মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা

 ওপৰৰ আলোচনাৰ পৰা তোমালোকে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহৰ বিষয়ে কিছু আভাস পালা। এতিয়া আমি এখন দেশৰ মানৱ সম্পদৰ উন্নয়নত সেই দেশৰ চৰকাৰৰ ভূমিকা সম্বন্ধে কিছু আলোচনা কৰোঁ আহা। এখন দেশৰ মানৱ সম্পদ উন্নয়তনত সেই দেশৰ চৰকাৰৰ ভূমিকা অপৰিশীম। চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত কৰে। কোন কোন দিশত চৰকাৰে সঠিক কৰ্মসূচী গ্ৰহণ কৰিলে মানৱ সম্পদৰ উন্নয়তৰ গতি খৰতকীয়া হ'ব  তাৰ এটি সংক্ষিপ্ত আলোচনা তলত কৰা হ'ল

শিক্ষাক্ষেত্ৰঃ

শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। শিক্ষাক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদৰ উন্নয়ন অসম্ভৱ।উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্য়তম দায়িত্ব। এই দায়িত্ব পালনৰ অৰ্থে আমাৰ চৰকাৰেও এক সবল শৈক্ষিক পৰিকাঠামো গঢ়ি তোলাৰ উদ্দেশ্যে নতুন নতুন  বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আদি স্থাপন কৰিছে। ২০০৯ চনৰ পৰাই আমাৰ দেশত প্ৰৱৰ্তিত হৈছে শিক্ষাৰ অধিকাৰ আইন। এই আইন সৰ্বস্তৰত ফলপ্ৰসূ কৰাৰ অৰ্থে সৰ্বশিক্ষা অভিযান মিছন আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিছনৰ অধীনত এক সুদূৰপ্ৰসাৰী পৰিবৰ্তনৰ চেষ্টা দ্ৰতগতিত চলিছে যাতে উন্নত মানৱ সম্পদ গঢ়ি উঠাত কোনো অসুবিধা নাথাকে। ঠিক সেইদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰে দৃঢ় পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। চৰকাৰৰ এই প্ৰচেষ্টা  সফল হ'লে অনতি পলমে আমাৰ দেশৰ মানৱ সম্পদে ঠন ধৰি উঠিব আৰু বিশ্বৰ উন্নত আৰু প্ৰভাৱশালী দেশসমূহৰ লগত ফেৰ মাৰিবলৈ সক্ষম হ'ব। ৰাজ্যসমূহত বিভিন্ন স্তৰৰ বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠা কৰি সৰ্বস্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰিছে। অসমতো ইতিমধ্যে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা শিক্ষা প্ৰতিষ্ঠান (IIT)ৰ লগতে ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান (NIT), দুখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আঠখন ৰাজ্যিক বিশ্ববিদ্য়ালয়, এখন মুক্ত বিশ্ববিদ্যালয়, দুখন বিশ্বভিদ্যালয়, ছয়খন চিকিৎসা মহাবিদ্যালয়, দুখন অভিযান্ত্ৰিক মহাবিদ্যালয়, এখন কৃষি বিশ্ববিদ্যালয়, শিক্ষক শিক্ষণ মহাবিদ্যালয়, মীন মহাবিদ্যালয় আদিকে ধৰি ভালেমান কাৰিকৰী শিক্ষা আৰু সাধাৰণ শিক্ষাৰ প্ৰতিষ্ঠাৰ প্ৰতিষ্ঠান আছে। কিন্তু জনসংখ্য়াৰ চাহিদা অনুসৰি এই ব্যৱস্থা পৰ্যান্ত নহয়। সেয়েহে চৰকাৰে আগন্তুক দিনবোৰত শিক্ষাব্যৱস্থা টিনকিয়াল কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।  

স্বাস্থ্য আৰু খাদ্যক্ষেত্ৰঃ

সুস্থ মনৰ কাৰণে সুস্থ শৰীৰৰ প্ৰয়োজন। সুস্থ শৰীৰৰ বাবে প্ৰয়োজন হয় পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থা। মানৱ সম্পদ হিচাপে পৰগণিত হ'বলৈ এজন মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সবল হ'বই লাগিব। এই দৃষ্টিভংগীক গুৰুত্ব দি আমাৰ চৰকাৰে স্বাস্থ্য ক্ষেত্ৰত উন্নতিৰ কাৰণে উপযুক্ত পৰিকাঠামো গঢ়ি তোলাৰ আপ্ৰাণ চেষ্টা কৰিছে। গাঁও, চহৰ সকলোকে সামৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য উপকেন্দ্ৰ, মহকুমা স্বাস্থ্য কেন্দ্ৰ, জিলা স্বাস্থ্য় কেন্দ্ৰ আদি প্ৰতিষ্ঠা কৰিছে। তাৰ উপৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় স্তৰত অতি উন্নত মানৰ হস্পিতাল স্থাপন কৰি আমাৰ চৰকাৰে স্বাস্থ্য় সেৱাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। আধুনিক হস্পিতালৰ দ্বাৰা যিকোনো মুহূৰ্ততে মানুহক চিকিৎসা কৰাৰ দৰে সুবিধাও এতিয়া উপলব্ধ হৈছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য় অভিযান মিছনৰ অধীনত অনেক কৰ্মসূচী গ্ৰহণ কৰি সমগ্ৰ দেশৰ মানুহক উন্নত স্বাস্থ্য়ৰ অধিকাৰী কৰাৰ যি লক্ষ্য চৰকাৰে গ্ৰহণ কৰিছে সেয়া আমাৰ উন্নত ভৱিষ্য়ত মাপকাঠি বুলি নিচিশ্চত হ'ব পাৰি। আগৰ শ্ৰেণীৰ পাঠ্যপুথিত তোমালোকে স্বাস্থ্য়ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিতংকৈ পাই আহিছা। কথাখিনি পুনৰ মনত পেলোৱা। মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম হৈছে খাদ্য়। সুস্থ শাৰীৰিক বিকাশৰ অনেকখিনি নিৰ্ভৰ কাৰণে সুষম খাদ্যৰ ওপৰত। এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ ক্ষুধাৰ্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণক উপযুক্ত পৰিমাণৰ সুষম খাদ্য়ৰ যোগান ধৰাটো চৰকাৰে 'ন্যূনতম মৌলিক চাহিদা কৰ্মসূচী'ৰ অধীনত মানৱ সম্পদ হিচাপে পৰিণত কৰাৰ চেষ্টা কৰিছে। চৰকাৰৰ 'গণবন্তন ব্য়ৱস্থা'(Public Distribution System)ৰ অধীনত দেশৰ খাদ্য় সামগ্ৰীসমূহ সকলো জনসাধাৰণে যাতে যথাযথ পৰিমাণে একে দৰত লাভ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে ভাৰতীয় খাদ্য় নিগম, সমবায় সমিতিসমূহ আৰু সুলভ মূল্যৰ  দোকানসমূহৰ জৰিয়তে প্ৰয়োজনীয় ব্যৱস্থা হাতত লৈছে। যুদ্ধ-বিগ্ৰহৰ সময়ত বা যিকোনো প্ৰাকৃতিক দুৰ্যোগ যেনে-বানপানী, ভূমিকম্প, খৰাং, বতৰ আদিৰ দৰে পৰিস্থিতিয়তো যাতে দেশৰ ধনী-দুখীয়া সমন্বিতে কোনো লোকেই খাদ্য় সামগ্ৰীৰ যোগানৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবেও চৰকাৰে ব্য়ৱস্থাগ্ৰহণ কৰে। খাদ্য়-সামগ্ৰীৰ অভাৱৰ ফলতে অত্যধিক মূল্য়বৃদ্ধি, ভেজাল খাদ্য় প্ৰস্তুতকৰণ, বয়বস্তুৰ কৃত্ৰিম নাটনি আদি সমস্য়াৰ  সৃষ্টি হয়। সেয়েহে উপযুক্ত পৰিমণে গুণসম্পন্ন খাদ্য-সামগ্ৰী মজুত কৰি ৰখাটো চৰকাৰ এখনৰ এটা গুৰু দায়িত্ব। দেশ এখনৰ জনসংখ্য়া অনুপাতে খাদ্য় সামগ্ৰীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্ৰয়োজন অনুসাৰে জনসাধাৰণক খাদ্য  বস্তুৰ যোগান ধৰিব পৰা কাৰ্যটোকে আমি খাদ্য সূৰক্ষা বুলি কওঁ। মানৱ সম্পদৰ বিকাশৰ বাবে চৰকাৰে খাদ্য সুৰক্ষাৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয়।

কৰ্মসংস্থান ক্ষেত্ৰঃ

আৰ্থিক উন্নতি অবিহনে সমাজৰ ৰ্সামাগ্ৰিক উন্নতিৰ কথা ভাবিব নোৱাৰি। আৰ্থিক উন্নতিৰ বাবে প্ৰয়োজন হয় উপযুক্ত কৰ্মসংস্থানৰ সুযোগ তৈয়াৰ কৰা। উন্নত মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত আমাৰ চৰকাৰে বিভিন্ন নিয়োগজনিত কৰ্মসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ বাবে উল্লেখযোগ্য় কৰ্মসূচী হ'ল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰমীণ নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA) আউ চহৰ অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী কৰ্মসংস্থান নিশ্চিতকৰণ কৰ্মসূচী (PMEGP) আদি। স্বনিয়োজনৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিও কৰ্মসংস্থান ক্ষেত্ৰৰ উন্নতি সাধন কৰিব পৰা যায়। আমাৰ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক পৰ্যটন ক্ষেত্ৰৰ বিকাশত সহায় হোৱাকৈ সহজলভ্য ঋণ প্ৰদান কৰা হয়। এই ঋণৰ দ্বাৰা যুৱকসকলে বিভিন্ন যানবাহন ক্ৰয় বা হোটেল, ৰেষ্টুৰেণ্ট আদি প্ৰতিষ্ঠা কৰি কৰ্মসংস্থান ক্ষেত্ৰত বিকাশ সাধন কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। প্ৰকৃতিক সম্পদত অসম বেছ চহকী। এই দিশটোক গুৰুত্ব দি চৰকাৰে যদি ৰাজ্যখনত অধিক উদ্যোগ প্ৰতিষ্ঠাত আগভাগ লয় তেনেহলে অসমত কৰ্মসংস্থানৰ সুবিধা বাঢ়িব।


Class 8 Social Science

Type: Dimi Bora