জনসংখ্যাঃ

জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবর্ষ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ। এখন দেশৰ উন্নয়নৰ মূল উপাদান হ’ল সেই দেশৰ জনসংখ্যা। দেশৰ অর্থনৈতিক, সামাজিক আদি সমস্যাবােৰাে জনসংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে। জনসংখ্যাৰ কথা বুজিবলৈ আমি আমাৰ ঘৰখনৰ কথাকে ক’ব পাৰে। সাধাৰণতে এটা নির্দিষ্ট পৰিয়ালত মানুহৰ সংখ্যাই সেই পৰিয়ালটোৰ জনসংখ্যা। একেদৰে পৰিয়ালৰ পৰা আৰম্ভ কৰি গাঁও, নগৰ, মহকুমা, জিলা, ৰাজ্য আদিৰে গণনা কৰি দেশখনৰ জনসংখ্যা উলিওৱা হয়। থােৰতে কোনাে এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা মানুহখিনিক সেই অঞ্চলটোৰ জনসংখ্যা হিচাপে বুজা যায়।

জনসংখ্য়া বৃদ্ধিঃ

জনসংখ্যা বৃদ্ধি ও কোনাে এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্রাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্রাস অথবা বৃদ্ধি হােৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বােলা হয়। সাধাৰণতে কোনাে এখন ঠাইৰ জনসংখ্যা বাঢ়ি যােৱাহে পৰিলক্ষিত হয়। কিন্তু কিছুমান প্রাকৃতিক কাৰণ, যেনে— প্রাকৃতিক দুর্যোগ, বিভিন্ন ৰােগ ব্যাধি, যুদ্ধ- বিগ্রহ, মহামাৰী, স্থায়ীভাৱে ঠাইখন এৰি যােৱা আদিৰ বাবে কোনাে এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনাে এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ যদি জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িব ধৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা হল ১,২১০,১৯৩,৪২২ জন। যােৱা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে। 

জনসংখ্যাৰ বিতৰণঃ

জনসংখ্যা বৃদ্ধিৰ লগতে আন এটি মন কৰিবলগীয়া দিশ হ'ল দনসংখ্যাৰ বিতৰণ। ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়। কোনো ঠাইত জনসংখ্যা বেছি আৰু আন কোনো ঠাইত জনসংখ্যা কম। সাধাৰণতে এখন ঠাইৰ জনবসতি বেছি বা কম হ'লে ঠাইখনত জনংখ্যা ক্ৰমে বেছি বা কম হয়। আকৌ, কোনো ঠাইত জনবসতি বেছি বা কম হ'লে সেই ঠাইত জনসংখ্যাৰ ঘনত্বও ক্ৰমে বেছি বা কম হয়। 

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি কিল'মিটাৰত ৩৮২ জন। সাধাৰণতে যিবোৰ অঞ্চলত প্ৰাকৃতিক পৰিৱেশৰ বসবাসৰ অনুকূল নহয়, যাতায়াত আৰু আৰ্থিক ব্যৱস্থা অনুন্নত সেই অঞ্চলবোৰত জনবসতি সেৰেঙা। ইয়াৰ উপৰি অসমান, ওস পাহাৰীয়া শিলাময় ঠাই, মালভূমি, উষ্ণ আৰু শীতল মৰুভূমি, গভীৰ অৰণ্য আদিত জনবসতি পাতল। উদাহৰণস্বৰূপে, অৰুণা প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল'মিটাৰত মাত্ৰ ১৭ জন। ইয়াৰ বিপৰীতে গংগা-ব্ৰহ্মপুত্ৰ উকত্যকা অঞ্চল, সাগৰৰ পাৰৰ সমতল ভূমি, ভাৰতবৰ্ষৰ শিল্পপ্ৰধান অঞ্চল আৰু নগৰীয়া অঞ্চলবোৰত জনবসতি ঘন। কৃষি উপযোগী সাৰুৱা সমতল ভূমি, যাতায়াতৰ সুচলতা, উদ্যোগ আৰু বসবাসৰ সুবিধা আদিৰ বাবে জনসংখ্যাৰ ঘনত্ব বেছি হোৱা দেখা যায়। জনসংখ্যা বৃদ্ধিৰ এনে কাৰণসমূহৰ বাবে ঠাইভেদে জনসংখ্যাৰ ঘনত্ব বেলেগ বেলেগ হয়। যেনে- কেৰেলাত ৮৫৯, অসমত ৩৯৭ জন আৰু পশ্চিমবংগত ১১২৯ জন।

তলৰ তালিকাখনত ভাৰতবৰ্ষৰ প্ৰধান মহানগৰ কেইখনমানৰ মুঠ জনসংখ্যা ( ২০০১ চনৰ লোকপিয়ল অনুসৰি) দেখুওৱা হৈছে一

মহানগৰৰ নাম

মুঠ জনসংখ্যা

মুম্বাই

১,৬৪,৩৪,৩৮৬

কলকাতা

১,৩২,০৫,৬৯৭

নতুন দিল্লী

১,২৮,৭৭,৪৭০

চেন্নাই

৬৫,৬০,২৪২

বাংগালুৰু

৫৭,০১,৪৪৬

অত্যধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। সনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমিযোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে। এনেদৰে বাঢ়ি অহা জনসংখ্যাক মানৱ সম্পদলৈ উত্তৰণ ঘটাব পাৰিলে অত্যধিক জনসংখ্যাকে বৃদ্ধিৰ বাবে হোৱা সমস্যাৰসমূহৰ বহুখিনি লাঘৱ হ'ব আৰু আমি উন্নয়নৰ দিশত আগুৱাব পাৰিম।


 Class 7 Social Science 

Type: Nayan Moni Deka