ইংৰাজ শাসনৰ সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

 এনেদৰে বৃটিছে এদেও - দুদেওকৈ ভাৰতৰ শাসনত ভালকৈয়েই খােপনি পুতি বহিছিল আৰু লগতে কূটনীতিৰে । ভাৰতীয় অর্থনীতি , দেশীয় ৰাজ্য হস্তগত কৰা , দেশীয় ৰাজন্য বৰ্গৰ ক্ষমতা কাঢ়ি লােৱা আদি কামবােৰ কৰি গৈছিল ।প্রথমে কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশােধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল । এই ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ চিৰস্থায়ী বন্দবস্তৰ কথাটো উল্লেখ কৰিব পাৰি । তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল । কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগােৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল । জমিদাৰসকলে এটা নির্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল । এই খাজনা দিব নােৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল । এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্ণৱলিছে তেওঁৰ সাত বছৰীয়া কার্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্রহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল । চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযােগ্য দিশ হ’ল এক শ্ৰেণীৰ নতুন জমিদাৰৰ উত্থান । চিৰস্থায়ী বন্দবস্তৰ ফলত পুৰণি জমিদাৰবিলাকে কোম্পানীক ৰাজহ দিব নােৱাৰিলে তেওঁলােকৰ মাটি নিলামত বিক্ৰী হৈছিল । এই নিলামৰ মাটি সেই সময়ৰ ধনীক শ্ৰেণীয়ে ক্রয় কৰিছিল । এই ধনীক শ্ৰেণীৰ অধিকাংশৰে পিছে কৃষি কর্মৰ লগত কোনাে প্রত্যক্ষ সম্পর্ক নাছিল । সেয়েহে এই ধনীক শ্ৰেণীয়ে কৃষকসকলৰ ওপৰত খাজনাৰ বােজা বৃদ্ধি কৰিছিল । ফলস্বৰূপে কৃষকসকল সততে বাৰৰ বােজা সহ্য কৰিব লগা হৈছিল । এই নতুন ধনীক শ্রেণীটো ইংৰাজৰ আইন মতে মাটিৰ মালিক আছিল । সেয়েহে এই শ্রেণীৰ লােকসকল সদায় ইংৰাজৰ অনুগত আছিল আৰু ১৮৫৭ চনৰ বিদ্রোহত ইংৰাজক সহায়হে কৰিছিল । উল্লেখযােগ্য যে লর্ড কর্ণৱালিছৰ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল চাৰ জন ছােৰে তেওঁৰ কার্যকালত ভাৰতীয় ৰাজন্য বৰ্গৰ আভ্যন্তৰীণ কথাত সম্পূর্ণ নিৰপেক্ষ নীতি কঠোৰভাৱে পালন কৰিবলৈ বিচাৰিছিল । কিন্তু পৰৱর্তী গৱৰ্ণৰ জেনেৰেল ৱেলেচলিয়ে এই নীতি কার্যত প্রত্যাখ্যান কৰি আন এক সাম্রাজ্যবাদীনীতি ভাৰতত প্রয়ােগ কৰিছিল । এয়াই আছিল ৱেলেচলিৰ কৰদ মৈত্রী নীতি । এই নীতিৰ চৰ্তসমূহ আছিল যে , যি দেশীয় ৰজাই কৰদ মৈত্রী নীতি মানি ল'ব তেওঁলােকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব । কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্যবাহিনীৰ খৰচ বহন কৰিব লাগিব । আকৌ কৰদ মৈত্রী নীতিৰ অন্তর্ভুক্ত ৰাজ্যৰ ৰজা অকর্মণ্য বুলি পৰিগণিত হলে , তেনে দেশীয় ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব পাৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ পােনপটীয়া শাসনৰ তললৈ যাব । বহুতাে দেশীয় ৰজাই কৰদ মৈত্রী নীতিৰ বান্ধোনত সােমাই [3:49 PM, 7/12/2021] Puspa NEI ASSAM: ৰাজ্য হেৰুৱাব লগা হৈছিল ফলত ইংৰাজৰ সাম্রাজ্য বিস্তাৰৰ বাট মুকলি হৈছিল । এই কৰদ মৈত্রী নীতিৰ জৰিয়তে কেইবাখনাে ৰাজ্য বৃটিছৰ অধীনলৈ গৈছিল । কোম্পানীৰ কার্যকালৰ আন এটা সাম্রাজ্যবাদী নীতি হ’ল স্বত্ব বিলােপ নীতি । ১৮৩৪ খ্রীষ্টাব্দত কোম্পানীৰ বাের্ড অর ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত বৃটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল । এই নীতিৰ জৰিয়তে বৃটিছে কিছুমান দেশীয় ৰাজ্যৰ ৰজাৰ স্বত্ব বিলােপ কৰিছিল । স্বত্ব বিলােপ নীতিয়ে ভাৰতৰ বৃটিছ চৰকাৰক অতিশয় শক্তিশালী কৰি তুলিছিল । স্বত্ব বিলােপ নীতিৰ মূল কথা হ’ল বৃটিছৰ আশ্ৰয়ত থকা ৰাজ্যবােৰৰ উত্তৰাধিকাৰী নাথাকিলে বৃটিছ চৰকাৰৰ অনুমতি নােলােৱাকৈ তেওঁলােকে তােলনীয়া উত্তৰাধিকাৰী ল'ব নােৱাৰিব আৰু অনুমতি বিহীন উত্তৰাধিকাৰী থাকিলেও সেই ৰাজ্য কোম্পানীৰ হস্তগত হ’ব । বৃটিছ চৰকাৰে স্বত্ব বিলােপ নীতি ৰজাৰ উপাধি , খিতাপ , পেন্সন আদিৰ ক্ষেত্ৰতো প্রযােজ্য বুলি ঘােষণা কৰিছিল । উত্তৰাধিকাৰী বিহীন ৰাজ্যই এই সকলোেবােৰ সুবিধা হেৰুৱাব লগা হৈছিল । লর্ড ডেলহাউচিয়ে স্বত্ব বিলােপ নীতি প্রয়ােগ কৰি ১৮৩৯ খ্রীষ্টাব্দত মন্দতী , ১৮৪০ খ্রীষ্টাব্দত কলাবা , ১৮৪৪ খ্রীষ্টাব্দত চাতাৰা , জৈৎপুৰ আৰু সম্বলপুৰ ৰাজ্য প্রত্যক্ষভাৱে ইংৰাজৰ শাসনৰ অধীনলৈ নিছিল । আকৌ এই নীতিৰে ১৮৫০ খ্রীষ্টাব্দৰ পৰা ১৮৫৪ খ্রীষ্টাব্দৰ ভিতৰত ভাগলপুৰ , উদয়পুৰ , নাগপুৰ আৰু ঝালী বৃটিছ ৰাজ্যৰ অন্তর্ভুক্ত কৰা হয় । এই নীতি প্রয়ােগ কৰি লর্ড ডেলহাউচিয়ে কর্ণাটকৰ নৱাব , চুৰাট আৰু তাঞ্জোৰৰ ৰজাৰ সকলাে সা - সুবিধা কাঢ়ি লৈ ইংৰাজৰ প্রভুত্ব ভাৰতত স্থাপন কৰিছিল । ওপৰৰ আলােচনাৰ পৰা তােমালােকে জানিব পাৰিছা যে কেনেকৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছিল । বংগদেশকেই তেওঁলােকে সাম্রাজ্যবাদৰ মূল কেন্দ্র হিচাপে লৈ ক্রমান্বয়ে সমগ্র ভাৰততেই ৰাজনৈতিক কর্তৃত্ব স্থাপন কৰিবলৈ আগবাঢ়িছিল । ইংৰাজ গৃহ চৰকাৰে কোম্পানীৰ ভাৰত শাসন ব্যৱস্থাত জড়িত হৈ পিছলৈ কোম্পানীৰ চৰকাৰকেই নিজৰ হাতলৈ নিয়াৰ ব্যৱস্থা কৰিছিল ।



Class 8 Social Science

Type: Dimi Bora