অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্যঃ

    প্রতীকাত্মক তর্কবিজ্ঞানত জটিল বিবৃতি এটাক নির্দেশ কৰিবৰ বাবে দুই ধৰণৰ প্রতীক ব্যৱহাৰ কৰা হয়। সেইবােৰ হৈছে অবিকাৰী প্ৰতীক আৰু পৰিবৰ্ত্য। 

    যিবােৰ প্রতীকে যৌগিক বিবৃতিসমূহৰ আকাৰ প্রকাশ কৰি বচন-ৰীতি অনুযায়ী যেতিয়াই ব্যৱহৃত হ’ব, প্রত্যেকবাৰেই একেটা অর্থই প্রকাশ কৰে সেইবােৰকেই অবিকাৰী প্রতীক বুলি কোৱা হয়। 

    বচনাত্মক তর্কবিজ্ঞানত (প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা শাখা) তলত উল্লেখ কৰা প্রতীকসমূহ অবিকাৰী প্রতীক হিচাপে সূচীত কৰা হয়— 

(i) ~ (নঞর্থক চিহ্ন, 'এইটো মিছা যে’ বা নহয় বুলি কোৱা হয়)। 

(ii) . (সংযােজক চিহ্ন, ‘আৰু' বুলি কোৱা হয়)। 

(iii) v (বিকল্পাত্মক চিহ্ন, ‘বা’, ‘হয়/নাইবা' বুলি কোৱা হয়)। 

(iv) ⊃ (নিহিতার্থক চিহ্ন , যদি - তেনেহ'লে ’ বুলি কোৱা হয়)। 

(v) ≡ (সমার্থক চিহ্ন, যদি আৰু কেৱল যদিহে’ বুলি কোৱা হয়)। এই পাঁচটা অবিকাৰী প্ৰতীকৰ জৰিয়তেই বচনাত্মক তর্কবিজ্ঞানৰ গঠন প্রকাশ কৰা হয়।

    অবিকাৰী প্ৰতীক সম্বন্ধে তলত দিয়া কথাখিনি মন কৰিবলগীয়া।

(1) প্ৰত্যেক যৌগিক বচনেই তৰ্কীয় অবিকাৰী প্ৰতীকৰ সহায়ত সৰল বচনৰ দ্বাৰা সংগঠিত হয়। সৰল বচনবোৰ যৌগিক বচনবোৰৰ প্ৰাথমিক উপাদান আৰু তৰ্কীয় অবিকাৰীৰ দ্বাৰা সেইবোৰ সংগঠিত হয়।

(2) 'নহয়' (~) তৰ্কীয় অবিকাৰী প্ৰতীকটোৰ বাহিৰে আন চাৰিটা তৰ্কীয় অবিকাৰী প্ৰতীকক 'তৰ্কীয় সংযোজক' বুলিও কোৱা হয়। কাৰণ, সেই তৰ্কীয় অবিকাৰী প্ৰতীক-সমূহে সৰল বা আন ৱযৌগিক বচনবোৰক সংযোজক কৰি যৌগিক বচন গঠন কৰে। 

(3) প্ৰত্যেকটো তৰ্কীয় সংযোজকেই কেৱল দুটা বচনহে সংযোগ কৰে।

(4) 'নহয়' (~) বা 'এইটো মিছা যে' (নঞৰ্থক) অবিকাৰী প্ৰতী৪কটো অন্যান্য অবিকাৰী প্ৰতীকসমূহতকৈ বেলেগ যদিও এইটো এটা গুৰুত্বপূৰ্ণ অবিকাৰী প্ৰতীক, তথাপিও দুটা বচনক লই সংযোগ কৰিব নোৱাৰে। এইবাবে কিছুমান তৰ্কবিজ্ঞানীয়ে ইয়াক 'সংযোজক' বুলি গ্ৰহণ নকৰে। ই সৰল উক্তিক অস্বীকাৰ কৰি অন্যান্য তৰ্কীয় অবিকাৰী প্ৰতীকৰ দৰে ৱযৌগিক বচন গঠন কৰে। অৰ্থাৎ, ই এটা সৰল বচনৰ লগত সংযুক্ত হৈ যৌগিক বচন গঠন কৰিব পাৰে। এইবাবে ইয়াক আন কিছুমান তৰ্কবিজ্ঞানীয়ে সংযোজক বুলি গ্ৰহণ কৰে।

তলত দিয়া তালিকাৰ দ্বাৰা তৰ্কীয় অবিকাৰীবোৰৰ (logical constants) ক্ষেত্ৰত ব্যৱহৃত অনুৰূপ প্ৰতীক, প্ৰতীকৰ নাম আৰু অবিকাৰী প্ৰতীকৰ দ্বাৰা গঠিত যৌগিক বচনৰ নাম উল্লেখ কৰা হ'ল

তৰ্কীয় অবিকাৰী

যৌগিক বচনৰ নাম

ইংৰাজী পৰিভাষা (উচ্চাৰণ)       

প্ৰতীক

যদি-তেন্তে (if-then)



সম্বন্ধাত্মক বচন

বা নিহিতাৰ্থক বচন

বা তাৎপৰ্যমূলক বচন

Conditional

(implies),

(hook sing, horse shoe)

 

  ⊃

হয়, নাইবা (or)

বিকল্পাত্মক বচন

Disjunctive (join)

V

আৰু (and)

সংযোজক বচন

Conjunctive

যদি আৰু যদিহে

সমাৰ্থক বচন

Equivalence

(implies both ways)

=

নহয়

নঞাৰ্থক বচন

Negation

(tilde, curl)

~



Type Himanku Bora