ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ

 আগৰ অধ্যায়ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনীতিত কেনেকৈ প্ৰৱেশ কৰিছিল সেই সম্পর্কে আলােচনা কৰা হৈছে । তােমালােকে নিশ্চয় বুজিব পাৰিছা যে ভাৰতত ইংৰাজ শক্তিৰ উত্থান আচম্বিতে ঘটা এটা ঘটনা নহয় , ইয়াৰ অন্তৰালত দীঘলীয়া ইতিহাস লুকাই আছে । ইংৰাজসকলে সেই সময়ৰ ভাৰতীয় শাসকসকলৰ অকর্মণ্যতা বা ঘৰুৱা কন্দলৰ সুবিধা লৈ লাহে লাহে নিজকে শাসকৰ ৰূপত প্রতিষ্ঠা কৰিবলৈ ধৰিলে । প্ৰকৃততে দিল্লীৰ সম্রাট ফাখছিয়াৰৰ অকর্মণ্যতাই ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত ৰাজশক্তিৰূপে প্রতিষ্ঠা লাভ কৰাত সুবিধা কৰি দিছিল । কোৱা বাহুল্য যে ভাৰতীয় শক্তিবৰ্গৰ পৰােক্ষ সন্মতি আৰু সহযােগ লাভ কৰিহে ইংৰাজসকলে ভাৰতত ৰাজনৈতিক আধিপত্য লাভ কৰিছিল । ইয়াতে ভাৰতীয় শাসকসকলৰ ৰাজনৈতিক দুর্বলতা বা অযােগ্যতা স্পষ্ট হৈ পৰিছে । ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক শক্তিৰূপে প্রতিষ্ঠা লাভ কৰা সময়ত ভাৰতত সৰু-বৰ দেশীয় ৰাজ্যবোৰৰ শাসন ব্যৱস্থা পৃথক আছিল। তাৰোপৰি পৰম্পৰাগত আৰ্থ-সামাজীক ব্যৱস্থাসমূহো ইংৰাজৰ অনুকুলে নাছিল। সেয়েহে ইংৰাজসকলে ভাৰতৰ শাসন হস্তগত কৰি অনুকুল বাতাৱৰণ এটি সৃষ্টি কৰাৰ বাবে এলানি সংস্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওংলোকেৰ সংস্কাৰসমূহক মূলতঃ প্ৰশাসনিক, ৰাজহ, শিক্ষা, বিচাৰ আদি ভাগত আলোচনা কৰা হ'ব।

প্ৰশাসনীয় সংস্কাৰঃ

ইংৰাজসকলে ভাৰতীয় শাসন ব্যৱস্থাত প্রচলিত দুর্নীতিসমূহ আঁতৰাবলৈ কিছুমান প্রশাসনীয় সংস্কাৰ হাতত লৈছিল । তাকে কৰিবলৈ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে প্রথমে দুর্নীতিত লিপ্ত হৈ থকা কোম্পানীৰ কৰ্মচাৰীসকলক বে আইনীভাৱে ব্যৱসায় চলােৱা , ভেটি লােৱা আদি কার্য বন্ধ কৰিবলৈ নির্দেশ দিছিল । তেওঁ কোম্পানীৰ চাকৰিয়ালসকলৰ বেতনৰ হাৰ বৃদ্ধি কৰিছিল আৰু জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়াৰাে ব্যৱস্থা কৰিছিল । এই কার্যবিধিখনক কর্ণৱালিছ সংহিতা বুলি জনা যায় ।দ্বিতীয়তে, ইংৰাজ শাসনসকলে সামৰিক বাহিনীৰ ক্ষেত্ৰতো কিছুমান সংস্কাৰ সাধন কৰিছিল যাতে সামৰিকবাহিনীয়ে তেওঁলােকৰ স্বার্থ সুৰক্ষিত কৰি ৰাখিব পাৰে । তৃতীয়তে , তেওঁলােকে ভাৰতত ইংৰাজ অধিকৃত এলেকাত শান্তি শৃংখলা অটুট ৰাখিবলৈ নির্দিষ্ট থানা আৰু আৰক্ষী নিযুক্তিৰ ব্যৱস্থাও কৰিছিল । কর্ণৱালিছে ভাৰতীয় লােকক শাসনৰ উচ্চ পদত নিয়ােগ কৰা নাছিল । তেওঁ ইংৰাজ কৰ্মচাৰীৰ ওপৰতে বেছি আস্থা দেখুৱাইছিল । কিন্তু তেওঁৰ পিছৰজন গৱৰ্ণৰ জেনেৰেল লর্ড ময়ৰা বা লর্ড হেষ্টিংছে  ভাৰতীয় লোকক চৰকাৰী চাকৰিত নিয়ােগ কৰি পদোন্নতিৰাে ব্যৱস্থা কৰিছিল । গৱৰ্ণৰৰ জেনেৰেল লর্ড ডেলহাউচিয়ে ইংৰাজৰ স্বার্থ বিঘ্নিত নােহােৱাকৈ স্থানীয় আইনসমূহ ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত হােৱা অঞ্চলবােৰত বলবৎ কৰাৰ অনুমতি দিছিল । জিলাৰ মুখ্য প্রশাসকজনক অধিক ক্ষমতা দিশাসনৰ ক্ষেত্ৰত বিকেন্দ্রীভূত নীতি প্রচলন কৰা লর্ড ডেলহাউচিৰ শাসনৰ অন্যতম সংস্কাৰ আছিল । ইংৰাজসকলৰ শাসনৰ সময়ত বিচাৰ ব্যৱস্থাটো কিছু সালসলনি কৰা হৈছিল। পূৰ্বৱতী ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন ভিন আইন-কানুন চলিছিল। তাৰ পৰিৱৰ্তে ইষ্ট ইণুিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এই  ধৰনৰ আই-আদালত স্থাপন কৰি দিছিল। লৰ্ড কৰ্ণৱালিকে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত (ফৌজদাৰী গোচৰৰ আদালত)ৰ কিছু সানসলনি কৰিছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড ময়ৰা বা হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুসিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্ৰিয়পাত্ৰ হৈছিল। 

ৰাজত সংস্কাৰঃ

কোম্পানী চৰকাৰৰ আগতে ভাৰতত ৰায়তৱাৰী ব্যৱস্থা প্রচলন আছিল । খেতিয়কে বা ৰায়তে ৰজা ঘৰত নিজে খাজনা দিব পাৰিছিল । ইংৰাজসকলে শাসনকার্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ভাৰতত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি যথেষ্ট পৰিৱৰ্তন আনিছিল । লর্ড কর্ণৱালিছৰ ৰাজত্ব কালটো তেওঁ সংশােধন কৰা ৰাজহ ব্যৱস্থাৰ বাবে উল্লেখযােগ্য । এওঁ পূর্বৰ কোম্পানীৰ শাসনৰ সময়ত থকা পাঁচ বছৰীয়া নাইবা এবছৰীয়া ৰাজহ বন্দবস্তীৰ ঠাইত চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল । চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰসকলে মাটি ভােগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে বিচৰা নির্দিষ্ট ধন বা ৰাজহ দিব নােৱাৰিলে সেই জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল । এই ব্যৱস্থাই জমিদাৰ শ্রেণীক ক্ষমতাশালী কৰিছিল যদিও কৃষকসকলে যথেষ্ট পৰিমাণৰ দুর্ভোগ ভুগিবলগীয়া হৈছিল । গৱৰ্ণ জেনেৰেল লৰ্ড হেষ্টিংংছৰ দিনত ৰাজহ বিভাগৰ আন এক যুগান্তকাৰী সংস্কাৰ হৈছিল। হেষ্টিংছে তেওঁৰসুযােগ্য ৰাজহ বিষয়া ৰবাট বাৰ্ডৰ সহযােগত ভাৰতৰ সীমান্ত গাঁওবােৰত ৰাজহৰ বন্দবস্তী কৰিছিল আৰু মাটিৰ পট্টাৰ ব্যৱস্থা কৰিছিল । হেষ্টিংছৰ দিনৰ পৰাই ভাৰতত মাটিৰ পট্টা দিয়াৰ নিয়ম হৈছিল ( ১৮২৬ খ্রীষ্টাব্দত ) । ফলত খেতিয়কসকলে থিতাপি লৈ নতুন উদ্দ্যমেৰে কাম কৰিছিল আৰু ইয়াৰ ফলত কোম্পানীয়ে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰিছিল ।


Class 8 Social Science 

Type: Dimi Bora