7.5.9  প্ৰট'কৰডেটা (Protochordata)

  প্ৰট'কৰডেটা গোষ্ঠীৰ প্ৰাণীসমূহৰ দেহ দ্বিসমমিত, ত্ৰি-স্তৰীত আৰু দেহগুহাযুক্ত। ইয়াৰ উপৰিও  এই প্ৰাণীসমূহৰ দেহত আগতে আলোচনা কৰি অহা প্ৰাণীসমূহতকৈ কিছুমান বিশেষ বৈশিষ্ট্য় দেখা যায়। ইয়াৰ ভিতৰত প্ৰাণীসমূহৰ জীৱনৰ কোনো অৱস্থাত পৃষ্ঠৰজ্জু থাকে। পৃষ্ঠৰজ্জুডাল দীঘল, মাৰি সদৃশ আৰু ই দেহৰ পশ্চাৎ অংশলৈকে বিস্তৃত হৈ থাকে। ই অন্ত্ৰৰ পৰা স্নায়ুকলাক পৃথক কৰি ৰাখে। দেহৰ এই অংশত পেশীবিলাক সংলগ্নিত হৈ চলাচলত সহায় কৰে।

    জীৱনৰ সকলো অৱস্থাত প্ৰট'কৰডেট প্ৰাণীসমূহৰ গোটেই দেহত পূৰ্ণাংগ পৃষ্ঠৰজ্জু নাথাকে। প্ৰট'কৰডেটসমূহ সামুদ্ৰিক প্ৰাণী। উদাহৰণ ঃ  বেলান'গ্ল'ছাছ, হাৰ্ডমেনিয়া এম্মিঅক্সিছ ইত্য়াদি। চিত্ৰ 7.20 চোৱা।

প্ৰট'কৰ্ডেটা-  বেলান'গ্লছাছ

চিত্ৰ- 7.20 : প্ৰট'কৰ্ডেটা-  বেলান'গ্লছাছ



Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria