জীৱন আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ

    স্বাধীনতা অধিকাৰবোৰৰ ভিতৰত  প্ৰধান অধিকাৰ হৈছে জীৱন আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ। কোনো নাগৰিকেই তেওঁৰ বা তাইৰ জীৱন অস্বীকাৰ কৰিব নোৱাৰি কেৱল মাত্ৰ আইনত থকা প্ৰক্ৰিয়া বাহিৰে । একেদৰে কাকোৱেই তেওঁ বা তাইৰ ব্যক্তিগত স্বতন্ত্ৰতা অস্বীকাৰ কৰিব নোৱাৰি।  তাৰমানে কাকোৱেই বিনা কাৰণত গ্ৰেপ্তাৰ কৰিব নোৱাৰি । যদিহে গ্ৰেপ্তাৰ কৰা হয় সেই ব্যক্তিজনৰ নিজৰ পছন্দৰ আইজ্ঞৰ দ্বাৰা নিজক বচোৱাৰ অধিকাৰ আছে । আৰক্ষীৰ  কাৰণেও ওচৰত থকা দগুাধীশ জনৰ ওচললৈ সেই ব্যক্তিজন ২৪ ঘন্টা ভিতৰত লৈ যোৱাটো বাধ্যতামূলক । দগুাধীশ জন যিজন আৰক্ষীৰ অংশ নহয় তেওঁহে নিৰ্ণয় কৰিব সেই গ্ৰেপ্তাৰ ন্যায়সংগত হয়নে নহয়।

    এই অধিকাটো কেৱলমাত্ৰ এজন ব্যক্তিৰ জীৱন কাঢ়ি লৈ যোৱাৰ বিৰুদ্ধে জামিনেই নহয় কিন্তু ইয়াৰ বিস্তৃত প্ৰয়োগ । উচ্চতম ন্যায়ালয়ৰ বিভিন্ন বিচাৰ এই অধিকাটোত পৰিসৰ বৃদ্ধি কৰিছে । উচ্চতম ন্যায়ালয় নিৰ্দেশত কৈছে যে এই অধিকাটোত শোষণ বিহীণ মানৱীয় মূল্যবোধেৰে জীয়াই থকা অধিকাৰো অন্তৰ্ভূক্ত হৈছে । বিচাৰালয়ে আৰু কৈছে যে বাসস্থান আৰু জীৱিকা নিৰ্বাহৰ উপায়ো জীৱনৰ  অধিকাৰত  অন্তৰ্ভূক্ত হৈছে কাৰণ ৱকোনো ব্যক্তিয়েই জীয়াই থকাৰ মাধ্যম নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব নোৱাৰে । সেইটো হল জীৱিকা নিৰ্বাহৰ উপায়। 

Type Sumit Patar

Class 11 Political Science