৮.৭ কাৰ্যকৰী সুৰক্ষা ব্যৱস্থাঃ.

ঘূৰ্ণীবতাহৰ আগজাননী আৰু সৰ্তীকৰণ সেৱা।

চৰতকাৰী বিভাগ, বন্দৰ প্ৰশআসন, মহৎস্যজীৱী, জাহাজ আৰু লগতে সাধাৰণ ৰাইজৰ মাজত সতৰ্কবাণীৰ জৰুৰী আৰু খৰতকীয়া সম্প্ৰচাৰ।

ঘূৰ্মীবতাহপ্ৰৱণ অঞ্চলবোৰত আশ্ৰয়থলী নিৰ্মাণ আৰু মানুহক নিৰাপদ ঠাইলৈ ক্ষিপ্ৰ স্থানান্তৰৰ প্ৰশাসনিক ব্য়ৱস্থা।

আমি শিকিলোঁ যে সকলোবোৰ ধুমুহা মূলতঃ নিম্নচাপ পদ্ধতিৰে সৃষ্টি হয়। ধুমুহাৰ সৃষ্টিতবতাহৰ দ্ৰুতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেই কাৰণে বতাহৰ দ্ৰুতি নিৰ্ণয় কৰাটো জৰুৰী। বতাহৰ দ্ৰুতি জোখা যন্ত্ৰটোৰ নাম হ'ল এনিম'মিটাৰ।


চিত্ৰ ৮.১৭ বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা এনিম'মিটাৰ 

সৌজনঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, নতুন দিল্লী


জনসাধাৰণৰ কৰ্তব্যঃ

দূৰদৰৰ্শন, ৰেডিঅ' অথবা বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰিত সতৰ্কবাণীক অৱজ্ঞা কৰা অনুচিত।

আমি ঘৰৰ আৱশ্য়কীয় সা-সামগ্ৰী, ঘৰচীয় প্ৰাণী আৰু যান-বাহন আদি সুৰক্ষিত ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনীয় ব্য়ৱস্থা কৰা উচিত ।

পানী আৱদ্ধ হৈ থাকিলে তাৰ ওপৰেদি  যান-বাহন চলোৱা অনুচিত। কিয়নো বানপানীয়ে বাট-পথৰ ক্ষতি কৰি যাব পাৰে; আৰু

আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসাকেন্দ্ৰ আদিৰ দৰে জৰুৰী সেৱাসমূহহৰ ফোন নম্বৰবোৰ মজুত ৰাখিব লাগে।

ঘূৰ্ণিবতাহ বিধ্বস্ত অঞ্চলত থাকিলে ল'বলগীয়া আন কেইটামান সতৰ্কতা- 

দূষইত হোৱাৰ সম্ভাৱনা থকা পানী নাখাবা। জৰুৰী অৱস্থাৰ বাবে খোৱা পানী সদায় মজুত ৰাখিবা। 

তিতি থকা ছুইচ আৰু মাটিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ নকৰিবা। 

বিনা কাৰণত বা ধেমালিতে বাহিৰ নোলাবা।

আন্যায় দাবীৰে উদ্ধাৰকাৰী দলক ব্য়তিব্যস্ত নকৰিবা ।

ওচৰ-চুবুৰীয়ে আৰু বন্ধুবৰ্গলৈ সহায়ৰ হাত আগবঢ়াবা।


Type: Ankur Raj Deka

Class 7