােৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতিহাসত এক গুৰুত্বপূর্ণ স্থান দখল কৰিছে । এই যুদ্ধত জয়ী হৈয়েই ইংৰাজসকলে বংগৰ লগতে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিত প্রভুত্ব বিস্তাৰ কৰিবলৈ সুবিধা পায় । আনহাতে ফৰাচী শক্তি ক্রমান্বয়ে লােপ পাই আহে । পলাশী যুদ্ধৰ পৰাই মধ্যযুগীয় ভাৰতৰ প্ৰায় সমান্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয়। মিৰজফৰ বংগৰ নৱাব হ'লেও 
প্ৰকৃততে ৰবাৰ্ট ক্লাইৱেই ববাট ক্লাইৱেই বংগ শাসনভাৰ চলাইছইল। সময়ত ইংৰাদ সীমাহীন দাবী পূৰণ কৰি নোৱাৰাত মিৰজাফৰ তেওংলোকে অপ্ৰিয়ভাজন হৈ পৰিছিল। আনহেতে ইংৰাজ প্ৰভুত্ব মিৰজাফৰৰ বাবেও অসহনীয় হােৱাত তেওঁ ওলণ্ডাজসকলৰ লগ লাগি ইংৰাজৰ বিৰুদ্ধে ষড়যন্ত্র কৰিবলৈ ধৰিলে । ক্লাইৱে এই ষড়যন্ত্র ব্যর্থ কৰি মিৰ্জাৰক পদচ্যুত কৰে । এইঘটনাৰ পিছতেই ১৭৬০ খ্রীষ্টাব্দত ক্লাইৱ স্বদেশলৈ ঘূৰি যায় । বংগদেশৰ নতুন গভর্ণৰে মীৰকাছিমৰ লগত এক চুক্তি কৰি তেওঁক বংগৰ নৱাব পাতে। নৱাব পদতঅধিস্থিত মীৰকাছিমে ইংৰাজৰ লগত হোৱা চক্তি মতে বৰ্ধমান,  মেদিনীপুৰ আৰু চট্ৰগ্ৰামৰ ৰাজহ সংগ্ৰহৰ দাযিত্ব কোম্পানীক এৰি দিব লগা হয়। ইংৰাজৰ অনুগ্ৰহত নৱাব হ'লেও মীৰকাৰছিম কিন্তু স্বাধীনচিতীয়া আছিল । বিভিন্ন ধাৰ - ঋণ মাৰি কোম্পানীৰ প্ৰভাৱৰ পৰা মুক্ত হৈ তেওঁ স্বাধীনভাবে শাসন কার্য চলাবলৈ বিচাৰিছিল । সেয়ে তেওঁ ৰাজধানী মুভিঁদাবাদৰ পৰা মুঙ্গেৰলৈ তুলি নিয়ে । পশ্চিমীয়া প্রশিক্ষকৰ অধীনত তেওঁ নতুনকৈ এটা শক্তিশালী ভাৰতীয় সৈন্যবাহিনী গঢ়ি তুলিছিল । মুঙ্গেৰত তেওঁ দুৰ্গ আৰু বন্দুকবাৰুদ তৈয়াৰ কৰা এক বিৰাট কাৰখানা স্থাপন কৰিছিল । মীৰকাছিমৰ এইবােৰ কার্যত ইংৰাজ কোম্পানী অসন্তুষ্ট হৈছিল আৰু তেওঁলােকৰ মাজত বিৰােধে দেখা দিছিল । এই বিৰােধ চূড়ান্ত পর্যায় পাইছিল এটা বিশেষ কাৰণত । পলাশী যুদ্ধৰ পিছত মােগল সম্রাটৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশত বিনা শুল্কে ব্যৱসায় কৰিবলৈ অনুমতি পাইছিল । দস্তক ’ নামৰ প্রমাণ পত্ৰত কোম্পানীৰ বস্তু বুলি লিখি দিলেই সকলাে বস্তু বিনা শুল্কে এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা গৈছিল । কেৱল বহিঃ বাণিজ্যৰ ক্ষেত্ৰত প্রযােজ্য এই ব্যৱস্থা কোম্পানীৰ নামত ব্যক্তিগত বাণিজ্য বিনা শুল্কে কৰিছিল। ফলত নৱাবে পাবলগীয়া বাণিজ্য শুল্ক অস্বাভাৱিকভাৱে কমি আহিছিল। চহৰ সেয়ে কোম্পানীৰ কৰ্মচাৰীক এশিকনি দিবৰ বাবে মীৰকাছিমে দেশীয় বণিকসকলে দিব লগীয়া শুল্কও উঠাই দিছিল । এই ব্যৱস্থাই কোম্পানীৰ স্বাৰ্থত আঘাত কৰাত পাটনাত থকা ইংৰাজ কুঠীৰ অধ্যক্ষ এলিছে এদিন হঠাৎ পাটনা চহৰ আক্রমণ কৰে । কিন্তু নৱাবৰ সৈন্যই পাটনা দখল কৰি ইংৰাজক খেদি পঠিয়ায় । গতি বিষম দেখি ইংৰাজ কোম্পানীয়ে মীৰকাছিমৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে । ইংৰাজৰ সৈতে হােৱা কেবাখনাে যুদ্ধত পৰাস্ত হৈমীৰকাছিম পাটনা হৈ অযােধ্যাৰ নৱাবৰ কাষ চাপিলগৈ । মীৰকাছিমে অযােধ্যাৰ নৱাব চুজাউদ্দৌলা আৰু মােগল সম্রাট দ্বিতীয় চাহ আলমৰ সৈতে লগ লাগি ইংৰাজৰ বিৰুদ্ধে এক সন্মিলিত যুঁজ দিয়াৰ মন মেলিছিল । বক্সাৰ নামে ঠাইত তেওঁলােকৰ সন্মিলিত সৈন্যবাহিনীয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি পৰাজয় বৰণ কৰিবলগীয়া হয় । এই যুদ্ধত পুনৰবাৰ ইংৰাজৰ শ্রেষ্ঠত্ব প্রমাণিত হ'ল । বক্সাৰ যুদ্ধৰ তাৎপর্য এয়ে যে এই যুদ্ধত অকল বংগৰ নৱাবেই নহয় , অযােধ্যাৰ নৱাব আৰু মােগল সম্রাটো ইংৰাজৰ হাতত পৰাস্ত হৈছিল । আনহাতে ইংৰাজে পলাশী যুদ্ধৰ বিজয়ৰ পৰিপূৰ্ণতা বক্সাৰ যুদ্ধত লাভ কৰিছিল । ইয়াৰ পিছৰ পৰাই বংগ , বিহাৰ আৰু উৰিষ্যাত ইংৰাজৰ শাসন প্রায় স্পষ্টকৈ প্রতিষ্ঠিত হৈছিল আৰু উত্তৰ ভাৰতৰ ৰাজনীতিত প্রাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল । বক্সাৰ যুদ্ধৰ পিছত ১৭৬৫ খ্রীষ্টাব্দত মােগল সম্রাট আৰু অযােধ্যাৰ নৱাবৰ সৈতে ইংৰাজৰ এলাহাবাদত এক সন্ধি হয় । এই সন্ধিৰ চৰ্ত মতে নৱাবে অযােধ্যা ওভােটাই পাইছিল । কিন্তু কোৰা আৰু এলাহাবাদ জিলা দুখন কোম্পানীক দিয়াৰ উপৰি যুদ্ধৰ ক্ষতিপূৰণ বাবদ ৫০ লাখ টকা কোম্পানীক দিবলগীয়া হৈছিল । মােগল সম্রাটৰ লগত হােৱা চুক্তি মতে কোম্পানীৰ পৰা সম্রাটে কোৰা আৰু এলাহাবাদ জিলা দুখন লাভ কৰে আৰু প্রতিদান স্বৰূপে মােগল সম্রাটে কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যৰ দেৱানী দিয়াৰ উপৰি উত্তৰ অঞ্চলৰ ৰাজহ সংগ্ৰহৰ কৰ্তৃত্ব দিয়ে। সম্ৰাটে ইয়াৰ বাবদ বছৰি ২৬ লাখ চকা কোম্পানীৰ পৰা পাব বুলি চুক্তিবদ্ধ হয়। ফলত ১৭৬৫ খ্ৰীষ্টাব্দৰ পৰা ইষ্ট ইণুিয়া কোম্পানী বংগৰ সৰ্বময় শাসনকৰ্তা হৈ পৰে। ইষ্ট ইণুিয়া কোম্পানীয়ে ুতিৰক্ষা নিয়ন্ত্ৰণ আৰু ৰাজনৈতিক ক্ষমতা নিজৰ অধীনলৈ আনে। ইষ্ট ইণুিয়া কোম্পানীৰ এই সফলতাই ইংলণুৰ সংসদক কোম্পানীৰ যিকোনো কামত হস্তক্ষেপ কৰাৰ প্ৰতি আগ্ৰান্বিত কৰি তুলিছিল। ইয়াৰোপৰি বংগদেশত কোম্পানীৰ বিষয়া বৰ্গৰ অনুশাসনহীনতাই শাসনৰ ক্ষেত্ৰত যথেষ্ট জটিলতা আনিছিল। সেয়েহে কোম্পানী চৰকাৰৰ শাসনৰ জৰিয়তে ইংলণুৰ সংসদে ভাৰতত যাতে কিছু নিয়ম-নীতিৰ মাজেৰে শাসন চলাই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীৰ শাসনত সময়ে সময়ে কিছুমান আৰ্ইনম প্ৰনয়ন কৰিছিল। তাৰ ফলশ্ৰতিত ১৭৭৩ খ্ৰষ্টাব্দত ৰেগুলেটিং এক্ট নামে এখ বিধি জাৰি কৰিছিল। 
ৰেগুলেটিং এক্টঃ
ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্রণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্রণয়ন কৰি বলবৎ কৰিছিল । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল । তেওঁৰ কাম - কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয় । বােম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয় । ৰেগুলেটিং এক্টৰ সাংবিধানিক গুৰুত্ব যথেষ্ট আছে । এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কার্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল । ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল । কিন্তু ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নির্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱর্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হয় । এনে আসোঁৱাহ আঁতৰােৱাৰ বাবে ইংলণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি বৃটিছৰ শাসন ভাৰতত অধিক সুদৃঢ় কৰি তুলিছিল । ১৭৮৪ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত বলবৎ কৰা পিটৰ ভাৰত শাসন আইন (Pitt's India Act)। এই আইন ইংলণুৰ প্ৰধান মন্ত্ৰী উইলিয়াম পিট (কনিষ্ঠ)ৰ নামেৰে নামাকৰণ কৰা হৈছিল। এই আইন অনুসৰি ইংলণ্ডত ছয় জনীয়া সদস্যৰে এখন নিয়ন্ত্রক মণ্ডলী গঠন কৰা হয় । এই সদস্যসকলে ভাৰতত কোম্পানীৰ কাম - কাজৰ তদাৰক কৰিব । বংগদেশত গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য সংখ্যা চাৰিজনৰ ঠাইত তিনিজনলৈ হ্রাস কৰা হয় । তদুপৰি এখন আঞ্চলিক সভা গঠন কৰা হয় । ইয়াৰ সদস্যসকলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিত নিযুক্তি আৰু বাতিলৰ অধিকাৰ লাভ কৰে । পিটৰ ভাৰত আইনেই পৰৱর্তী বৃটিছ সাম্রাজ্যৰ শাসনৰ ভেঁটি স্থাপন কৰে । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰ জেনেৰেলৰ পদবীটোক অধিক শক্তিশালী কৰি তােলা হৈছিল । ভাৰতত কেন্দ্রীয়ভাৱে শাসন চলােৱাৰ মূল আঁচনি পিটৰ ভাৰত আইনেই সুচনা কৰিছিল বুলি ক'ব পাৰি ।



Class 8 Social Science 
Type: Dimi Bora