ভৌগোলিক বৈশিষ্ট্য ঃ

প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যৰ ফালৰ পৰা উত্তৰ- পূব ভাৰতৰ অৱস্থিতি বৈশিষ্ট্যপূৰ্ণ। এই অঞ্চলৰ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, উপত্যকা, জলাহ, খল-বিল, চৰ-চাপৰি আদি উল্লেখযোগ্য ভূ-অৱয়ব। 

ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূব ভাৰতক তিনিভাগত ভাগ কৰিব পাৰি। যেনে- মালভূমি অঞ্চল, পাৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চল। পাৰ্বত্য অঞ্চলক আকৌ উচ্চ পাহাৰীয়া আৰু পাহাৰীয়া অঞ্চল হিচাপে ভাগ কৰিব পাৰি। 

মালভূমি অঞ্চলঃ উত্তৰ-পূব ভাৰতৰ ভিতৰত মেঘালয় মালভূমি আৰু অসমৰ কাৰ্বি মালভূমিয়েই প্ৰধান। মেঘালয়, মালভূমিৰ ভিতৰত গাৰো-খাছী পাহাৰ অন্তৰ্ভুক্ত। আনহাতে, কাৰ্বি মালভূমিৰ ভিতৰত হামৰেণ পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ অন্তৰ্গত। এই দুই মালভূমি এসময়ত একেলগে সংযুক্ত হৈ আছিল যদিও কালক্ৰমত কপিলী  আৰু ধনশিৰি নদীৰ ক্ষয় কৰ্যৰ ফলত মেঘালয় আৰু কাৰ্বি মালভূমি পৃথক হৈ পৰিছে।  

পাৰ্বত্য অঞ্চলঃ সমগ্ৰ অৰুণাচল প্ৰদেশ হিমালয় পৰ্বতমালাৰ অন্তৰ্ভূক্ত। ইয়াৰ উত্তৰ অংশৰ উচ্চতা বেছি। শীতকালত এই অঞ্চলটোৰ ওপৰ ভাগ বৰফেৰে ঢাক খাই থাকে। ইয়াৰ পাহাৰসমূহ পূব পশ্চিমকৈ প্ৰায় সমান্তৰালভাৱে বিস্তৃত হৈ আছে। সেইদৰে পূৰ্ব দিশত অৱস্থিত নাগালেণ্ড, অসম কাৰ্বি পাহাৰ, মণিপুৰৰ বিস্তৃ এলেকা পাহাৰেৰে আবৃত। ইয়াৰ ভিতৰত পাটকাই পাহাৰ, বৰাইল পাহাৰ আদিয়েই প্ৰধান। মিজোৰামতো বহুতো পাহাৰ বিস্তৃ হৈ আছে। 

সমভূমি অঞ্চলঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি , বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু পশ্চিমে ত্ৰিপুৰা সমভূমিয়েই প্ৰধান। 

উত্তৰ পূৰ্বাঞ্চলৰ ভূ-অৱয়বৰ এই ভাগ তিনিটাৰ লগতে এই ভূখণ্ডত প্ৰবাহিত হৈ থকা অসংখ্য নদ-নদী, উপনৈসমূহ আৰু হ্ৰদ তথা নদী দ্বীপ আদি অৱয়ব বিৰাজমান। উদাহৰণস্বৰূপে, মণিপুৰৰ লোগটক হ্ৰদ আৰু নদীদ্বীপ মাজুলীৰ নাম উল্লেখ কৰিব পাৰি।

উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ কেইটামান ভৌগোলিক তথ্য一

ৰাজ্যঃ অসম।

প্ৰধান পাহাৰঃ উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ। 

প্ৰধান শৃংগঃ বৰাইল পৰ্বতত থকা লাইকাই, থৈই পিবুং মহাদেয়,                            সিংহাসন।

প্ৰধান নদ-উপনদীঃ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়া ভৰলী, মানাহ, বুঢ়ী                                     দিহিং, ধনশিৰি, কপিলী, বৰাক আদি।


ৰাজ্যঃ অৰুণাচল।

প্ৰধান পাহাৰঃ অকা পাহাৰ, ডফলা পাহাৰ, আবৰ, নংগন, চনবাম,                            আৰুখলা, মিচিমি, পাটকাই।

প্ৰধান শৃংগঃ কাংটো, কুলা কাংগেৰী, ছুমলাৰী।

প্ৰধান নদ-উপনদীঃ ছিয়াং, লুইত, সোৱণশিৰি, জীয়া ভৰলী।


ৰাজ্যঃ নাগালেণ্ড।

প্ৰধান পাহাৰঃ পাটকাই পাহাৰ, নাগালেণ্ড পাহাৰ, বৰাইল পাহাৰ।

প্ৰধান শংগঃ ছাৰামাটি শৃংগ, জাপফ'।

প্ৰধান নদ-উপনদীঃ ঝুমকি, দয়াং, টিজু।


ৰাজ্যঃ মণিপুৰ।

প্ৰধান পাহাৰঃ পাটকাই পাহাৰ, মণিপুৰ পাহাৰ।

প্ৰধান শৃংগঃ মাউণ্ট টেনিপ চিৰই, মায়েংবুং, লেইবাট।

প্ৰধান নদ-উপনদীঃ বৰাক, ইম্ফল, ইৰিল।


ৰাজ্যঃ ত্ৰিপুৰা।

প্ৰধান পাহাৰঃ জামপাই পাহাৰ, চখনি পাহাৰ, লানচটৰ পাহাৰ।

প্ৰধান নদ-উপনদীঃ গোমতী, চলাই, মুহুৰি, ফেনি।


ৰাজ্যঃ মিজোৰাম। 

প্ৰধান পাহাৰঃ মিজো পাহাৰ, আৰাকান-য়'মা।

প্ৰধান শৃংগঃ ব্লু মাউণ্টেইন (ফাৱাপুই)।

প্ৰধান নদ-উপনদীঃ কালাদন, টুইভাই সোণাই, টলং, লংগাই।


ৰাজ্যঃ মেঘালয়।

প্ৰধান পাহাৰঃ গাৰো পাহাৰ, খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ।

প্ৰধান শৃংগঃ ছিলং, নক্ৰেক।

প্ৰধান নদ-উপনদীঃ উমট্ৰু (ডিগাৰু) উমিয়াম (বৰাপানী)সোমেশ্বৰী,                                    দুধনৈ।


Class 7 Social Science 

Type: Nayan Moni Deka