শব্দ আৰু পদ

    অর্থযুক্ত বর্ণ বা বর্ণ সমষ্টিক শব্দ বােলে। অর্থযুক্ত কোনাে এটা বর্ণও শব্দ হ'ব পাৰে অথবা অর্থযুক্ত এটাতকৈ অধিক বৰ্ণৰ সমষ্টিও শব্দ হ’ব পাৰে। যেনে-সি, হৰি, মানুহ আদি। ইয়াৰ প্রত্যেকটো ক্ষেত্ৰতেই এটা নাইবা এটাতকৈ অধিক বর্ণ লগ লাগি একো একোটা অর্থ প্রকাশ কৰিছে। মুঠতে কোনাে এটা বর্ণ বা এটাতকৈ অধিক বর্ণ লগলাগি কোনাে এটা সম্পূর্ণ অর্থ প্রকাশ কৰে তেতিয়া তাক শব্দ বােলে।

    আনহাতে, যেতিয়া কোনাে শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হয়, তেতিয়া তাক পদ বােলে। পদ এটা শব্দৰ দ্বাৰাও গঠিত হ'ব পাৰে নাইবা এটাতকৈ অধিক শব্দৰ দ্বাৰাও গঠিত হ'ব পাৰে। মুঠতে পদ হ’বলৈ হ'লে প্রথমতে, শব্দ বা শব্দ সমষ্টি হ'ব লাগিব আৰু দ্বিতীয়তে, সেই শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হ'ব লাগিব। যেনে— হৰি হয় এজন জ্ঞানী ল’ৰা ইয়াত ‘হৰি’ শব্দটো হ’ল উদ্দেশ্য আৰু এজন জ্ঞানী ল’ৰা এই শব্দ সমষ্টি হ’ল বিধেয়। 

    ওপৰৰ আলােচনাৰ পৰা বুজিব পাৰি যে সকলাে পদ এটা বা এটাতকৈ অধিক শব্দৰে গঠিত হয়। অর্থাৎ সকলাে পদেই শব্দ বা শব্দ সমষ্টি। কিন্তু, যিকোনাে শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত নহয়। যিবােৰ শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হ’ব পাৰে, কিন্তু হােৱা নাই আৰু যিবােৰ শব্দ বা শব্দ সমষ্টি কেতিয়াও বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হ'ব নােৱাৰে সেইবােৰ শব্দ বা শব্দ সমষ্টি কেতিয়াও পদ বুলি পৰিগণিত নহয়। 

    গতিকে দেখা যায় সকলাে পদেই শব্দ বা শব্দসমষ্টি, কিন্তু সকলাে শব্দ বা শব্দ সমষ্টি পদ নহয়। 


পদৰ বাচ্যার্থ আৰু লক্ষণার্থ

    কোনাে এটা পদে যি বিষয়ক নির্দেশ কৰে সেই বিষয়টোৱেই পদটোৰ অৰ্থ। পদৰ অৰ্থ দুই প্রকাৰৰ হ’ব পাৰে- পৰিমাণগত আৰু গুণগত। 

    পদৰ পৰিমাণগত অর্থ অর্থাৎ যি বস্তু বা বস্তু সমষ্টিক কোনাে পদে নির্দেশ কৰে সেয়ে হ’ল। পদটোৰ বাচ্যার্থ আৰু পদৰ গুণগত অর্থ অর্থাৎ এই বস্তু বা বস্তু সমষ্টিৰ সকলােতে নিহিত থকা গুণ বা গুণাৱলীয়েই পদটোৰ লক্ষণার্থ। পদৰ বাচ্যার্থই বস্তুক নির্দেশ কৰে আৰু লক্ষণার্থই গুণক নির্দেশ কৰে। 

    বাচ্যার্থঃ কোনাে এটা পদক একে অর্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰােপ কৰিব পাৰি, সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বােলে। উদাহৰণস্বৰূপে মানুহ পদৰ বাচ্যার্থ সকলাে মানুহ’ কাৰণ মানুহ’ পদটো সকলাে মানুহৰ ক্ষেত্ৰতেই প্রয়ােগ কৰিব পাৰি। 

    লক্ষণার্থঃ কোনাে এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নির্দেশ কৰে, সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণার্থ বােলে। উদাহৰণস্বৰূপে ‘মানুহ’ পদৰ লক্ষণার্থ। হ’ল ‘প্রাণীবৃত্তি’ আৰু বুদ্ধিবৃত্তি’। কাৰণ এই দুটা মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। মানুহ’ পদে এই শব্দটোৱে বুজোৱা সকলাে মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তিক’ নির্দেশ কৰে। 

    গতিকে দেখা যায় যে কোনাে এটা পদৰ বাচ্যার্থই বস্তু বা বস্তুসমূহক নির্দেশ কৰে আৰু লক্ষণার্থই সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণক বা ঘুণৱলীক নিৰ্দেশ দিয়ে।

Type Himanku Bora