প্ৰাৰ্থনা সমাজ

একেদৰে মহাৰাষ্ট্ৰত মহাদেৱ গােবিন্দ ৰাণাডেই ১৮৬৭ খ্রীষ্টাব্দত প্রার্থনা সমাজ প্রতিষ্ঠা কৰিছিল । এয়া ব্রাহ্ম সমাজৰ আৰু ব্রাহ্ম আন্দোলনৰেই আন এটা ৰূপ আছিল । ৰাণাডেৰ অনুগামীসকলে হিন্দু ধৰ্মৰ পৰা ফালৰি কাটি অহা নাছিল কিন্তু তেওঁলােকৰ সমাজ সংস্কাৰ আন্দোলনে ব্রাহ্ম সমাজকো চেৰ পেলাইছিল । তেওঁলােকৰ কাৰ্যসূচী আছিল নিৰক্ষৰ লােকৰ মাজত শিক্ষাৰ ধাউতি বঢ়োৱা , অনাথ আশ্রম পতা আৰু অনুন্নত জাতিবােৰৰ সামাজিক আৰু অর্থনৈতিক উন্নতিৰ বাবে চেষ্টা চলােৱা আদি । 

আৰ্য সমাজ

ব্রাহ্ম সমাজৰ লগত বহুলাংশে মিল থকা আন এটা সংগঠন হ’ল ১৮৭৫ খ্রীষ্টাব্দত পঞ্জাৱত স্থাপিত হােৱা আর্য সমাজ । ইয়াৰ প্ৰতিষ্ঠাপক । আছিল স্বামী দয়ানন্দ সৰস্বতী । দয়ানন্দও এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূর্তি পূজাৰ বিৰােধিতা কৰিছিল । এই সংগঠনটোৱে জাতিভেদ প্রথা নামানিছিল , বাল্য বিবাহৰ বিৰােধিতা কৰিছিল , বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্হি নয়ন বুলি দাবী কৰিছিল। স্বামী দয়াদন্দ সৰস্বতীয়ে ইছলাম ধৰ্ম অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ  ব্যৱস্থা কৰিছিল আৰু ইয়াত 'শুদ্ধি' বুলি কোৱা হৈছিল। 

ৰামকৃষ্ণ মিজনঃ

ৰামকৃষ্ণ পৰমহংসৰ নামটো তোমালোকে নিশ্চয় শুনিছা। এওঁ আছিল কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দীৰৰ এজন পূজাৰী। তেওঁ আধুনিক শিক্ষা-দীক্ষা পোৱা নাছিল। তেওঁ মূৰ্তি পূজাত বিশ্বাসী আছিল যদিও আন্তৰিক ভক্তিৰ পৰিৱৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা-আৰ্চনাৰ বিৰোধিতা কৰিছিল। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল। নৰেন্দ্ৰ নাথ দত্ত ওৰেফ স্বামী বিবেকানন্দই পৰমহংসৰ মতবাদসমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওংৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল।

আলিগড় আন্দোলনঃ 

এই সময়ছোৱাত প্ৰাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধৰ্মী লোকসকলকো অনুপ্ৰাণিত কৰিছিল। উত্তৰ ভাৰতত ছাৰ ছৈয়দআহমদ খান, নৱাব আব্দুল লতিফ আৰু ছৈয়দ আমিৰ আলিয়ে মছুলমান সম্পৰদায়ক ইংৰাজী ভাষা  আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলে। ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'ওংলো অৰিয়েণ্টেল কলেজ' নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওচৰত গুৰুত্ব দিয়া হৈছিল। এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যালয় হয়গৈ। লাহে লাহে মুছলমানসকলৰ মাজতো সমাজ আৰু ধৰ্ম সংস্কাৰৰ মনোভাব গা কৰি উঠে। ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকেৰ সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহু বিবাহ, বাল্য বিবাহ আদি প্ৰথাসমূহত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল। ভাৰতীয় মুছলমাসকলৰ মাজত পুনৰ জাগৰণৰ পোহৰ বিলোৱা কাৰ্যসূচীৰ কেন্দ্ৰভূমি আছিল আলিগড় চহৰ। সেয়ে ইয়াক আলিগড় আন্দোলনো বোলা হয়।এইখিনিতে উল্লেখ কৰিব লাগিব যে প্রথম অৱস্থাত ইংৰাজৰ পাশ্চাত্য নীতি বা পাশ্চাত্য শিক্ষাৰ প্রতি হিন্দুসকলৰ পৰা যিখিনি সহাৰি ইংৰাজ চৰকাৰে পাইছিল মুছলমান সম্প্রদায়ৰ পৰা তেনে সহাৰি পােৱা নাছিল । ১৮ শতিকাৰ শেষার্ধত আৰু ১৯ শতিকাৰ প্ৰথমার্ধত ‘ বাহাবি আন্দোলনে ভাৰতত গা কৰি উঠিছিল । পাশ্চাত্য আৰ্হিত ইংৰাজে যি বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল তাত ৰক্ষণশীল মুছলমান সমাজে প্রতিবাদ কৰিছিল । মুছলমানসকলৰ ৱাহাবি সম্প্রদায়টোৱে এনে প্রতিবাদত উদগনি দিছিল । কিন্তু পিছলৈ ছাৰ ছৈয়দ আহমদ খানৰ নেতৃত্বত মুছলমান সম্প্রদায়তাে নৱ জাগৰণে ভুমুকি মাৰিছিল ।উল্লেখযােগ্য যে এই অনুষ্ঠানসমূহৰ উপৰি সেই সময়ত ব্যক্তিগতভাৱে কিছুমান লােকে সমাজ সংস্কাৰত নামিছিল । এওঁলােকৰ ভিতৰত ঈশ্বৰ চন্দ্র বিদ্যাসাগৰৰ নাম উল্লেখযােগ্য । বংগদেশৰ ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল । ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্রহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল । ইয়াৰ ভিতৰত কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে শিক্ষা গ্রহণত বিশেষ আগ্রহ দেখুৱাইছিল । তেওঁ আমাৰ জীৱন নামে বঙলা ভাষাত এখন আত্মজীৱনীমূলক পুথি লিখি উলিয়াইছিল । এইখনেই আছিল প্রথম ভাৰতীয় মহিলাৰ আত্মজীৱনীমূলক গ্রন্থ । ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে বিধবাসকলৰ পুনৰ বিবাহৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই সমাজত দৃষ্টান্ত দাঙি ধৰিছিল ।এইদৰেই ভাৰতত এক নৱজাগৰণৰ ( Renaissance ) অভ্যুদয় হৈছিল । ভাৰতৰ শাসন ব্যৱস্থা , সমাজ আৰু অর্থনৈতিক সংস্কাৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়েও যথেষ্ট অৰিহণা যােগাইছিল । ফলত ভাৰতবাসীয়েও আধুনিকতাৰ জগতখনলৈ ক্রমান্বয়ে ধাৱমান হৈছিল ।


Class 8 Social Science

Type: Dimi Bora