ভূগোল অধ্যয়নৰ আহিলাঃ মানচিএ

ভূগোল অধ্যয়নৰ আহিলাসমূহ

         ভূগোল বিষয়টো অধ্যয়ন কৰিবলৈ কিছুমান আহিলাৰ প্ৰয়োজন । এই আহিলাবোৰৰ সহায়ত ভূগোল বিষয়টো সহজতে আৰু প্ৰণালীৱদ্ধভাৱে অধ্যয়ন কৰিব পাৰি । বত্ৰমান সময়ত ভীগোল অধ্য়য়নৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা ব্যৱহাৰ কৰা হয় । এইবোৰৰ ভিতৰত গোলক, মানচিএ, ভূচিএাৱলী , আৰ্হিচিএ , কম্পাছ , নক্সা , লেখ , মডেল আদি ভূগোল অদ্যয়নত বেছিকৈ ব্যৱহাৰ হয় । এই পাঠত আমি ঘাইকৈ মানচিএ , আৰ্হিচিএ , কম্পাছ আৰু মক্সাৰ বিষয়ে আলোচনা কৰিম । 

        মানচিএঃ

          আগৰ পাঠত তোমালোকে ভূগোল অধ্যয়নত গোলকৰ ব্যৱহাৰৰ কথা শিকিছা । এই গোলকৰ ব্যৱহাৰৰ ক্ষেএত কিছপমান সীমাৱদ্ধতা আছে । গোটেই পৃথিৱীখনৰ বিষয়ে এওকেলগে অধ্যয়ন কৰাৰ ক্ষেএতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি । আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বি,য়ে অৰ্থাৎ কোনো দেশ , ৰাজ্য , জিলা , চহৰ বা গাঁও আহিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ, তেতিয়া আমি গোলকৰ সলনি মানচিএৰ সহায় লবলগীয়া হয় । গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এইা অংশ সৰু আকাৰলৈ পৰিবৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুিপাত ঠিক ৰাখি অংকন কৰা চিএই হয় - মানচিএ । 

     যেনেদৰে কেইবাটাও পাঠ লগ লগাই একোটা বিষয়ৰ একোখন পাঠ্যপুথি প্ৰস্তুত কৰা হয়, তেনেদৰে কেইটামান নিৰ্দিষ্ট উদ্দেশ্যেৰে প্ৰস্তুত কৰা মানচিএ কিছুমান লগ লগাই এখন ভূচিএাৱলী প্ৰস্তুত কৰা হয়। ভূচিএাৱলী গোটেই ভূ-পৃষ্ঠ বা তাৰ একো একোটা অমশত বিভিন্ন তথ্য পোৱা যায় বাবে ইয়াক ভূগোল অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ আহিলা বুলি ধৰা হয় ।

     মানচিএত কোনো এক ধৰণৰ তথ্য বা বহুধৰনৰ তধ্যৰ বিতৰণ একেলেগে দেখুৱাব পাৰি । মানচিএ বিভিন্ন প্ৰকাৰৰ আছে, যেনে - প্ৰাকৃতিক মানচিএ , ৰাজনৈতিক মানচিএ , বতৰ মহনচিএ , জনসংখ্যা মানচিএ , যাতায়াত আৰু পৰিৱহণ মানচিএ , কৃষি নানচিএ , উদ্যোগ মানচিএ ইত্যাদি । প্ৰাকৃতিক মানচিএৰ নদী , পৰ্বত , উদ্ভিদ আদি ভৌগোলিক তথ্যবোৰ দেখুওৱা হয় । ৰাজনৈতিক মানচিএত দেশ-মহাদেশ, ৰাজ্য , জিলা আদিৰ অৱস্থান, চাৰিসীমা, ৰাজধানী, নগৰ, চহৰ আদি দেখুৱা হয় । তেনেদৰে জনসংমখ্যা মানচিএত জনসংখ্যাৰ বিতৰন ঘনত্ব আদি দেখুএৱা হয় । অংকন পদ্ধতি , বিষয়বস্তু, উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি মানচিএ সাধাৰনতে মগনচিএ আৰু বি,য় ভিওিক মানচিএ হিচাপে ভগাব পৰি । ইতিমধ্যে উল্লেখ কৰা প্ৰাকৃতিক আৰুৰাজনৈতিক মানচিএবোৰক  বিষয় ভিওিক মানচিএ বোলে । ইয়াৰ উপৰি মাপনী বা স্কেলৰ ওপৰত ভিওি কৰি মানচিএক দুই ভাগত ভগাব পাৰি । সৰু মগপনীৰ মানচিএও ( small scale map ) আৰু ডাঙৰ মাপনীৰ মানচিএ ( large scale map ) । 


 

 
     মানচিএন এখন প্পস্তুত কৰা অধ্যয়ন কৰাৰ সময়ত কেইটামান উপাদানৰ প্ৰয়োজন হয় । সেই উপাদানকেইটা হল- দূৰত্ব , দিশ আৰু সাংকেতিক চিহ্ন ।

দূৰত্বঃ

        দুখন ঠাইৰ মাজৰ প্ৰাকৃত দূৰত্বক মানচিএ সেই একে পৰিমাণৰ জোখতে দেখুৱাবলৈ হলে প্ৰকৃত ঠাইখনৰ সমানেই মানচিএখন হব লাগিব । কিন্তু মানচিএ সিমান ডাঙৰ কৰা সম্ভৱ নহয় । সেয়েহে মানচিএখলৰ আকাৰ সুবিধাজনকভাৱে সৰু কৰি লোৱা হয় । তেতিয়া ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিএত এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় । ভূ-পৃষ্ঠৰ ওপৰৰ দূৰত্বৰ মানচিএত এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখওৱা হয়  তাকেই স্কেল বা মাপনী বেলে । কথাটো ভালদৰে বুজিবলৈ এটি উদাহৰণ লোৱা- ধৰকি লোৱা তোমাৰ ঘৰ আৰু জিলা সদৰৰ মাজৰ দূৰত্ব ২০ কিঃ মিঃ । এতিয়া তুমি যদি ধৰাপৃষ্ঠৰ এই ২০ কিঃ মিঃ দূৰত্বক মানচিএত ২ চেঃ মিঃ ত দেখুওৱা ইয়াৰ অৰ্খ হব মানচিএ ৰ ১ চেঃ মিঃ দূৰত্বই ধৰাপৃষ্ঠত ১০ কিঃ মিঃ দূৰত্বক বুজাইছে । গতিকে তোমাৰ মানচিএখনৰ মাপনী হব ১ চেঃ মিঃ = ১০ কিঃ মিঃ । তোমালোকে যদি এখন মানচিএৰ মাপনী জানা, তেতিয়া সেই মানচিএত থকা দুখন ঠাইৰ মাজৰ দূৰত্ব উলিয়াব পৰিবা । 

         যেতিয়া দেশ বা মহাদেশৰ দৰে ডাঙৰ অঞ্চল একোটা এখন কাগজত দেখুৱাবলগীয়া হয় , তেতিয়া আমি সৰু মাপনীৰ সহায় লওঁ । উদাহৰণস্বৰূপে মানচিএ ৰ চেেঃ মিঃ দূৰত্বই দৰাপৃষ্ঠৰ ১০০ কিঃ মিঃ বুজাব । এনেবোৰ মানচিএক অমি সৰু মাপনীৰ মানচিএ বুলি কওঁ । তেনেদৰে যেতিয়া আমাৰ গাঁওখন বা চহৰখন কাগজত দেখুৱাব লাগে , তেতিয়া ডাঙৰ মাপনী অৰ্থাৎ ১ চেঃ মিঃৰে ১০০ মিটাৰ বুজোবা মাপনী ব্যৱহাৰ কৰিব লাগিব । এনে মানচিএক ডাঙৰ পাপনীৰ মানচিএ বুলিকোৱা হয় । সৰু মাপনীৰ (small scale ) মানচিএতকৈ ডাঙৰ মানীৰ (large scale ) মানচিএ আমাক অধিক তথ্য জনাব পাৰি, (চিএ- ১) ।

দিশ ঃ

      বেছিভাগ মানচিএতে সোঁফালে ওপৰত লম্বভাৱে অঁকা এডাল কাঁড় চিনেৰে উঃ বা N আখৰটো লিখা থকে । কাঁড় চিনেৰে দেখুওৱা এি উঃ আখৰটোৱে উওৰ দিশ বুজায় । তোমালোকে যেতিয়াা মানচিএ এখনৰ উওৰ দিশটো জানিব পাৰিবা, তেতিয়া দক্ষিণ, পূব আৰু পশ্চিম - এইকেইটা দিশ সহজে চিনি উলিয়াব পাৰিবা । তোমালোকে জানা যে প্ৰধান দিশ চাৰিটা হল - উওৰ, দক্ষিণ, পূব আৰু পশ্চিম । ইয়াৰ মাজৰ দিশবোৰ হল - উওৰ-পূব, দক্ষিণ-পূব, পাৰোঁ । দিশ নিৰ্ণয় যন্ত বা কম্পাছৰ সহায়ত আমি কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰো । কম্পাছৰ চুম্বকীয় কাঁটা সদায় উওৰ-দক্ষিণ মূৱা হৈ থকে, (চিএ-২ (ক) আৰু (চিএ-২ (খ) । 



সাংকেতিক চিহ্নঃ

মানচিএ এথনৰ বাবে প্য়োজনীয় তৃতীয় বিধ উপাদান হল সাংকেতিক চিহ্ন । মানচিএ কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুথিৰী, কুঁৱা, থেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় । এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । মানচিএত বাযৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে । পৃথিৱীৰ যিকোনো ঠাইৰ মানচিএৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ । কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেএত অনুবিধা হলে সেই ঠাইৰ মানচিএখন উলিয়াই লৈ এই চিহ্নবোৰ মহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি । উদাহৰণস্বৰূপে দিল্লী মহানগৰাৰ মানচিএ এখন অধযয়ন কৰি তুমি দিল্লীৰ বিভিন্ন ৰাস্তা-ঘাত, অনুষ্ঠান-পতিষ্ঠান তথ্য ভ্ৰমণ কৰিলগীয়া স্থানসমূহৰ অৱস্থান সহজেতে জানি লৈ ভ্ৰমণ কৰিব পাৰা । মানচিএত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক স্বীকৃ বা প্ৰচলিত চিহ্ন (conventional symdols ) বোলা হয় । তলত এনে প্ৰচলিত চিহ্নৰ এখন তালিকা দিয়া হল , (চিএ-৩) । 


                                          

      বিভিন্ন চিহ্নৰ নিচিনাকৈ তথ্য উপস্থাপনৰ বাবে মানচিএ ত বিভিন্ন ৰঙৰো ব্যৱহাক কৰা হয় । উদাহৰণ স্বৰূপে পানী দেখুৱাবলৈ মানচিএ ত নীলা ৰং, পাহাৰ-পৰকিবত দেখুৱাবলৈ ডাঠ মুগা ৰং আৰু মানভূমি দেখুৱাবলৈ হালধীয়া ৰং আৰু নিম্ন সমভুমি দেখুৱাবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয় ।

ক্ৰিয়া-কলাপ

তলত দিয়া উপাদানসমূহৰ প্ৰচলিত সাংকেতিক চিহ্নবোৰ অংকন কৰা –

(ক) ডাকঘৰ   (খ) নদী     (গ) ৰেল ষ্টেচন     (ঘ) মন্দিৰ      (ঙ) কেঁচা পথ  

 আৰ্হি চিে অংকনঃ

মাপনীৰ সহায় নোলোৱাকৈ কেৱল পৰ্য়ৱেক্ষণ কৰি বা মনৰ ধাৰণা বা স্মৃতিৰ ওপৰত ভিওি কৰি অংকন কৰা চিএ হল আৰ্হি চিএ বা স্কেচ । কেতিয়াবা কোনো এখল ঠাইৰ অৱস্থাল দেখুৱাবলৈ এটি অঞ্চলৰ আনুমানিক চিএ আঁকিবলগীয়া হয় । ধৰা হল তুমি তোমাৰ বদ্ধু এজনৰ ঘৰলৈ যাবা । কিন্তু তালৈ যোৱা বাটটো চিনি লোপোৱা । তোমাক বদ্ধুজনে তেওঁৰ ঘৰলৈ যোৱা বাটটো দেখুৱাবলৈ সেই ঠাইখনৰ এটি আনুমানিক চিএ আঁকি তোমাক বুজাই দিলে । তেনেকুৱা মাপনীৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিএকে আৰ্হি চিএ বোলা হয় । অৰ্থাৎ  কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ থূলমূল অৱস্থান দে্খুৱাই প্ৰস্তুত কৰা চিএই আৰ্হিচিএ , (চিএ-৪) ।

        ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিএই হল নক্সা বা প্লেন । ডাঙৰ মাপনীৰ মানতিএৰ পৰা আমি বহুতো তথ্য জানিব পাৰোঁ । কিন্তু কেতিয়াবা এনে কিছুমান তথ্যৰ প্ৰয়োজন হয় যাক মানচিএত দেখুৱাব নোৱাৰি । উদাহৰণ স্বৰূপে যদি আমি এটি কোঠালিৰ দাঘ, প্ৰস্থ জানিব বিচাৰোঁ সেইটো আমি মানচিএত দেখুৱাব নোৱাৰেোঁ । তেতিয়া উপযুক্ত মাপনীৰ সহায় লৈ আমি কোঠালিটোৰ এখন নক্সা অংকন কৰিব পাৰোঁ ।


মনত ৰাখিবলগীয়া কথাঃ


 * কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনী অনুসৰি পৃথিৱীপ উপৰিভাগ বা তাৰ কোনো অংশ অংকণ কৰা চিএই হল মানচিএ ।

* মানচিএ বিভিন্ন প্ৰকাৰৰ আছে , যেনে- প্ৰাকৃতিক মানচিএ, ৰাজনৈতিক মানচিএ , বতৰ মানচিএ , জনসংখ্যা মানচিএ , যাতায়াত আৰু পৰিৱহণ মানচিএ , কৃষি মানচিএ , উদ্যোগ মানচিএ ইত্যাদি ।