জীৱৰ বিচিত্ৰতা

Diversity in living organisms

    আমাৰ চাৰিওপাশে বিস্তৃত হৈ থকা বিভিন্ন জীৱবিলাকৰ বিষয়ে কেতিয়াবা ভাবি চাইছানে? প্ৰত্য়েকটো জীৱই ইটোৰ লগত সিটোৰ কম বেছি পৰিমাণে পাৰ্থক্য় আছেই। উদাহৰণহিচাপে তুমি নিজকে তোমাৰ বন্ধু এজনৰ লগত তুলনামূলকভাবে বিবেচনা কৰি চোৱাচোন।

    তোমালোকৰ দুয়োজনৰে উচ্চতা সমাননে?

   তোমাৰ নাকটো বন্ধুজনৰ নাকটোৰ লগত দেখিবলৈ হুবহু একেইনে?

    তোমাৰ হাতৰ তলুৱাখন তোমাৰ বন্ধুৰ হাতৰ তলুৱাৰ লগত সমাননে?

    সি যি কি নহওঁক যদি আমি নিজকে আৰু বন্ধুজনক এটা বান্দৰৰ লগত তুলনা কৰো তেতিয়া কি পাম? এইটো স্পষ্ট যে, আমাৰ লগতে বন্ধুবৰ্গ আৰু বান্দৰৰ লগত কিছুমান উমৈহতীয়া সাদৃশ্য় আছে। কিন্তু আমি যদি এতিয়া এই তুলনামুলক বিবেচনাত গাই গৰু অন্তৰ্ভুক্ত কৰো তেতিয়া কি পাম? আমি নিশ্চয়কৈ ভাবি পালো যে গাই গৰু জনীতকৈ বান্দৰটোৰ লগত আমাৰ কিছুমান নিকটাত্মীয় সাদৃশ্য় আছে।

    কাৰ্যকলাপ.........................................7.1

    আমি থলুৱা (দেশী) আৰু জাৰ্চি গাই গৰুৰ বিষয়ে নিশ্চয় শুনিছো।

•    থলুৱা (দেশী) গাই জনীৰ লগত জাৰ্চি গাই গৰু জনী দেখাত একেইনে?

•    এজাক থলুৱা (দেশী) গাই গৰুৰ মাজত থকা জাৰ্চি গাই জনীক আমি চিনাক্ত কৰি উলিয়াব পাৰিমনে?

•    কি ভিত্তিক আমি চিনাক্তকৰণ কৰিব পাৰিলো?

    এই ক্ৰিয়া কলাপৰ যোগেদি আমি এটা সিদ্ধান্ত ল'ব পাৰো যে এনে বিভাজনত কোনোবা এটা বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰক অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব পাৰি। সেইদৰে এইটোও ঠাৱৰ কৰি ল'ব পাৰিলো যে এনে বিবেচনাত কোনোবাটো বৈশিষ্ট্য় উলিয়াই কৰিবওঁ পাৰি।

    এতিয়া, পৃথিৱীত বৰ্ত্তি থকা বিভিন্ন ধৰণৰ জীৱবিলাকৰ গঠনৰ কথা চিন্তা কৰা। এফালে বেক্টেৰিয়াৰ দৰে অনুবীক্ষণিক জীৱ যাৰ আকাৰ মাত্ৰ মাইক্ৰ মিলিমিটাৰ আনফালে নীল তিমি আৰু কালিফৰ্নিয়াত পোৱা ৰেড উড ট্ৰি যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 100মিটাৰ। কিছুমান সৰল গছ বা বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান পতংগ যেনে ম'হজাতীয় জীৱ মাত্ৰ কেইদিন মানতে মৃত্য়ু ঘটে। সেইদৰে জীৱবিলাক বৰণহীণ বা কেতিয়াবা একেবাৰেস্বচ্চৰ পৰা আৰম্ভ কৰি বাৰে বৰণীয়া বিভিন্ন চৰাই চিৰিকতি আৰু ফুলবিলাকলৈ কিমান যে জীৱ আছে, সেইবিলাক মন কৰিবা। 

    আমাৰ চাৰিওপাশে বৰ্তি থকা এনে বিচিত্ৰতাময় জীৱবিলাক পৃথিৱীত বহু নিযুত বছৰৰ আগতে উৎপত্তি হৈছিল। সি যি কি নহওঁক, অতি কম সময়ৰ ভিতৰতে এই আটাইখিনি জীৱৰ বিষয়ে জানি লোৱাটো সম্ভৱ নহয়। সেইদৰে এই জীৱবিলাকৰ বিষয়ে এটী এটা অধ্য়য়ন কৰি জানি বুজিও ল'ব নোৱাৰো। ইয়াৰ পৰিবৰ্তে জীৱবিলাকৰ মাজত সাদৃশ্য়তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্ৰেণী উপ শ্ৰেণী আদি আদি ভাগত বিভক্ত কৰি অধ্য়য়নৰ বাবে সুবিধা কৰি ল'ব পাৰো।

    এইদৰে অধ্য়য়নৰ বাবে সুবিধা কৰি কৰি ল'বলৈ হ'লে আমি বিভিন্ন জীৱবিলাকৰ গঠনৰ বিষয়ে জানি বুজি আৰু সিহঁতৰ মাজত কোনবিলাক বৈশিষ্টগত মৌলিক পাৰ্থক্য় আছে সেইবিলাক বিচাৰি উলিওৱা প্ৰয়োজন। ইয়াৰদ্বাৰাই জীৱবিলাকক আমি পোন প্ৰথমে বহল ভিত্তিত প্ৰধান ভাগত বিভক্ত কৰি ল'ব পাৰো। এনে প্ৰতিটো ভাগৰ ভিতৰত পুনৰ অন্য় কিছুমান বৈশিষ্ট্য়গত চৰিত্ৰৰ মৌলিক পাৰ্থক্য় বিচাৰি উলিয়াই সেইবিলাকক আকৌ উপ বিভাগত বিভক্ত কৰি অন্তৰ্ভুক্ত কৰি ল'ব পাৰোঁ।

প্ৰশ্নাৱলী

1. আমি জীৱবিলাকৰ কিয় শ্ৰেণীবিভাজন কৰোঁ? 

2.  তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য়বিলাকৰ তিনিটা উদাহৰণ দিয়া।



Class 9 G.Science Assam SCERT Book

Type:- Bidyut Thakuria.