১৮৫৭ চনৰ বিদ্ৰোহ

 ইংৰাজে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া , কেনেকৈ ভাৰতত প্ৰৱেশ কৰি কালক্ৰমত এই দেশৰ ৰাজনৈতিক , অর্থনৈতিক ক্ষমতা হস্তগত কৰিছিল জানিব পাৰিলা । ইংৰাজসকলে গ্রহণ কৰা নতুন ঔপনিৱেশিক নীতিয়ে ভাৰতীয় সমাজৰ সকলাে শ্ৰেণীৰ লােকক কেনেদৰে ক্ষতিগ্রস্ত কৰিছিল , এই বিষয়েও আগৰ অধ্যায়ৰ পৰা অৱগত হৈছাহঁক । এই অধ্যায়ত ভাৰতীয় জনসাধাৰণে কেনেকৈ তেওঁলােকৰ আবেগ অনুভূতিক আঘাত কৰা ইংৰাজৰ নীতি আৰু কাৰ্যৰ প্রতিবাদ কৰিছিল সেই বিষয়ে আলােচনা কৰিমহক । ওপৰৰ চিত্ৰখনলৈ মন কৰা । ইয়াত চিত্রায়িত কৰা হৈছে কেনেকৈ উত্তৰ ভাৰতত চিপাহী আৰু কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল । ১৮৫৭ চনৰ বিদ্ৰোহৰ চৰিত্র পর্যালােচনা কৰিলে দেখা যায় যে ই কোনাে শ্রেণী সংগ্রাম নাছিল সেই বিদ্রোহ আছিল ইংৰাজৰ এশ বছৰীয়া শােযণ নীতিৰ বিৰুদ্ধে সংঘটিত হােৱা এক প্রবল জনজাগৰণ , যত প্রতিফলিত হৈছিল বছৰ বছৰ ধৰি লাঞ্চিত , বঞ্চিত ভাৰতীয়ৰ দীর্ঘদিনীয়া পুঞ্জীভূত ক্ষোভ আৰু বেদনাৰু ।                                                        

বিদ্ৰোহৰ কাৰণঃ

অর্থনৈতিক , সামাজিক , ৰাজনৈতিক , সামৰিক , ধর্মীয় আদি নানান কাৰণত ১৮৫৭ চনত বিদ্ৰোহৰ সূত্রপাত হৈছিল । প্রাক্‌ ইংৰাজ যুগৰ ভাৰতবৰ্ষ আছিল এখন গ্রাম্য প্রধান কৃষিভিত্তিক দেশ । বৃহৎ শিল্প উদ্যোগৰ পৰিৱর্তে হস্ত আৰু কুটিৰ শিল্পৰ দ্বাৰাই গাঁওবােৰ স্বাৱলম্বী হৈ চলিব পাৰিছিল । ভূমিৰ ক্ষেত্ৰতাে তেনে কোনাে জটিল ৰাজহ গাঁথনি নাছিল। ইংৰাজসকল ভাৰতলৈ ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত পর্যায়ক্রমে প্ৰৱৰ্তন কৰা অর্থনৈতিক নীতিয়ে ভাৰতৰ পৰম্পৰাগত অর্থনীতিৰ ওপৰত কুঠাৰাঘাত কৰিছিল । অষ্টাদশ শতিকাৰ মাজভাগৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক আৰু অর্থনৈতিক প্রাধান্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰি আহিছিল । ১৭৫৭ চনৰ পলাশী যুদ্ধৰ ফলাফল আৰু ইংলণ্ডত সূচনা হােৱা শিল্প বিপ্লৱে এই প্রক্রিয়া অধিক ত্বৰান্বিত কৰিছিল । ইয়াৰ প্রত্যক্ষ  ফলস্বৰূপে অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধত ভাৰতবর্ষ এখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱেশত পৰিণত হৈছিল । এফালেদি ইংলণ্ডলৈ প্ৰচুৰ পৰিমাণে কেঁচামাল সৰবৰাহ কৰি আৰু আনফালে ইংলণ্ডৰ শিল্পজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ নিয়ন্ত্রণ কৰি ইংৰাজে সাধাৰণ জনগণৰ জীৱনলৈ ভয়াবহ অন্ধকাৰ নমাই আনিছিল । ইয়াৰ পৰিণামস্বৰূপে ঊনবিংশ শতিকাৰ প্রথমার্ধত ভাৰতবৰ্ষত কেইবাটাও দুর্ভিক্ষৰ সৃষ্টি হৈছিল । আগতেই উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষ মূলতঃ এখন কৃষি প্রধান দেশ । কিন্তু কৃষি খণ্ডৰ উন্নয়নৰ বাবে কোম্পানী চৰকাৰে কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাছিল । আনহাতে ভূমি । ৰাজহৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল । তাৰ মাজতে কৃষকসকল মধ্যস্বত্বভােগী আৰু মহাজনৰাে বঞ্চনাৰ বলি হৈছিল । মুঠতে জন্মৰ পৰা মৃত্যুলৈকে ভাৰতীয় কৃষকক ঋণৰ বােজাই লগ নেৰাটো এটা চিৰাচৰিত ঘটনাত পৰিণত হৈছিল । ইংৰাজৰ আমােলত প্ৰৱৰ্তন কৰা নতুন প্রশাসনিক নীতিৰ ফলত সমাজৰ অভিজাতসকল , সাধাৰণ মধ্যবিত্ত শ্রেণী আৰু সামৰিক বাহিনীৰ লােকো তীব্র অর্থ সংকটত ভূগিছিল আৰু পূর্বৰ বহু সা - সুবিধাৰ পৰা বঞ্চিত হৈছিল । তাৰােপৰি ইংৰাজৰ জাত্যাভিমানৰ বলি হৈ বহুতাে শিক্ষিত ভাৰতীয়ই উচ্চপদৰ চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছিল । এই বৈষম্যমূলক আচৰণে স্বাভাবিকতে এক শ্রেণী লােকৰ মনত ইংৰাজৰ প্রতি ঘৃণাৰ ভাব সৃষ্টি কৰিছিল । ইতিমধ্যে উনৈশ শতিকাৰ আৰম্ভণিতেই কোম্পানী চৰকাৰে ঔপনিৱেশিক অর্থনীতিৰ প্রয়ােজনতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত আগ্রহী হৈ পৰিছিল । সেয়ে ভাৰতীয় লােকে ভােগ কৰা কিছুমান অসুবিধা দূৰ কৰি ( যাতায়াত আৰু শিক্ষা ব্যৱস্থা ) সমাজত প্রচলিত আওপুৰণি ধ্যান - ধাৰণা , মতাদর্শ তথা প্ৰমূল্যৰ পৰিৱৰ্তন সাধন কৰাটো প্রয়ােজনীয় হৈ পৰিছিল । ফলস্বৰূপে এলানি সংস্কাৰ কাৰ্যসূচী হাতত লৈছিল যদিও ৰক্ষণশীল সমাজে ইয়াৰ প্ৰতিবাদ কৰিছিল। মুঠতে  ইংৰাজ আৰু ভাৰতীয়ৰ মাজত যি জাতিগত দন্দ আৰম্ভ হৈছিল তাৰ ফলাফল শুভ নাছিল। ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বিচৰা কৰিলেও দেখিবলৈ পোৱা যায় যে কোম্পানী চৰকাৰে যি সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল তাৰ পৰিমান সুদূৰপ্ৰসাৰী আছিল। এই আগ্ৰাসন প্ৰক্ৰিয়াৰ শেষ আৰু চূড়ান্ত পৰ্বৰ সূচনা হৈছিল লৰ্ড ডেলহাউচিৰ শাসনকালত। তোমালোকে আগৰ অধ্যায়ত স্বত্ববিলোপ নীতিৰ বিষয়ে জানি আদিছা। ডেলহাউচিয়ে ইয়াক কঠোৰভাৱে প্ৰয়ােগ কৰি ভালেমান দেশীয় ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয়ৰ মনত ভয় , শংকা , সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল । এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা , উপাধি , পেন্সন আদিও কাঢ়ি লােৱা হৈছিল । অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযােধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল । তাৰােপৰি মােগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রততা ডেলহাউচি লিপ্ত হৈছিল । পিচে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কার্যকৰীনহ’ল । তথাপিও সম্রাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰা হ'ব বুলি ডেলহাউচিয়ে এক তাৎপর্যপূর্ণ ঘােষণা কৰিছিল । এই সমস্ত ঘটনা - পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল ।সামৰিক ক্ষেত্ৰত থকা বিভিন্ন সমস্যা আৰু কোম্পানী চৰকাৰৰ বৈষম্যমূলক নীতিয়ে ১৮৫৭ চনৰ বিদ্ৰোহত এগ্ৰণী ভূমিকা কৰিছিল। উল্লেখযোগ্য যে এই বিদ্ৰোহৰ মূল চালিকা শক্তি আছিল চিপাহীসকলৰ। কোম্পানীৰ শাসনকালত সামৰিক বাহিনীৰ অধিকাংশ চিপাহীয়েই আছিল ভাৰতীয়। কিন্তু এওঁলোকে জাতিগত মূল্যবোধক কোনোদিনেই গুৰুত্ব দিয়া হােৱা নাছিল । সামৰিক অনুশাসনৰ দোহাই দি চিপাহীসকলৰ নিজস্ব কৃষ্টি , সংস্কৃতি পৰিহাৰ কৰিবলৈ বাধ্য কৰাইছিল । কিন্তু সামৰিক বাহিনীত কাম কৰিলেও ভাৰতীয় সৈন্যসকলে নিজ নিজ ধর্মীয় অনুশাসন মানি চলাৰ পক্ষপাতি আছিল । কিন্তু ১৮৫৬ চনত কোম্পানী চৰকাৰে এখন আইনৰ যােগেদি সাগৰ যাত্রা বাধ্যতামূলক কৰি সৈন্যসকলৰ মনত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিছিল । কাৰণ হিন্দু ধর্মত সাগৰ যাত্রা নিষিদ্ধ আছিল । তদুপৰি ভাৰতীয় সৈন্যই ইউৰােপীয় সৈন্যৰ একে হাৰত দৰমহা পােৱা নাছিল , পদোন্নতিৰ ক্ষেত্ৰত তেওঁলােকক বঞ্চিত কৰা হৈছিল আৰু বিদেশ সেৱাৰ বাবদ লাভ কৰা ভাট্টাও বন্ধ কৰিছিল । এই সকলােবিলাকেই ভাৰতীয় সৈন্যৰ মনত ইংৰাজৰ বিৰুদ্ধে ক্ষোভ আৰু বিদ্বেষ ভাব জগাই তুলিছিল । এই সংঘাতৰেই পৰিণাম আছিল ১৮৫৭ চনৰ মহাবিদ্রোহ । ধর্মীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লেও দেখিবলৈ পােৱা যায় যে কিছুমান স্পর্শকাতৰ বিষয়ে ভাৰতীয় মানুহৰ মনত ইংৰাজৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল । কোম্পানী চৰকাৰৰ শাসনকালত খৃষ্টিয়ান মিচনেৰীসকলৰ দ্রুত ধৰ্ম প্রচাৰ , ধৰ্মৰ লগত জড়িত ভাৰতৰ পৰম্পৰাগত কিছুমান প্ৰথাৰ বিলােপ সাধন আৰু ধর্মান্তৰিত লােকক ধন - সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰা আদি কাৰ্যই ভাৰতবাসীক নিজৰ ধৰ্মৰ ভৱিষ্যত সম্পর্কে সন্দিহান কৰি তুলিছিল । আনহাতে দেশীয় শিক্ষা ব্যৱস্থাৰ মাধ্যম ইংৰাজী কৰাত আৰু জনকল্যাণৰ নামত বিভিন্ন ঠাইত স্থাপন কৰা শিক্ষানুষ্ঠান , হস্পিতাল , গীর্জা আদিয়েও সর্বসাধাৰণ লােকৰ মনত সন্দেহৰ ভাব সুমুৱাই দিছিল যে এই সকলাে বিলাকৰ  অন্তৰালত আছে ভাৰতৰ্বষক এখন খৃষ্টান ধৰ্মী দেশলৈ পৰিণত কৰা। ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰকুৱাব লাগিছিল। গুলিসমূহত চৰ্বি জাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুৰ অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছ প্ৰকাশ কৰিলে। তেওঁলোকেৰ বিশ্বাস দৃঢ় হৈছিল যে এই কার্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধর্ম নষ্ট কৰিবলৈ বিচাৰিছে । ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পােনতে এইবিধ গুলি ব্যৱহাৰৰ প্রতিবাদ কৰিছিল । ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্রমণ কৰি পৰিস্থিতি উত্তেজনাপূর্ণ কৰি তােলে । ইংৰাজ চৰকাৰে লগে লগে মংগল পাণ্ডে আৰু তেওঁৰ সহযােগী ঈশ্বৰী পাণ্ডেক ফাঁচী দি দুয়ােটা দেশীয় পদাতিক বাহিনী ভংগ কৰি বিষয়টো চম্ভালিবলৈ চেষ্টা কৰে । কিন্তু উত্তেজনাৰ শাম নাকাটিল । অতি সােনকালেই এইবাতৰি উত্তৰ প্ৰদেশৰ মীৰাট পালেগৈ । ১০ মে ৰবিবাৰে মীৰাট সেনা ছাউনীৰ চিপাহীসকলে মীৰাটৰ জেলত থকা সকলাে কয়দীকে মুকলি কৰি দিয়ে আৰু কেইবাজনাে ইংৰাজ সামৰিক বিষয়াক হত্যা কৰি তেওঁলােকৰ পৰা বন্দুকবাৰুদ কাঢ়ি আনে । ১০ মে’ৰ দিনাই বিদ্রোহী চিপাহীসকল মীৰাটৰ পৰা দিল্লী পালেগৈ আৰু মােগল সম্রাট বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতৰ সম্রাট বুলি ঘােষণা কৰে । মােগল সম্রাটজনক ভাৰতৰ ঐক্য আৰু সংহতিৰ প্রতীক বুলি ঘােষণা কৰা কাৰ্যই যথেষ্ট তাৎপর্য বহন কৰিছিল।অতি কম সময়ৰ ভিতৰতে উত্তৰ ভাৰত , মধ্যভাৰত আৰু দক্ষিণ ভাৰতৰ বহু এলেকাত এই বিদ্রোহ বিয়পি পৰে । দক্ষিণ ভাৰতৰ দুই এখন চহৰত এই বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল । এটা কথা ঠিক যে কোনাে পৰিকল্পনা নােহােৱা বাবে আৰু উপযুক্ত নেতৃত্বৰ অভাৱত বহুতাে অঞ্চলত বিদ্রোহে হিংসাত্মক ৰূপ লৈছিল । ১৮৫৭ চনৰ বিদ্রোহ ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ কেৱল এক সাধাৰণ প্রতিবাদী কাৰ্যসূচী নাছিল , ই ভাৰতৰ ইতিহাসৰু এক যুগান্তকাৰী ঘটনা আছিল । আৰম্ভণিতে আমি পাই আহিছাে যে এই বিদ্ৰোহৰ মূল চালিকা শক্তি আছিল চিপাহীসকল । পিছলৈ তেওঁলােকক সহযােগ কৰিছিল দেশৰ বিভিন্ন অঞ্চলৰ ক্ষমতা হেৰুওৱা শাসক , নৱাব , জমিদাৰ , অভিজাত শ্রেণী , কৃষক , পুৰােহিত , মােল্লা - মৌলবী আদিয়ে ।  ১৮৫৭ চনৰ বিদ্রোহ সফল । নহ'ল যদিও ইয়াৰ ফলাফল তাৎপর্যপূর্ণ আছিল । ১৮৫৮ চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায় আৰু ভাৰতৰ শাসন ভাৰ পােনপটীয়াকৈ ইংলণ্ডৰ সম্রাজ্ঞী ৰাণী ভিক্টোৰীয়াৰ অধীনলৈ যায় ।

১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ ভূমিকাঃ

তােমালােকে সপ্তম অধ্যায়ত পাই আহিছা যে মানৰ । অত্যাচাৰৰ পৰা দেশ ৰক্ষা কৰিবলৈ অসমবাসীয়ে ইংৰাজক আমন্ত্রণ কৰি আনিছিল । ইংৰাজ আহিল , কিন্তু ঘূৰি নগ’ল । অসমক মান মুক্ত কৰি অতি সােনকলেই তেওঁলােকে এই ৰাজ্য অধিগ্রহণ কৰিলে । ইংৰাজ উপনিৱেশবাদী শাসনৰ প্ৰায় আৰম্ভণিৰে পৰাই অসমৰ পাহাৰ আৰু ভৈয়ামত ইংৰাজ বিৰােধী মনােভাৱে গা কৰি উঠিছিল । মন কৰিবলগীয়া কথা যে ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসম বহু আগতেই ইংৰাজৰ সাম্রাজ্যবাদী নীতিৰ চিকাৰ হৈছিল। কাৰণ ১৮২৬ চনতেই ইয়াণুাবু সন্ধিৰ জৰিয়তে অসমখন বৃটিছে নিজৰ দখললৈ নিছিল। এক সুদীৰ্ঘ কাল ইংৰাজৰ বিভাজন নীতি, অৰ্থনৈতিক শোষণ, বৰ্ধিত মাটিৰ খাজনা আদিয়ে অসমবাসী বিতুষ্ট কৰি তুলিছিল। যাৰ পৰিণতিত দুবছৰৰ ভিতৰতে অসমত কেইবাটাও ইংৰাজ বিৰােধী সংগ্রাম সংঘটিত হৈছিল । প্রসংগ ক্রমে উল্লেখ কৰিব পাৰি যে ১৮২৮ খ্রীষ্টাব্দতেই অসমত ৰাজপাট বিচাৰি আহােম ৰাজপৰিয়ালৰ গােমধৰ কোৱৰে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল । ১৮৫৭ চনৰ বিদ্রোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্তৰভাণ্ডাৰ বৰুৱা দেৱান , চমুকৈ মণিৰাম দেৱান । মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল । আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভােগী হােৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে । মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যােৰহাটৰ ওচৰৰ চিনামৰা’আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে । মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্রকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহােম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যােৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযােগ গ্রহণ কৰি অসমতাে সশস্ত্র সংগ্রাম প্রস্তুতি চলালে । এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা , কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযােগীসকলৰ লগত যােগাযােগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে । অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্ৰেণীৰ লােকক সংগঠিত কৰাত একো অসুবিধাইনহ’ল । চাৰিং ৰজা কর্পেশ্বৰ সিংহৰ বাসভৱন গােপন আলােচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহ'ল । প্রস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্রোহ সম্পৰ্কীয় কিছুমান নথি - পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু পিয়লি বৰুৱীক ১৮৫৮ চন ২৬ ফেব্ৰৱাৰীত যোৰগাটত ফাঁচি দিলে। বয়স কম হোৱা বাবে কন্দৰ্পেশ্বৰ সিংহক পিছত মুকলি কৰি এটা পেস্ণন দি গুৱাহাটী আৱদ্ধ কৰি ৰাখে। অন্য কিক আজীৱন কাৰাবন্দী কৰি ৰাখিলে, বহুতকে সশ্ৰম কাৰাদণু বিহা হ'ল আৰু আন কিছুমানৰ সম্পত্তি বাজেয়াপ্ত কৰি পেস্ণন ৰদ কৰিলে। আপাত দৃষ্টিত অসমত ১৮৫৭ চনৰ বিদ্রোহ সফল নহ'ল আৰু তাৰ লগে লগে অসমবাসীৰ মনত ইংৰাজ বিৰােধী মনােভাব নিঃশেষ নহ'ল । পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ঠাইত সংঘটিত হােৱা কৃষক আৰু পাহাৰীয়া জনজাতিসকলৰ বিদ্রোহইয়াৰেই পৰিণতি আছিল । ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইংৰাজ সম্রাজ্ঞীৰ প্ৰত্যক্ষ শাসনৰ অধীনলৈ গলৈ যদিও অৱস্থাৰ বিশেষ পৰিৱৰ্তন নহ'ল । বৰং ইংৰাজে বিদ্ৰোহৰ ঘাটি পুৰাবলৈ নতুন নতুন কৰ প্ৰৱৰ্তন কৰি সাধাৰণ প্রজা আৰু কৃষকৰ জীৱন দুর্বিসহ কৰি তুলিছিল । এইবিলাক কাৰণতেই ১৯ শতিকাৰ ষষ্ঠ দশকৰ পৰা অসমত এলানি কৃষক বিদ্রোহে গা কৰি উঠিছিল । অসমৰ কৃষক বিদ্রোহসমূহ পৰিচালনা কৰিছিল ৰাইজ মেলসমূহে । সমাজৰ মুখিয়াল লােকসকলৰ তত্বাৱধানত ৰাইজ মেলসমূহ গঢ়ি উঠিছিল । জাতি , ধর্ম নির্বিশেষে সকলােৱেই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল । আর্থ - সামাজিক সমস্যাসমূহ উপস্থাপনৰ ক্ষেত্ৰত ৰাইজমেলসমূহে এক গুৰুত্বপূর্ণ ভূমিকা লৈছিল । তাৰােপৰি ৰাইজমেলৰ ক্ষমতা ইমানেইবেছি আছিল যে কোনাে কোনাে ঠাইত স্থানীয়ভাৱে চৰকাৰক অচল কৰি দিবলৈও ই সমৰ্থ হৈছিল । অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল । ইয়াক ফুলগুৰিৰ ধেৱা বুলিও জনা যায় । তাৰ পিছত ১৮৯৪ চনৰ জানুৱাৰীত ৰঙিয়া , নলবাৰী আৰু বৰমাতাে খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল । সৰুক্ষেত্ৰী মৌজাৰ লাছিমা , বজালীৰ গােবিন্দপুৰ আৰু ১৮৯৪ চনৰ জানুৱাৰীত মঙ্গলদৈ মহকুমাৰ পথৰুঘাটত হােৱা কৃষক বিদ্রোহে ইংৰাজক ভীতি বিহুল কৰি তুলিছিল । পথৰুঘাটৰ ৰণেই অসমত সংঘটিত হােৱা কৃষক বিদ্ৰোহৰ অন্তিম পর্যায় । ওপৰত উল্লেখ কৰা অসমৰ কৃষক বিদ্রোহসমূহ ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও নিঃশেষ কৰিব পৰা নাছিল । মন কৰিবলগীয়া কথা যে দক্ষিণ ভাৰত, বংগ আৰু বিহাৰৰ ছােটানাগপুৰততা সম - সাময়িকভাৱে কৃষক বিদ্রোহ হৈছিল যদিও ইংৰাজৰ লগত সমুখ সমৰত অৱতীৰ্ণ হৈছিল কেৱল অসমৰ কৃষকসকলেহে । 

চিপাহী বিদ্ৰোহৰ প্ৰকৃতিঃ

১৮৫৭ চনৰ বিদ্ৰোহৰ প্রকৃতিক লৈ যথেষ্ট মতভেদ দেখা যায় । কিছুমানৰ মতে এটা তৎকালীন কাৰণক আলম হিচাপে লৈ সেনাৰ ছাউনীত হঠাতে সংঘটিত হােৱা ই এটা চিপাহী বিদ্রোহ । এই বিদ্রোহ পূর্ব পৰিকল্পিত নাছিল অথবা ইয়াৰ কোনাে আদর্শগত ভিত্তিও নাছিল । তেওঁলােকৰ মতে তিনিখন প্রেচিডেন্সি চহৰৰ মাত্ৰ এখনৰ সেনাৰ ছাউনীতহে এই বিদ্রোহ হৈছিল আৰু সকলাে ভাৰতীয় সৈন্যই ইয়াত সহযােগ কৰা নাছিল । ইংৰাজসকলেও ১৮৫৭ চনৰ বিদ্রোহক এটা সাধাৰণ ‘ চিপাহী বিদ্রোহ হিচাপেই অভিহিত কৰিছে । যদিওবা বিদ্রোহীসকলক সমাজৰ এক নির্যাতিত অংশই সমর্থন কৰিছিল তথাপিও দেশৰ এক বৃহৎ অঞ্চল বিদ্রোহমুক্ত আছিল । তাৰােপৰি এইটোৱেই ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্রোহ নাছিল ইয়াৰ আগতেও দুই - এটা বিদ্রোহ সংঘটিত হৈছিল । কোনাে কোনােৱে আকৌ ১৮৫৭ চনৰ বিদ্রোহক এক বিস্তৃত আৰু পূর্বপৰিকল্পিত বিদ্রোহ বুলি মন্তব্য কৰিছে । জনসাধাৰণৰ মাজত ‘ চাপাতি ’ আৰু 'ৰঙা পদুম'বিতৰণেৰে বিদ্ৰোহৰ বাণী প্ৰেৰণ কৰাটোৱেই ইয়াক প্ৰমাণ কৰে। আনহাতে ১৮৫৭ চনৰ বিদ্রোহক ‘ ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম’বুলিও আখ্যা দিয়া হৈছে । এই ব্যাখ্যা আগবঢ়োৱা সকলৰ মতে ই সম্পূর্ণ জাতীয় সংগ্রাম নহ'লেও এই বিদ্ৰোহৰ যােগেদি স্বাধীনতা প্রয়াসী ভাৰতীয়ই ইংৰাজৰ কবলৰ পৰা ভাৰতক মুক্ত কৰাৰ যি দৃঢ় প্রচেষ্টা চলাইছিল তাক অস্বীকাৰ কৰিব নােৱাৰি । এই বিদ্রোহত দেশৰ সমগ্ৰ জনসাধাৰণে অংশগ্রহণ নকৰিব পাৰে , কিন্তু ইয়াৰ সূদূৰপ্ৰসাৰী প্ৰভাৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমি তৈয়াৰ কৰিছিল । ইয়াৰােপৰি ১৮৫৭ ৰ বিদ্ৰোহৰ পিছত ভাৰতৰ প্রশাসন ব্যৱস্থাত ব্যাপক সাল - সলনি ঘটোৱা হৈছিল যিটো ইংৰাজে মন্তব্য কৰা তথাকথিত ‘ চিপাহী বিদ্রোহ’ৰ কাৰণে প্রয়ােজন নাছিল । আধুনিক ইতিহাসবিদসকলৰ এচামে পােনছাটেই এই মন্তব্য অগ্রাহ্য কৰে । তেওঁলােকৰ মতে ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ স্বাধীনতাৰ প্রথম যুদ্ধ বুলি কোনাে মতেই গ্রাহ্য কৰিব নােৱাৰি । ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ কিয়নাে , স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হােৱাই নাছিল । সেই বাবেই দক্ষিণ ভাৰতৰ লােকসকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল । তাৰােপৰি গােখা , শিখ , জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলাে এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল । যি কি নহওঁক , এই বিদ্রোহত প্রতীয়মান হােৱা হিন্দু - মুছলমানৰ একতাইও ইংৰাজ সাম্রাজ্যবাদৰ সন্মুখত বিৰাট প্রত্যাহ্বান হিচাপে থিয় দিছিল । মুঠতে ১৮৫৭ চনৰ বিদ্রোহে প্রমাণ কৰিছিল যে দীর্ঘকালৰ দমন , নির্যাতনে , নির্যাতিতক সংগঠিত কৰাৰ লগতে সাহসী আৰু ত্যাগীও কৰি তােলে ।


Class 8 Social Science 

Type: Dimi Bora