সংবিধান সভাৰ গঠন 

 ১০৪৭ চনৰ ৩ জুন তাৰিখৰ পৰিকল্পনা অনুসৰি ভাৰত বিভাজন হোৱাত যিসকল সদস্য পাকিস্তানৰ এলেকাৰ পৰা নিৰ্বাচিত হৈছিল সেইসকল আৰু সংবিধান সভাৰ সদস্য হৈ নাথাকিব । সংবিধান সভাৰ সদস্য সংখ্যা সেয়েহে ২৯৯ জনলৈ হ্ৰায় পালে  । ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে ইয়াৰে ২৮৪ জন সদস্য সংবিধান সভাত উপস্থিত আছিল আৰু সংবিধানৰ চূড়ান্ত ৰূপত স্বাক্ষৰ প্ৰদান কৰিছিল । দেশ বিভাজন ফলত সৃষ্টি হোৱা সাম্প্ৰদায়িক হিংসা পৰিপ্ৰেক্ষিততেই ভাৰতীয় সংবিধান ৰচনা কৰা হৈছিল । কিন্তু সংবিধান প্ৰণেতাসকলক শ্ৰদ্ধা জনাবই লাগিব  । কিয়নো তেওঁলোকে প্ৰচগু হেচাৰ মাজতো সাম্প্ৰদায়িক হিংসা পৰা শিক্ষা গ্ৰহণ কৰি সংবিধান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল । তদুপৰি সংবিধানখনে নাগৰিকত্বৰ দৰে এটা নতুন ধাৰণা সৃষ্টি কৰিছিল যত অকল সংখ্যালঘু সকলেই নিৰাপদ নাছিল । কিন্তু নাগৰিকত্বৰ অধিকাৰসমূহো ধৰ্মীয় প্ৰভাবৰ পৰা মুক্ত আছিল ।

    কিন্তু সংবিধান প্ৰস্তুত কৰাৰ এনে বৰ্ণনাই সংবিধান প্ৰস্তুতকৰণৰ এক উপৰুৱা ভাষ্যহে দাঙি ধৰে । যদিও সংবিধান সভাৰ সদস্যসকল বাৰ্ব্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচিত হোৱা নাছিল, সংবিধান সভাক প্ৰকৃতাৰ্থত প্ৰতিনিধিত্বমূলক কৰি তুলিবলৈ গুৰুত্ব  সহকাৰে প্ৰচেষ্টা চলোৱা হৈছিল । সকলো ধৰ্মৰ লোককে সংবিধান সভাত প্ৰতিনিধিত্ব দিয়া হৈছিল । তদুপৰি সভাত ২৬ জন অনুসূচীত জাতিৰ লোককো আসন দিয়া হৈছিল । ৰাজনৈতিক দলসমূহৰ ভিতৰত কংগ্ৰেছে আসনসমূহৰ  প্ৰায়  শতকৰা ৮২% খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ এনে এক বিশাল ৰাজনৈতিক দল আছিল যে ই এই দলৰ ভিতৰতে সকলোধৰণৰ মতামতক আশ্ৰয় দিবলৈ সমৰ্থ হৈছিল ।

Type Sumit Patar

Class 11 Political Science